আভাস কাব্য/তিলোত্তমা
পাৰা তুমি অম্ৰাবতী, পাবা তুমি শচী
অনায়াসে পাব নাশ দুৰ্জ্জয় দানৱ॥”
ব্ৰহ্মাৰ বচন শুনি, ইন্দ্ৰে তেতিক্ষণে
বিশ্বকৰ্ম্মা অনোৱাই গঢ়ালে তোমাক,
তিল তিল পৰিমানে দেৱ তেজ লই
কিবা মনোহৰ মূৰ্ত্তি! কি সুন্দৰ নাক॥
কিবা হাত, কিবা চকু, মুনি মনোহৰ—
কিবা ৰূপ, ৰূপ-প্ৰভা, পোহৰে জগত!
এনে সময়তে এটী আকাশৰ পৰা
পৰিলে আকাশী বাণী তোমাৰ কানত॥
“সাধিব দেৱৰ কাৰ্য্য যোৱাঁ তুমি আজি
(দেৱৰ কাৰ্য্যতে, দেবি! জনম তোমাৰ)
নন্দন বনত, সেই অমৰাৱতীৰ
সুন্দ উপসুন্দে য’ত কৰিছে বিহাৰ॥
লগে লগে যাব, দেবি! সহায় লগত
আাকাশত ৰ’ব, স’তে বসন্ত সখাৰ
ৰতি কাম দুয়োজন, থাকিব মলয়া
ৰিৱ ৰিৱ কৰি বলি কাষত তোমাৰ॥”
গ’লা তুমি ধীৰে ২ গজেন্দ্ৰ গামিনী
নন্দন বনত, সেই অমৰাৱতীৰ
দুগুনে উজ্জ্বলে বন তোমাৰ ৰূপত
অপূৰ্ব পোহৰ পৰি দেৱ-জেউতীৰ॥
বিধিৰ বিচিত্ৰ লীলা—“সুন্দ উপসুন্দে
দেখিলে তোমাক, দেবি! পৰিলে মোহত
মোহিনী ৰূপৰ তযু;—ধৰিবৰ মনে
দুয়ো ভাই গ’লা ল’ৰি তোমাৰ কাষত॥
একে লগে দুয়ো ভায়ে, কামমদে মাতি
ধৰিলে তোমাক, দেবি! হই। বিস্মৰণ,
সুন্দে বোলে “পত্নী মোৰ”-উপসুন্দে কয়,
“ভ্ৰাতৃবধু তোৰ, কিয় কৰ পৰশন?”
তোমাৰ মোহত পৰি, আজ্ঞা বিধতাৰ
পাহৰিলে দুয়ো ভায়ে;—ভাতৃ বিচ্ছেদত,
তোমাৰ কাৰণে দেবি! তিয়াগিলে প্ৰাণ
পৰস্পৰে কৰি যুদ্ধ নন্দন বনত।
ধন্য ধন্য তুমি, দেবি! ধন্য বাদোঁ আমি,
দিক পাল সবে যাৰ ঘোৰ সমৰত
পৰাভূত মানি দিলে অম্ৰাৱতী এৰি,
সংহাৰিলা তুমি তাক এক মুহূৰ্ত্তত॥
দেৱকাৰ্য্য হেতু জন্ম আছিলে তোমাৰ,
দেৱতাৰ কাৰ্য্য তুমি কৰিলা সাধন
শেহত বিচাৰি ল’লা সূৰ্য্যলোকে ঠাই
আাদিত্য দেৱক কৰি স্বোৱামী বৰণ॥