সৎসম্প্ৰদায় কথা/দশম অধ্যায়—মাধৱ নিৰ্য্যাণ
[ ৪৮ ]
দশম অধ্যায়।
মাধৱনিৰ্য্যাণ।
এখন দামোদৰে যিৰূপে কাম সৌমাৰ দুই পীঠত ভক্তি প্ৰৱৰ্ত্তাই পাচে ৰত্নপীঠত ভক্তি প্ৰকাশ কৰিলে তাৰ প্ৰসঙ্গ কহোঁ শুনা। একদিনা মাধৱ আতাই কতোটি ছাগ কিনি লই পাটবাউসীক চাপিল। তাতে শঙ্কৰে দেখি বোলে হে বড়াৰ পো, কলিত কেনে হিংসা ধৰ্ম্ম কৰা। এই ছাগে পৰলোকত তোমাকে দুখ দিবেক; এহি হিংসা ধৰ্ম্ম এৰি হৰিক ভজা। এই শুনি অনেক বাদ কৰি বাদে ঘাটি মাধৱে ছাগ সৱক এৰিদি বোলে আৰ হিংসা ধৰ্ম্ম এৰিলো; ভক্তিৰ উপদেশ দিয়াঁ; শঙ্কৰে বোলে দামোদৰত উপদেশ লৱা। মাধৱে বোলে দামোদৰ কঙ্গাল আৰু মূৰ্খ। শঙ্কৰে বোলে তবে ৰামৰাম গুৰুতে লৱা, মাধৱে বোলে তেহোঁ কৰ্ম্মকাণ্ডী ব্ৰাহ্মণ; শঙ্কৰে বোলে তবে মঞি শুদ্ৰ কেনে উপদেশ দিম; ভাল ভাল তবে মোৰ সঙ্গে থাকি এই নামমালিকাৰ ঘোষা কৰাঁ, এই বুলি নাম [ ৪৯ ] মালিকা দিলা। পাচে মাধৱে তাৰ আগ পাছ চাই বোলে মঞি সমস্তে পাইলো আৰু আমাক কিছো উপদেশ নালাগে। এই বুলি শঙ্কৰক প্ৰণাম কৰি সাতশ শ্লোকৰ সাতশ ঘোষ কৰিলেক। যোগেশ্বৰ চৈতন্যৰ নিৰ্ণয়, নাম, সন্তসেৱা, ৰহস্য তত্ত্বকো বৰাই কৰি নলই ঘোষাকে সাৰ মানি ৰৈলা। ইহাৰ আখ্যান পাচে কহিম। এখন শঙ্কৰৰ আখ্যান শুনা। কণ্ঠভূষণৰ গৃহে গৈয়া হৰিদেৱৰ মুখে কিছু দিন ভাগৱত শুনি আছিল। পাচে বৰদোৱাক যাই ৰাম সৰস্বতীৰ মুখে ভাৰত পুৰাণৰ পদ কৰাই আপুনিয়ো কিছো কৰিলা। নাৰাণ গোৱিন্দ প্ৰমুখে বাৰজন আতাক ৰামৰামৰ ঠাই শৰণ লগাই সেই পদক পাচে প্ৰৱত্তাইৱে দিলে। এই সকল কথা ৰাজাত লগাই কৈলে বোলে শঙ্কৰে ব্ৰাহ্মণক সেৱা কৰাই। এইশুনি ৰাজা নৰনাৰাণে শঙ্কৰক ধৰি নিয়াই সুধিলে; শঙ্কৰে বোলে মহাৰাজ মই ব্ৰাহ্মণৰ দাস, কেনে তান সেবা লৈবো। ব্ৰাহ্মণৰ পদজল যিঠাইতে পৰে তাৰ সমিপে থাকিবে যোগ্য নহয়। চাৰিয়ো জাতিৰ ব্ৰাহ্মণেসে গুৰু। আমি কেনে গুৰু হৈবোঁ; মিচা কহে। পাচে ৰাজাও সাখীতো সুধি দায় নাপায় [ ৫০ ] বোলে শঙ্কৰে মোৰ চাকৰি কৰ। শঙ্কৰে বোলে তোমাৰ চাকৰ ৰাম ৰায় ভাই আছে। মই বিদেশী হলোঁ, এখন কেনে চাকৰি কৰো। এই বুলি ৰাজা আনন্দ পাই বাৰ কাৰণে অনেক গীত পদ কৰি গুণমালা কৰি ৰাজাক দেখালে; ৰাজা চাই হাসি বোলে শঙ্কৰ হৰি পাগলা হৈল চাৰিয়া দেও; পাচে তাতে বাৰ হাজাৰায় বোলে আমাৰ ৰাজ্যৰ যি খাইছে দিয়া জাউক; শঙ্কৰে বোলে মঞি উদাসীন কিছো নাই। কৈত টকা পাব; তভো যদি নামানা আমাক তোমৰা বিক্ৰি কৰি লোৱা। পাচে বাৰ হাজাৰায় উপহাস কৰি ভোটত বিকিব নিলে, ভোটে দেখি বোলে দেৱমানুষ আমাৰ গাৰি কুৰিৱে নাপাৰিবেক; এই বুলি শঙ্কৰক ভোটে এৰি দিলে দেখি বাৰ হাজাৰায়ো এৰি আসিল। পাচে শঙ্কৰে মনাহ পাৰ হই কাকতকুটাৰ ঘাটে গৈল; তৈৰেপৰা শঙ্কৰে বাৰজনা আতাক বুলি পঠালে বোলে আৰ মঞি সিদেশে নাজাঞ। দামোদৰ গুৰু আছে তোৰাসবে তেওঁৰ প্ৰৱৰ্ত্তনি ধৰি থাকিবা। এই আজ্ঞা শুনি কতো কতো আতাসবে দামোদৰতে জপনাম কৰমালা লৈল; কতোবে মাধব আতৰ প্ৰবৰ্ত্তনি ধৰিল; এতেকে শঙ্কৰী [ ৫১ ] দামোদৰীৰ ভেদ নাই; মাধৱৰ পৰা ভেদ হৈল। তাক কহোঁ শুনা। কাকত-কুটাৰ ঘাটতে শঙ্কৰ পৰলোক হৈল। পাচে মাধৱ আতা বৰপেটাক আসি বোলে ঈশ্বৰ পুৰুষে কেৱল ধৰ্ম্ম মোকেসে দি গৈল, এই বুলি ভনিপুৰীয়া গোপালক শিষ্য কৰি নাম ঘোষা দিলে, গোপালে দিলে শ্ৰীৰামক; শ্ৰীৰামে তিনিশ ঘোষাদি হাজাৰী ঘোষা কৰিলে; তাৰে তিনিশৰ মূল নাই। সাতশৰ মূল নামমালিকা আছে, যাক বুৰি ঘোষা বোলে। তাকো গজপতি ৰাই কৰা। চৈতন্যে শঙ্কৰক দিয়া হেন নকহে, শঙ্কৰে বেদ বিচাৰি আনিছে বুলিসে কহে। এই প্ৰৱৰ্ত্তনি বৰাই কৰি কৰিলে। পাচে ইদেশৰ লোকে ভাৰ ভেটি দামোদৰক দিয়ে, শিষ্য ভজে; মাধৱৰ ভিতিকে নাযাই দেখি বোলে মূৰ্খ ব্ৰাহ্মণৰসে সকল পূজা ভৈলা, আমাৰ কিছো নভৈলা। এই অসূয়া মনে ভাৱনা আৰম্ভিলে; তাকো লোকে চাইবাহে যাই; ভাৰ ভেটি নেনে দেখি পাচে কপট ভাৱ পাতিলে। ৰহস্যত অবোধ লোকক ঈশ্বৰৰ চিহ্ন চক্ৰ দেখাই আপুনি ঈশ্বৰ বোলাইবে, ধৰিলেক। এই কথা গৰুড়ধ্বজ ভট্টে শুনি, দূৰ্ল্লভ দাসক ৰহস্যে [ ৫২ ] পঠাই তাৰ কপট ভাৰ সাজ খড়ম সবক চোৰ কৰাই আনি চাই ৰাজা ৰঘুদেৱত কৈলে। ৰাজা শুনি ধৰি আনিবে দিলে। এই বাৰ্ত্তা পাই মাধৱ দাসে নৌকাত চৰি পলাই যাই ঘৰশিয়া কোচৰ বাৰিত লুকাই ৰল। পাচে ৰঘুদেৱে তাক নাপাই ভকতক ধৰি দণ্ড কৰি সত্ৰ পুৰি গুচাইলে। পাচে মাধৱৰ এই দুশ্চৰিত্ৰ কথাকে দামোদৰতো লেটাই কামেশ্বৰ সন্ন্যাসী, বাগীশ ভট্টে লক্ষ্মীনাৰায়ণ ৰাজাত লগাই বেহাৰে নিয়াইলে; তৈতে দামোদৰক ৰাজা অনেক পৰীক্ষা কৰি চাহিলা। চাহি শুদ্ধাচাৰ দেখি তান্তে উপদেশ লই ভক্ত ভৈলা। ৰাজাৰ সাক্ষাতে তৈতে সন্ত্ৰপাতি দিয়া দামোদৰক বেহাৰে ৰাখিলা৷ পাচে মাধৱদাসে যাই কাতৰে দামোদৰত পৰি বোলে গুৰু ৰাজাতকই মোকো এখন এই দেশেতে ৰাখা। দামোদৰে বোলে তোমাৰ দুশ্চৰিত্ৰ বাদে মঞি ইদেশ পাইলো, ঐতো জানো তুমি ঈশ্বৰ ভাৱ দেখোৱা মাধৱে বোলে গুৰু আৰ নটৰ বৃত্তি নকৰো। এই শুনি দামোদৰে ৰাজাত কই মাধৱ দাসক নৰহৰি ডেকাৰ গ্ৰামে মধুপুৰত বসাইলে। পাচে তাতে কিছো দিন থাকি মাধৱ [ ৫৩ ] দাসে ফিৰি চতুৰ্ভুজ দেখাব ধৰিলে। পাচে নৰহৰি ডেকাই লক্ষ কৰি চাই মিচা পাই ৰাজাত কৈলা। ৰাজা শুনি বোলে বেটা একবাৰ ৰইল,—ইবাৰ কাটিবো বুলি ধৰি নি জামাই মাধৱকে অনাই বাদ কৰিবাক দিলে। পাচে তাঞি বেদান্তিক পণ্ডিত, অঙ্কবিদ্যাতো নিপুণ, এই জানি মাধৱে বোলে কালি বিহানে বাদ কৰিম। এই বুলি সেই নিশা অপবস্তু খাই আত্মঘাত কৰিলে। পাচে বিহানে ৰাজা শুনি বোলে বেটা মাধৱদাস মোৰ খাণ্ডা আপুনি লৈল, বেটা ভূত হৈবেক, নগৰৰ বাজ কৰি পেলাৱ। এই শুনি মধুপুৰীয়া ভকতে ৰহস্যে সূচি দি তাৰ তালু বিন্ধি দেখাই বোলে মহাপুৰুষে কলিৰ ব্ৰাহ্মণৰ লগে বাদ হেন দেখি মূৰ্দ্ধাস্কোট কৰি প্ৰাণ চাড়িলে। এই বুলি তাৰ পাৱ ধুয়াই জল হাণ্ডি ভৰাই ঘোৰাঘাটে দাহ কৰিলে। এই বুলি কামেশ্বৰ সন্ন্যাসী, বাগীশ ভট্ট, দামোদৰে বোলে কি অকাৰ্য্য কৰিলে। আমাৰ লোকে মধুপুৰীয়াক নুচুবি। মধুপুৰীয়ায়ো বোলে আমিয়ো বামুনীয়াক নোচোঁ। আৰে পৰা দুইৰো ভক্তৰ খোৱা চোৱা গুচিল। পাচে ৰাজা লক্ষ্মীনাৰাণে মাধৱৰ নাতিনী দময়ন্তীক কাঢ়ি নি জাতি [ ৫৪ ] মাৰি পাটেশ্বৰী পাতিলে। পাচে নিৰঞ্জন ডেকাও শাশুআকত বাদ পৰি আপুনি শিশ্ন কাটি মৰিল। এইৰূপে দামোদৰ গুৰুক বৈৰ ভাব কৰি মাধৱ দাস সবংশে নিৰ্য্যাণ ভৈল। হেনয় দামোদৰ গুৰুক প্ৰণাম কৰি হৰিবোল হৰি।
মহামহিমসন্মৌলিং বলে দামোদৰ গুৰুং।
যস্মিন্নৈবানুবন্ধেন বিপন্নো মাধৱো গতঃ॥
শ্ৰীশঙ্কৰে গতে পশ্চাৎ দামোদৰজিগীষয়া।
অসন্মাৰ্গমুপাশ্ৰিত্য সবংশো মাধবো হতঃ॥
ইতি সৎসম্প্ৰদায়কথায়াং মাধৱনিৰ্য্যাণো নাম
দশমোহধ্যায়ঃ।