সৎসম্প্ৰদায় কথা/প্ৰথম অধ্যায়—বেদোৎপত্তি প্ৰকৰণ

ৱিকিউৎসৰ পৰা

[  ]

সৎসম্প্ৰদায় কথা।

প্ৰথম অধ্যায়।

বেদোৎপত্তি প্ৰকৰণ।

শ্ৰী শ্ৰীকৃষ্ণায় নমঃ।

মায়াৱটীগুণ্ঠিতপ্ৰেমমালাং ছিন্নাত্মজায়াসুতবান্ধৱানাং।
ভক্তিং কুৰুধ্বং হৰিপাদপদ্মে সত্ৰে সদাচাৰ্য্যমুপাস্যলোকাঃ॥
 চৈতন্যসংগ্ৰহং দৃষ্ট্বা সংগ্ৰহং কৃষ্ণ ভাৰতেঃ।
 নৃসিংহকৃত্যমালোক্য কথয়ামি কথামিমাং॥

 শ্ৰীকৃষ্ণৰ চৰণাৰবিন্দত প্ৰণাম কৰি সৎসম্প্ৰদায় কথা সংক্ষেপে কহোঁ শুনা। লোকত শৈৱ, শাক্ত, বৈষ্ণৱ আদি অনেক পন্থ আছে; তাতে সংসাৰ-নিস্তাৰ হেতু নিষ্কাম বৈষ্ণৱ পন্থক শ্ৰেষ্ঠ বুলি কহে। তাতে মন্ত্ৰ জপ একবিধ, পঞ্চৰাত্ৰৰ মত। নাম মন্ত্ৰ জপ একবিধ, বিষ্ণুযামলৰ মত। তাৰে মন্ত্ৰ জপত ৰহস্য অস্ফুট কঠিনাক্ষৰ, তাৰ সাধন অৰ্চ্চন [  ] বন্দনাদিতো বহু আনন্দ নাই। প্ৰাই মুক্তি সাধক। নাম মন্ত্ৰ জপত স্পষ্ট কোমল নামাক্ষৰ, তাৰ সাধন শ্ৰৱণ-কীৰ্ত্তনাদিতো বহু আনন্দ মিলে। প্ৰাই ভক্তি-সাধক। এতেকে কলিত, কতো বিষ্ণু অংশী, কতো পাৰ্ষদাংশী, কতো যোগেশ্বৰাংশী, বহু মহন্ত অৱতৰি, কেৱল নাম জপ পন্থ দেখাই, শ্ৰৱণ কীৰ্ত্তন আনন্দ ৰস পান কৰাই, লোকক তাৰিলা; তাৰাৰ শিষ্য সম্প্ৰদায় পাচত কহিম। এখন কেৱল নাম জপ পন্থত শ্ৰৱণ-কীৰ্ত্তন সৰ্ব্ব ধৰ্ম্মতঃ অধিক, বেদপ্ৰমাণ, হেন দেখাইতে, বেদৰ উৎপত্তি সম্প্ৰদায় কহোঁ শুনা। আদি পুৰুষৰ প্ৰথম নিশ্বাসত মুখ হন্তে বেদ জন্মিলা; সেই বেদক তেহোঁ বিৰাটৰ জীৱাত্ম! ব্ৰহ্মাত কহিলা; ব্ৰহ্মাএ চাৰিমুখে উচ্চাৰন্তে চাৰিমূৰ্ত্তি ভৈলা; সেহি বেদৰ নাম শুনা ঋক্‌, যজুস্‌, সাম, অথৰ্ব্ব, এহি চাৰি ৰূপ ভৈলা; ইহাৰ শৰীৰ কহোঁ শুনা; শিক্ষা শাস্ত্ৰে পাদ, কল্প শাস্ত্ৰে হস্ত, ব্যাকৰণে মুখ, নিৰুক্ত শাস্ত্ৰে হৃদয়, জ্যোতিষে চক্ষু, ছন্দোৱিত্তি শাস্ত্ৰে শিৰ, এহি ছয় অঙ্গ ভৈলা। মীমাংসাদি শাস্ত্ৰে বেদৰ শুভ-লক্ষণ ভৈলা। কৰ্ম্মকাণ্ড, দেৱতাকাণ্ড, জ্ঞানকাণ্ড, এহি বেদৰ তিনি কাণ্ড ভৈলা। প্ৰবৃত্তি নিবৃত্তি দুই [  ] পন্থ ভৈলা। পাচে ব্ৰহ্মাএ সেই ষড়ঙ্গ মূল বেদক পুত্ৰসবক পঢ়াইলা। পাচে মৰিচ্যাদি পুত্ৰসবে সৃষ্টিৰ কাৰণে বেদৰ প্ৰবৃত্তি পন্থ দেখাইলা। সনকাদি পুত্ৰে জীৱৰ মুক্তিৰ কাৰণে নিবৃত্তি পন্থ দেখাইলা। ইহাৰ ভেদ কহোঁ শুনা। সকামে বেদৰ বিহিত কৰ্ম্ম কৰি পুণ্যলোক পাৱে। পুণ্য ক্ষয় ভৈলে নৰলোকক আসে, পূৰ্ব্ব বাসনা নুগুচে, কৰ্ম্মকৰি পুনু আসে, পুনু যাই। আৰু বেদৰ অৱিহিত পাপকৰ্ম্ম কৰি পাপলোক পাৱে। প্ৰাৰব্ধ পুণ্যৱশে পাপ ক্ষয় ভৈলে নৰলোকক আসে, পাপ বাসনা নুগুচে। কাৰণ কুঞ্জৰৰ শৌচ প্ৰাই পুনু পাপ কৰ্ম্ম কৰি পাপলোক পাৱে; এহি জীৱৰ প্ৰবৃত্তি আৰু জীৱৰ উপাধি দেহৰ প্ৰবৃত্তি কহোঁ শুনা; বিহিত যজ্ঞৰ ধূমে ৰবিমণ্ডলত মেঘ হুইয়া বৃষ্টি কৰে; তাত হন্তে শস্যোৎপত্তি হয়, তাহ হন্তে জীৱৰ উপাধি দেহ হয়। দেহত হন্তে দেহান্তৰ প্ৰবৃত্তি যাই; এহি ৰূপে প্ৰবৃত্তি পন্থৰ প্ৰকাৰ বুঝিবা। নিবৃত্তি পন্থ শুনা, নিষ্কামে বিহিত নিত্যনৈমিত্তিক কৰ্ম্মক ঈশ্বৰত অৰ্পণা কৰিলে, চিত্ত শুদ্ধ হয়, অবান্তৰ জ্ঞান মিলে, তাত হন্তে ঈশ্বৰত ভক্তি হয়, পাচে ঈশ্বৰৰ [ ১০ ] প্ৰসাদে নিৰ্গুণ জ্ঞানক লভে। তাত হন্তে পুণ্য বাসনা পাপ বাসনা দুয়ো গুচে, এতেকে জীৱে স্বৰ্গত নৰকত জন্ম যাতনা এৰাই আনন্দময় বিষ্ণুলোক পাৱে; এহি বেদৰ নিবৃত্তি পন্থ বুঝিবা। হে নৰনাৰীসব দেখা, ধৰ্ম্ম, অৰ্থ, কাম, মোক্ষ সাধন চাৰি বেদ; তাৰে প্ৰবৃত্তি পন্থে গৈলে সংসাৰী হোৱে, নিবৃত্তি পন্থে গৈলে সংসাৰ যাতনা এৰাই। আকে জানি দুল্লভ নৰতনু ব্ৰেথা নকৰি সৎসঙ্গত বসি হৰি বোল হৰি।

বন্দে বিশ্বেশ্বৰং বিষ্ণুং বিশ্ববিদ্যাবিশাৰদং।
বিশ্ববেদৌ বিধানায় বেদো যন্মুখতোহজনি॥
ইতি সৎসম্প্ৰদায়কথায়াং বেদোৎপত্তিপ্ৰকাৰণো নাম
 প্ৰথমোহধ্যায়ঃ।

⸺০⸺