এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অৰজা।
সি অগ্নিত পুৰি তয়ো সবান্ধৱে স’তে
ধ্বংশ পাবি, দুৰাচাৰ দণ্ডক অধম!
যতদূৰ ৰাজ্য তোৰ,-তোৰ অধিকাৰ,—
অগণিয়ে ততদূৰ কৰিব দহন॥”
তাৰ পাছে শুক্ৰে, দেবি! বুলিলে তোমাক,—
“কি হ’ব কান্দিলে আৰু? এয়ে কৰ্ম্ম ফল!
দুধে সুখে ইবনত থাকি সাত দিন,
তাৰ পাছে যাবা স্বৰ্গে তিয়াগি ভূতল॥”
পিতৃ আজ্ঞা মতে, পাছে, থাকি সিবনত
সাত দিন, তাৰ পাছে উন্মাদিনী হই,
কি ভাব মনত ভাবি, সৰযু গৰ্ভত
আপোনাৰ দেহা, দেবি! দিলা উটুৱাই॥
আধাফুলা ঢোপাকলি, শুকালা অকালে
ফুলনী পোহৰ কৰি নাপালা ফুলিব’।
অকুমাৰী কন্যা তুমি, নিচিনিলা প্ৰেম
সংসাৰ-লীলাৰ চিত্ৰ নাপালা দেখিব’!!

৬১