পৃষ্ঠা:সৎসম্প্ৰদায় কথা.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৎসম্প্ৰদায় কথা।

আপোনাৰ পুত্ৰ শুকদেৱক পঢ়াইলা। এতেকে ভাগৱত সহিতে পুৰাণো অষ্টাদশ হৈলা। ব্যাসদেৱৰো চিত্তৰ বিষাদ গুচিল। অন্য পুৰাণৰ পঞ্চ লক্ষণ। বক্তা ভৈলা ৰোমহৰ্ষ। শ্ৰীভাগৱতৰ নৱ লক্ষণ, বক্তা শুকদেৱ। অষ্টাদশপৰ্ব্ব ভাৰতৰ বক্তা ভৈলা বৈশম্পায়ণ। এহি শাস্ত্ৰভেদ বুঝিবা আৰু সেই দ্বাপৰতে নাৰদৰ উপদেশে বাল্মিকী নামে ঋষি সাতকাণ্ড ৰামায়ণ ৰচি চিত্তশান্তি লভিলা। হে নৰনাৰীসব দেখা ঈশ্বৰৰ কলা বেদব্যাসৰো শাস্ত্ৰৰ জ্ঞানবলে চিত্তৰ বিষাদ নুগুচিল; যাৱে নাৰদত উপদেশ নলৈল মানে। আকে জানি বহু শাস্ত্ৰত প্ৰয়াস এৰি কেৱল সন্তৰ উপদেশ সাৰ মানি চিত্ত থিৰ কৰি হৰিবোল হৰি।

ব্যাসতুল্যোহপি যো বিদ্বান্ তস্য চেতো ন শান্তয়েৎ।
বিনাসদুপদেশেন তস্মাৎ সন্তং সমাশ্ৰয়েৎ॥
 ইতি সৎসম্প্ৰদায়কথায়াং বেদশাখাবিভাগসমুচ্চয়ে
 ব্যাস-চিত্তশান্তিৰ্নাম দ্বিতীয়োহধ্যায়ঃ॥

——∗——