ৰঙ্গিলী/তৃতীয় অধ্যায়

ৱিকিউৎসৰ পৰা

[ ১০ ] [ ১১ ]  ছোৱালীজনীৰ নাম যেনেকুৱা পদুমী, ৰূপতো তাই সাইলাখ এপাহি পদুমৰ দৰেই। বৰণটো ঘাই হালধিৰ গাঠিৰ দৰে। হাত ভৰিবিলাক গঢ়িত, চুলিকোছা ককাললৈকে বৈ পৰা, চকু দুটি উজ্জ্বল; চকুৰ চেলাউৰি যেন লেখনিৰহে অঁকা। ওঠ দুটি ৰঙা। মুখখন আহোমগঢ়ি; কিন্তু নাকটো হলে বামুণীয়া নাকৰ দৰে দীঘল বৈ পৰা। মোটৰ ওপৰতে তেওঁ এজনী ধুনীয়া নিৰোগী তেজী বিধৰ ছোৱালী আছিল।

 স্বভাৱত তেওঁ গহীন। যতে-ততে, যাৰে তাৰে সৈতে সৰহ কথা পাতি চেলচেলাই ফুৰা বিধৰ নাছিল। সেই বুলি লগ সমনীয়াৰে সৈতে যে আমোদ-প্ৰমোদ নকৰিছিল তেনে নহয়। তেওঁ নিজৰ ৰূপত বা সৌন্দৰ্য্যত কিজানি এফেৰা গৰ্ব্ব থাকিলেও (প্ৰায় সুন্দৰী তিৰোতাবিলাকৰ হেনো নিজৰ ৰূপত এফেৰা গৰ্ব্ব থাকেই ) তেওঁ যে ধনী-মানী ঘৰৰ ছোৱালী এই ভাবেৰে হলে তেওঁৰ এফেৰাকে গৰ্ব নাছিল।

 জীয়েকৰ ষোল বছৰ বয়স। যোৱনত ভৰি দিবৰ আজি বছৰেক হৈ গল, তথাপি তেওঁৰ বাপেক তোলন কাকতীয়ে আৰু মাক হৰিপ্ৰিয়াই তেওঁক বিয়া দি এঘৰলৈ উলিয়াই দিয়া বিষয়ে উমঘামকে কৰা নাছিল। অসমত দুয়োঠাল, ব্ৰাহ্মণত বাজে আনবিলাক জাতিৰ মানুহৰ ছোৱালী কুমাৰী কালতে বিয়া দস্তুৰ আজিলৈকে ভাল কৈ চলা নাই। এশ বছৰৰ আগেয়ে অসমীয়া মানুহ যেতিয়া স্বাধীন আছিল, তেতিয়াতো কলিতা, কেওট, কোঁচ ইত্যাদি জাতৰ হিন্দু সকলে কুমাৰী কালতে ছোৱালী বিয়া দিয়া অতি দুৰন্তাং কথা আছিল! আহোম আৰু চুতীয়াসকলৰ কথাটো কবই নেলাগে। আজিলৈকে আগৰ বীৰ-জাতি আহোম আৰু চুতীয়াসকলে ছোৱালী কুমাৰী কালতে [ ১২ ] বিয়া দিয়া প্ৰথাটো লোৱা নাই। ওলাওঁতে শুৱনী সোমাওঁতে শুৱনী বৰ-ঘৰ শুৱনী, চোতালঘৰ শুৱনী, ধাননি শুৱনী, নৈৰ ঘাট শুৱনী, গাঁওখনৰ শুৱনী, জীয়াৰীক শীঘ্ৰে আন এঘৰলৈ উলিয়াই দিয়া কথা যে কেনেকুৱা টান তাক বোধ কৰোঁ জীয়াৰী ছোৱালী থকা অসমীয়া মাত্ৰেই জানে। কণ্বৰ নিচিনা তপস্বী মুনিয়েও তোলনীয়া জীয়াৰী শকুন্তলাক উলিয়াই দিওঁতে অশ্ৰুপূৰ্ণ চকুৰে কৈছিল—

“যাসত্যদ্য শকুন্তলেভি হৃদয়ং সংস্পৃষ্টমুৎকণ্ঠয়া।
কণ্ঠঃ স্তম্ভিত বাষ্পবৃত্তি কলুষশ্চিন্তাজবং দৰ্শনং।
বৈক্লব্যং মম ভাবদীদৃশমহো স্নেহাচাৰন্যৌকসঃ।
পীড্যন্তে গৃহিনঃ কথং নু তনয় বিশ্লেষদুঃখৈৰ্ন ভৈঃ।”

 “আজি শকুন্তলা যাব মোৰ হৃদয় উৎকণ্ঠিত। চকুৰ পানী বল কৰি পৰিব নিদিয়াৰ বাবে মোৰ গলত শোকে খুন্দা মাৰি ধৰিছে আৰু মোৰ জ্ঞান সম্পূৰ্ণ হেৰাইছে। মই অৰণ্যবাসী ঋষিৰো এই শোক। গৃহস্থবিলাকেনো প্ৰথমে জীয়াৰী উলিয়াই দি কেনেকৈ সহ্য কৰিব।” বাস্তবিকে যাৰে জীয়াৰী আছে সেয়ে জানে জীয়াৰী উলিয়াই দিয়া কিমান টান কথা।

⸻⸻⸻