ৰঙ্গিলী/দ্বিতীয় অধ্যায়
দ্বিতীয় অধ্যায়
⸺:০:⸺
সৎৰাম
ৰঙ্গিলীহঁতৰ ঘৰৰ গাতে লগাকৈ ভূত কুকুৰাচোৱাৰ ঘৰ। ৰঙ্গিলীৰ বাপেক নৰহৰি যেনেকুৱা প্ৰসিদ্ধ শেনচোৱা, ভূতো সেইদৰে ৰজাঘৰৰ প্ৰসিদ্ধ কুকুৰাচোৱা আছিল। প্ৰভেদ এই আছিল যে নৰহৰিৰ নিতে ৰজাঘৰলৈ যোৱাৰ কাম নাছিল, তেওঁ ঘৰতে শেন শিকাইছিল আৰু নিজৰ খেতি-বাতি কৰিছিল। ভূতে কিন্তু সদায় পুৱাৰপৰা গধূলিলৈকে ৰজাঘৰৰ কুকুৰাচোৱাত ৰজাঘৰতে দিনটো কটাইছিল। এই ভূতৰ সৎৰাম বা সতাই নামেৰে এটা পুতেক আৰু কেতেকী নামেৰে এজনী জীয়েক আৰু পৰিবাৰ এগৰাকী আছিল। ভূতে খেতি কৰিবলৈ ৰজা ঘৰৰপৰা নিষ্কৰ মাটি চাৰি পুৰা, এহাল ম’হ, আৰু দুটা পাইক পাইছিল। পাইক দুটাই বাৰ মাহৰ বাৰটা খেতি কৰিছিল আৰু ম’হ হালো চাৰিছিল। জীয়েক কেতেকীয়ে মাকৰ হাত আগুৰি দিছিল। পুতেক সৎৰামে নিতৌ বাপেকৰ লগত বাপেকক সহায় কৰিবলৈ ৰজাঘৰলৈ গৈছিল। দিনৰ সাজ ভাত দুয়ো বাপেক পুতেকে ৰজাঘৰতে খাইছিল। বুৰঞ্জীত আছে যে ৺চন্দ্ৰকান্ত সিংহ কোমল বয়সৰ বাবে সৰুৰেপৰা আন লগৰীয়া নাপাই এই ভূতৰ পুতেকৰ লগতে খেলিছিল। এইদৰে সৰুৰেপৰা খেলৰ লগৰীয়া হোৱাৰ বাবে যেতিয়া পোন্ধৰ বছৰ বয়সত ৺চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱ ৰজা হল, তেতিয়া ৰাজমাৱত কাবৌ-কোকালি কৰি মহামতি পূৰ্ণানন্দ বুঢ়াগোহাঁইক সম্মত কৰাই সৎৰামক যৌৱনৰ প্ৰাৰম্ভতো খেলৰ লগৰীয়া কৰি স্বৰ্গদেৱে তাক প্ৰায় সততে লগতে ৰাখিছিল। যৌৱনৰ প্ৰাৰম্ভৰ আৰু শৈশৱৰ খেলাৰ প্ৰভেদ ইমানেই আছিল যে ৰজা হোৱাৰপৰা স্বৰ্গদেৱে দিনত খেল খেলি নুফুৰিছিল। কিন্তু নিশা হলে গধূলিৰপৰা প্ৰায় ডেৰপৰ নিশালৈকে ৰজাই সৎৰাম, শান্তিৰাম আৰু জয়ৰাম নামেৰে লৰা তিনটাৰ লগত সদায় ৰংধেমালি কৰিছিল। আমাৰ এই কাহিনীৰ সময়ত সৎৰামৰ বয়স উনৈশ আৰু ৰজাৰ ষোল বছৰ আছিল। সি দুটা লৰাও প্ৰায় এনেকুৱা বয়সৰে। শান্তিৰাৰ কিজানি উনৈশ বছৰ উকলি কুৰি বছৰত সোমাইছিল। ভূতৰ পুতেক সৎৰাম সৰুৰে পৰা বৰ চোকা বুদ্ধিৰ আছিল। চাওডাঙ্গৰ লৰা হলেও দেখোনত সৎৰাম এজন সুপুৰুষ আছিল। সৰুৰেপৰা ডাঙ্গৰ বিষয়াসকলৰ কথা-বতৰাব আও-ভাও জনা বাবে তেওঁৰ বুদ্ধিটোও মাৰ্জ্জিত আছিল, যদিও লিখা-পঢ়া একোকে নাজানিছিল। পাঠক! বুৰঞ্জী পঢ়িলেই পাব সৎৰামেই ঘাইকৈ অসমীয়া জাতিৰ দুৰ্গতি আনিছিল। সেই গুণেই মানুহে তাক “সতাই নৰকী” বুলিছিল।
⸻⸻