পৃষ্ঠা:আভাস কাব্য.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

আভাস কাব্য

কামমদে মাতি ৰজা ধৰিলে তোমাক
সতী-ৰতন তযু কৰিব হৰণ॥
বীনয় বচনে তুমি বুলিলা, সুন্দৰি!
“নকৰাঁ। গহিত কৰ্ম্ম কৰি বলৎকাৰ;
শুক্ৰৰ জীয়াৰী মই, কন্যা অকুমাৰী,
শুনিলে শাপিব পিতা নাপাবা নিস্তাৰ॥
কিন্তু যদি, মহাৰাজ! আছে ইচ্ছা মোত
ক্ষন্তেক অপেক্ষা কৰা, শুধিবা গুৰুক,—
মহানন্দে দিব সপি তোমাৰ হাতত
অৰজাক,—পাছে, ৰজা! কৰিবা সম্ভোগ॥”
কামমদে মত্ত ৰজা নুশুনিলে মানা
বলেৰে কৰিলে তযু সতীত্ব হৰণ;
এনেয়ে অবলা তুমি, তাতে অসহায়,
কি কৰিবা? মাথোঁ, হায়! কৰিলা ক্ৰন্দন॥
সন্ধ্যা কৰি, আাহি গুৰু সৰযু তীৰত,
তোমাৰ দুৰ্দ্দশা যত ধ্যান বলে জানি,
কোৰোধত অন্ধ হই শাপিলে দণ্ডক,—
“সপ্ত দিনে ৰাজ্য তোৰ নাশিব অগণি। *


* এই শাপতেই দণ্ডক ৰজাৰ গোটাই ৰাজ্য সাদিনৰ দিনা, অগ্নিয়ে পুৰি ধ্বংশ কৰে। ৰজা নিজেও প্ৰজাদিয়ে সৈতে সেই জুইতে ধ্বংস পায়। আজি কালি সেই ঠাইকে “দণ্ডকাৰণ্য” বোলে।

৬০