সৎসম্প্ৰদায় কথা/দ্বিতীয় অধ্যায়—ব্যাসচিত্ত শান্তি

ৱিকিউৎসৰ পৰা

[ ১১ ]

দ্বিতীয় অধ্যায়।

ব্যাসচিত্ত শান্তি।

 পাচে সত্য ত্ৰেতা দুই যুগত মূল বেদ প্ৰবৰ্ত্তি আছিল। দ্বাপৰ যুগত অল্পায়ু অল্প বুদ্ধি লোকে অগাধ মূল বেদক অভ্যাসিবে নাপাৰে কাৰণ লোকৰ একো পুৰুষাৰ্থ নঘটে। সৃষ্টি নাশ যাই দেখি ব্ৰহ্মাদিদেৱে প্ৰাৰ্থিলে। পাচে ঈশ্বৰ পৰাশৰৰ পৰা সত্যৱতী ভাৰ্য্যাত কলা ৰূপে বেদব্যাস অৱতৰি মূল বেদৰ শাখা ভাঙ্গি সুগম সংহিতা শাস্ত্ৰ ৰচিলা আৰু সৰ্গ, বিসৰ্গ, বংশ, মন্বন্তৰ, বংশানুচৰিত্ৰ, এহি পঞ্চ লক্ষণ পাতি পুৰাণ সংহিতা ৰচিলা আৰু বেদৰ ইতিহাস তুলি অষ্টাদশ ভাৰত ৰচিলা। সবাকো শিষ্য পৰম্পৰাএ প্ৰৱৰ্ত্তাইলা। পাচে সুগম সংহিতা শাস্ত্ৰক অভ্যাসি নৰলোকে বেদৰ বিহিত কৰ্ম্ম আচৰি দেৱলোকৰো যজ্ঞভাগ সাধি আপোনাৰো পুৰুষাৰ্থ সাধিলা। এতেকে সৃষ্টি ৰহিলা। এহিৰূপে ব্ৰহ্মাৰ দিনৰ আদিত দ্বাপৰ যুগত ব্যাসদেৱে সকল [ ১২ ] লোকৰ হিতাৰ্থে সুগম সংহিতা শাস্ত্ৰ কৰে; তথাপি বহুকাল তান চিত্তত বিষাদে নুগুচে; পাচে যি কালত যাৰ উপদেশে বিষাদ গুচিল তাক কহোঁ শুনা। চতুৰ্থ হাজাৰ যুগে ব্ৰহ্মাৰ এক দিন; ৰাত্ৰিয়ো এহি মানে; সেই নিয়মে দিন ৰাত্ৰি লেখি পক্ষ মাস বৎসৰ কল্পি সেই পৰিমাণ একশত বৎসৰ ব্ৰহ্মাৰ পৰমায়ু; তাকে দ্বিপৰাৰ্দ্ধ কাল বোলে। তাৰে পৰাৰ্দ্ধ পঞ্চাশ বৎসৰ পুৰ্ণে আছে। পূৰ্ব্বাৰ্দ্ধ পঞ্চাশ বৎসৰৰ অবসান। দিনৰ দুই প্ৰহৰ গৈলে দ্বাপৰ যুগত ব্যাসদেৱে বদৰিকাশ্ৰমত নাৰদত বিষাদৰ হেতু পুচিলা। নাৰদে বোলন্ত হে ব্যাস তুমি বেদৰ নিবৃত্তি পন্থক শ্ৰেষ্ঠ কৰি নকহিলা। তোমাৰ প্ৰবৃত্তি পন্থৰ শাস্ত্ৰক সাৰ মানি বহুলোক সংসাৰী হৈল। এতেকে তোমাৰ বিষাদ নুগুচে। এখন তুমি হৰিৰ গুণনাম প্ৰধান কৰি সকল পুৰাণৰ সাৰ ভাগৱত নাম মহাপুৰণ কৰাঁ; তেবেসে তোমাৰ বিষাদ গুচিবেক। এহি নাৰদৰ উপদেশ শুনি ব্যাসদেৱে সকল পুৰাণৰ সাৰ হৰিগুণ নাম প্ৰধান কৰি ভাগৱত নাম মহাপুৰাণ ৰচিলা। যদি বোলা নাৰদে কোন কালত কাৰ উপদেশে [ ১৩ ] ভাগৱত শাস্ত্ৰ জানি ব্যাসত কহিলা, তাক শুনা। ব্ৰহ্মাৰ জন্ম দিনক ব্ৰাহ্মকল্প বোলে। পৰ দিনক পদ্মকল্প বোলে। তাৰে অৱান্তৰ বৰাহ কল্পকো তাতে বুঝিবা। সেই পদ্ম কল্পতে শ্ৰীনাৰায়ণে জীৱ, ঈশ্বৰ, মায়া, মায়া তৰণৰ উপায়, এই চাৰি ৰহস্য অৰ্থৰ চাৰিটি শ্লোকে সংক্ষেপে ব্ৰহ্মাদেৱৰ আগত কহিলা। তেহোঁ কিছো বিস্তাৰি নাৰদত কহিলা। নাৰদে তাকে নৱ লক্ষণ পাতি ব্যাসত কহিলা। এহি বৈকুণ্ঠী সম্প্ৰদায়। আৰু সেই পদ্মকল্পৰ অৱান্তৰ বৰাহ কল্পতে পাতাল পুৰত শ্ৰীঅনন্তে সেই ভাগৱতক সনকাদিত কহিলা। সনকে সাংখ্যায়নত কহিলা; সাংখ্যায়নে পৰাশৰত কহিলা। পাচে পৰাশৰ হন্তে মৈত্ৰেয়ে জানি কলিত শ্ৰীকৃষ্ণৰ আদেশে বিদুৰত সেই ভাগৱত কহিলা। ইহাকে পাতালী সম্প্ৰদায় কহে। পাচে ব্যাসে দুয়ো সম্প্ৰদায়ৰ ভূত ভবিষ্যৎ কথা নাৰদৰ উপদেশে একত্ৰ কৰি সৰ্গ, বিসৰ্গ, স্থান পোষণ, উতি, মন্বন্তৰ, ইশানু কথা, নিৰোধ, মুক্তি, আশ্ৰয়, এহি নৱ লক্ষণ ভেদ কৰি আদি অন্তে ব্ৰহ্মবিদ্যা গায়ত্ৰী বান্ধি বাঢ়ে কন্ধ মহাপুৰাণ ভাগৱত শাস্ত্ৰ ৰচি দ্বাপৰৰ আদিতে [ ১৪ ] আপোনাৰ পুত্ৰ শুকদেৱক পঢ়াইলা। এতেকে ভাগৱত সহিতে পুৰাণো অষ্টাদশ হৈলা। ব্যাসদেৱৰো চিত্তৰ বিষাদ গুচিল। অন্য পুৰাণৰ পঞ্চ লক্ষণ। বক্তা ভৈলা ৰোমহৰ্ষ। শ্ৰীভাগৱতৰ নৱ লক্ষণ, বক্তা শুকদেৱ। অষ্টাদশপৰ্ব্ব ভাৰতৰ বক্তা ভৈলা বৈশম্পায়ণ। এহি শাস্ত্ৰভেদ বুঝিবা আৰু সেই দ্বাপৰতে নাৰদৰ উপদেশে বাল্মিকী নামে ঋষি সাতকাণ্ড ৰামায়ণ ৰচি চিত্তশান্তি লভিলা। হে নৰনাৰীসব দেখা ঈশ্বৰৰ কলা বেদব্যাসৰো শাস্ত্ৰৰ জ্ঞানবলে চিত্তৰ বিষাদ নুগুচিল; যাৱে নাৰদত উপদেশ নলৈল মানে। আকে জানি বহু শাস্ত্ৰত প্ৰয়াস এৰি কেৱল সন্তৰ উপদেশ সাৰ মানি চিত্ত থিৰ কৰি হৰিবোল হৰি।

ব্যাসতুল্যোহপি যো বিদ্বান্ তস্য চেতো ন শান্তয়েৎ।
বিনাসদুপদেশেন তস্মাৎ সন্তং সমাশ্ৰয়েৎ॥
 ইতি সৎসম্প্ৰদায়কথায়াং বেদশাখাবিভাগসমুচ্চয়ে
 ব্যাস-চিত্তশান্তিৰ্নাম দ্বিতীয়োহধ্যায়ঃ॥

——∗——