লোকৰ হিতাৰ্থে সুগম সংহিতা শাস্ত্ৰ কৰে; তথাপি বহুকাল তান চিত্তত বিষাদে নুগুচে; পাচে যি কালত যাৰ উপদেশে বিষাদ গুচিল তাক কহোঁ শুনা। চতুৰ্থ হাজাৰ যুগে ব্ৰহ্মাৰ এক দিন; ৰাত্ৰিয়ো এহি মানে; সেই নিয়মে দিন ৰাত্ৰি লেখি পক্ষ মাস বৎসৰ কল্পি সেই পৰিমাণ একশত বৎসৰ ব্ৰহ্মাৰ পৰমায়ু; তাকে দ্বিপৰাৰ্দ্ধ কাল বোলে। তাৰে পৰাৰ্দ্ধ পঞ্চাশ বৎসৰ পুৰ্ণে আছে। পূৰ্ব্বাৰ্দ্ধ পঞ্চাশ বৎসৰৰ অবসান। দিনৰ দুই প্ৰহৰ গৈলে দ্বাপৰ যুগত ব্যাসদেৱে বদৰিকাশ্ৰমত নাৰদত বিষাদৰ হেতু পুচিলা। নাৰদে বোলন্ত হে ব্যাস তুমি বেদৰ নিবৃত্তি পন্থক শ্ৰেষ্ঠ কৰি নকহিলা। তোমাৰ প্ৰবৃত্তি পন্থৰ শাস্ত্ৰক সাৰ মানি বহুলোক সংসাৰী হৈল। এতেকে তোমাৰ বিষাদ নুগুচে। এখন তুমি হৰিৰ গুণনাম প্ৰধান কৰি সকল পুৰাণৰ সাৰ ভাগৱত নাম মহাপুৰণ কৰাঁ; তেবেসে তোমাৰ বিষাদ গুচিবেক। এহি নাৰদৰ উপদেশ শুনি ব্যাসদেৱে সকল পুৰাণৰ সাৰ হৰিগুণ নাম প্ৰধান কৰি ভাগৱত নাম মহাপুৰাণ ৰচিলা। যদি বোলা নাৰদে কোন কালত কাৰ উপদেশে
পৃষ্ঠা:সৎসম্প্ৰদায় কথা.djvu/১২
অৱয়ব