পৃষ্ঠা:সৎসম্প্ৰদায় কথা.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দ্বিতীয় অধ্যায়।

ব্যাসচিত্ত শান্তি।

 পাচে সত্য ত্ৰেতা দুই যুগত মূল বেদ প্ৰবৰ্ত্তি আছিল। দ্বাপৰ যুগত অল্পায়ু অল্প বুদ্ধি লোকে অগাধ মূল বেদক অভ্যাসিবে নাপাৰে কাৰণ লোকৰ একো পুৰুষাৰ্থ নঘটে। সৃষ্টি নাশ যাই দেখি ব্ৰহ্মাদিদেৱে প্ৰাৰ্থিলে। পাচে ঈশ্বৰ পৰাশৰৰ পৰা সত্যৱতী ভাৰ্য্যাত কলা ৰূপে বেদব্যাস অৱতৰি মূল বেদৰ শাখা ভাঙ্গি সুগম সংহিতা শাস্ত্ৰ ৰচিলা আৰু সৰ্গ, বিসৰ্গ, বংশ, মন্বন্তৰ, বংশানুচৰিত্ৰ, এহি পঞ্চ লক্ষণ পাতি পুৰাণ সংহিতা ৰচিলা আৰু বেদৰ ইতিহাস তুলি অষ্টাদশ ভাৰত ৰচিলা। সবাকো শিষ্য পৰম্পৰাএ প্ৰৱৰ্ত্তাইলা। পাচে সুগম সংহিতা শাস্ত্ৰক অভ্যাসি নৰলোকে বেদৰ বিহিত কৰ্ম্ম আচৰি দেৱলোকৰো যজ্ঞভাগ সাধি আপোনাৰো পুৰুষাৰ্থ সাধিলা। এতেকে সৃষ্টি ৰহিলা। এহিৰূপে ব্ৰহ্মাৰ দিনৰ আদিত দ্বাপৰ যুগত ব্যাসদেৱে সকল