সমললৈ যাওক

ৰঙ্গিলী/চতুৰ্থ অধ্যায়

ৱিকিউৎসৰ পৰা
[ ১৩ ]

চতুৰ্থ অধ্যায়

⸺·×·⸺

শান্তিৰাম

 সেই গাঁৱৰ মণিৰাম মেধিও এজন ভাল কলিতা জাতৰ মানুহ। তেওঁ আউনীআটীৰ সেৱক। গুৰুঘৰৰপৰা “মেধি” বাব পাইছিল। তেওঁ ৰজাৰ নিজ ফৈদৰ মানুহ। তেওঁৰ ভাই ককাই চাৰিজনা। সেইসকলৰ লৰা-ছোৱালীও যথেষ্ট। তেওঁ মধ্যম অৰ্থাৎ তেওঁৰ ওপৰত এজন ককায়েক তলত দুজন ভায়েক। ধনে বস্তুৱে, মাটিয়ে-বৃত্তিয়ে, বঙহে-পৰিয়ালে, তেৱোঁ ভৰপূৰ। লৰা-ছোৱালীৰ ভিতৰত তেওঁৰ প্ৰথম পক্ষৰ লৰা এটিত বাজে আৰু নাছিল। তেওঁৰ প্ৰথম পত্নী ঢুকুৱাত তেওঁ দ্বিতীয়বাৰ বিবাহ কৰাইছিল; কিন্তু বিয়া কৰা বৰ আজি আঠ ন বছৰে দ্বিতীয় পক্ষৰপৰা কোনো লৰা-ছোৱালী জন্মা নাছিল। তেওঁ সেইবাবে মনদুখীয়া আছিল। তেওঁ কিন্তু সতি-সন্তান হওক বুলি আৰু এজনী বিয়া কৰোৱা নাছিল। কৰাওঁ বোলা হলে তেওঁ সেইটো সহজে কৰিব পাৰিলেহেতেন। কিন্তু তেওঁ গুৰুঘৰৰপৰা মেধিৰ বাব পাই, ধৰ্ম্মত মন লগাই, জ্ঞান-মাৰ্গৰ কথা অলপ-অচৰপ জানি এইটো সুন্দৰকৈ বুজিছিল যে একেলগে দুই তিনিজনী তিৰোতা পালন কৰা টান; ঘৰত অসুখ অশান্তিৰ ভড়াল হয়।

 সেই কাৰণে তেওঁ নিজৰ কাম-কাজ চলাই ধৰ্ম্ম-কৰ্ম্মত মন দি জীৱন যাপন কৰিছিল। তেওঁৰ কুসাৰি বা অসন্তোষৰ ভিতৰত [ ১৪ ] এইফেৰা আছিল যে তেওঁৰ দ্বিতীয় পক্ষৰ পত্নীয়ে পুতেক শান্তিৰামক মৰমৰ চকুৰে নেচাইছিল। আন আন সতীয়ৈ মাকে যেনেকৈ সতিনীৰ পুতেকক ব্যৱহাৰ কৰে তেৱোঁ শান্তিৰামক সেইদৰেই কাৰিছিল। এই কাৰণে আৰু সৰুৰেপৰা মাতৃ-স্নেহত বঞ্চিত হৈ শাস্তিৰাম সদায় মনত অশান্তিৰে আছিল। ঘৰত মাহীয়েকৰ ব্যৱহাৰত শান্তিৰামে প্ৰায় পঘা-চিঙা গৰুৰ দৰে বা দোল মুকলি থকা ঘোৰাৰ দৰে ফুৰিছিল; কেৱল খাব শুবৰ সময় ফেৰাত বাজে তেওঁ প্ৰায় ঘৰত নেথাকিছিল। বাহিৰত লগ সমনীয়াৰে সৈতে আমোদ-প্ৰমোদত, দৌড়া-দৌড়িত, সাঁতৰা-সাঁতৰিত হাউগুদু-নুগুদু খেলাত, আৰু পাশা-পচিশ্ খেলাত, সময় কটাইছিল। লগ সমনীয়াৰে সৈতে লগলাগি পথাৰত চৰি ফুৰ ঘোৰা ধৰি শুদা পিঠিত উঠিছিল। দিখৌত নাও খেলাত, চ’তৰ নিশা বিহুত গীত গাই ফুৰা গাভৰুসকলক আমনি আৰু দিকদাৰি কৰা কামতো পাৰ্গত আছিল। অনেক সময়ত দুপৰীয়া ভাটীবেলা অকলৈ দিখৌ নৈত বৰশীও বাইছিল। গধূলি হলেই সৎৰাম আৰু জয়ৰামে সৈতে লগলাগি ৰজা ঘৰলৈ গৈ ৰজাৰ লগত আমোদ-প্ৰমোদত কাল কটাইছিল। নিশা ডেৰ পৰ মানতহে খাবৰ সময়ত ঘৰলৈ উলটিছিল।