ভাগৱত শাস্ত্ৰ জানি ব্যাসত কহিলা, তাক শুনা। ব্ৰহ্মাৰ জন্ম দিনক ব্ৰাহ্মকল্প বোলে। পৰ দিনক পদ্মকল্প বোলে। তাৰে অৱান্তৰ বৰাহ কল্পকো তাতে বুঝিবা। সেই পদ্ম কল্পতে শ্ৰীনাৰায়ণে জীৱ, ঈশ্বৰ, মায়া, মায়া তৰণৰ উপায়, এই চাৰি ৰহস্য অৰ্থৰ চাৰিটি শ্লোকে সংক্ষেপে ব্ৰহ্মাদেৱৰ আগত কহিলা। তেহোঁ কিছো বিস্তাৰি নাৰদত কহিলা। নাৰদে তাকে নৱ লক্ষণ পাতি ব্যাসত কহিলা। এহি বৈকুণ্ঠী সম্প্ৰদায়। আৰু সেই পদ্মকল্পৰ অৱান্তৰ বৰাহ কল্পতে পাতাল পুৰত শ্ৰীঅনন্তে সেই ভাগৱতক সনকাদিত কহিলা। সনকে সাংখ্যায়নত কহিলা; সাংখ্যায়নে পৰাশৰত কহিলা। পাচে পৰাশৰ হন্তে মৈত্ৰেয়ে জানি কলিত শ্ৰীকৃষ্ণৰ আদেশে বিদুৰত সেই ভাগৱত কহিলা। ইহাকে পাতালী সম্প্ৰদায় কহে। পাচে ব্যাসে দুয়ো সম্প্ৰদায়ৰ ভূত ভবিষ্যৎ কথা নাৰদৰ উপদেশে একত্ৰ কৰি সৰ্গ, বিসৰ্গ, স্থান পোষণ, উতি, মন্বন্তৰ, ইশানু কথা, নিৰোধ, মুক্তি, আশ্ৰয়, এহি নৱ লক্ষণ ভেদ কৰি আদি অন্তে ব্ৰহ্মবিদ্যা গায়ত্ৰী বান্ধি বাঢ়ে কন্ধ মহাপুৰাণ ভাগৱত শাস্ত্ৰ ৰচি দ্বাপৰৰ আদিতে
পৃষ্ঠা:সৎসম্প্ৰদায় কথা.djvu/১৩
অৱয়ব