সমললৈ যাওক

সৎসম্প্ৰদায় কথা/নবম অধ্যায়—ভক্তি প্ৰকাশ

ৱিকিউৎসৰ পৰা

নৱম অধ্যায়।

ভক্তি প্ৰকাশ।

 পাচে কণ্ঠভূষণে ভাগৱত কহে শ্ৰীশঙ্কৰে গীত পদকৰে, তাকে শুনি আনন্দ পাই গড়ুৰধ্বজ ঠাকুৰীয়া প্ৰভৃতি অনেক লোকে প্ৰসঙ্গত আসি বসে। দেখি শঙ্কৰে বোলে হে ঠাকুৰীয়া, ভক্ত নভৈলে শ্ৰৱণ বিফল। দামোদৰ গুৰুত উপদেশ লৈয়া ভক্ত হৱা। এই শুনি ঠাকুৰীয়া প্ৰমুখে সকল লোকে দামোদৰত শৰণাপন্ন হৈল। তাৰে পৰদিনা শ্ৰীশঙ্কৰৰ পিতা কুসুম দলইৰ শ্ৰাদ্ধত শঙ্কৰে দামোদৰক আহুত কৰি নিলা, ৰাত্ৰি ভোজন কৰাইবাক পাসৰিলে; দৈবাত দামোদৰো লঙ্ঘনে ৰহিলা। পাচে সেই নিশাত ঈশ্বৰে স্বপ্নত শঙ্কৰক ঠাকুৰীয়াকো বেতে কোবাই বোলে উঠ্‌ উঠ্‌, মোত কেনে ভক্তি কৰস; মোৰ তনু দামোদৰ ক্ষুধাই ৰহিল; মঞি বৰ দুখ পাইলো। এই দেখি প্ৰাতসে উঠি দুয়ে ভোজনৰ দ্ৰব্যাদি দিয়া দামোদৰক ভোজন কৰাই বোলে হে গুৰু দামোদৰ, তুমি ক্ষুধাএ ৰহিলা কাৰণে ঈশ্বৰে নিশা স্বপ্ন চেতাঁইচে; তোমাত ঈশ্বৰ সাক্ষাতে আছে। তুমি তুষ্ট ভৈলে ঈশ্বৰো তুষ্ট। বিপ্ৰ মুখে ভুঞ্জে। বিপ্ৰেসে ঈশ্বৰ তনু। বিপ্ৰ-পাদোদকে গঙ্গা; বিপ্ৰ-সেবাসে শূদ্ৰৰ সদাচাৰ; সেবা নভৈলে শ্মশান প্ৰায়; বিষয়ত বৰ ভৈলেও শুদ্ৰ আমি বিপ্ৰৰেসে দাস। আজি আমাৰ প্ৰমাদত অপৰাধ হৈল। তাক ক্ষেমি বন্ধুবৰ্গক উপদেশ দিয়া। দামোদৰে বোলে হে গোমস্তা আতা, সকল দিনে তুমিসে পুষিছা; একদিনা নাপাইলো বুলি আমাৰ কি অসন্তোষ আছে। এই বুলি দুইকে আশীষ কৰিলা। পাচে শঙ্কৰৰ পুত্ৰ ভাৰ্য্যা সবাকো শৰণ কৰাই তিনি নাম দিলা আৰু তান ভাতৃ ৰামৰায় বড়ুৱাকো, কেহোৰায় বড়ুৱাক, কমললোচনক, ৰঙ্গাচৰণক, হৰিচৰণক, প্ৰভৃতি সগোষ্ঠকে শৰণ লগাই তিনি নাম দিল; পাচে কপিল মুনিক, শ্ৰীকৃষ্ণক, কৃষ্ণদেৱক, ভগৱানক, নাৰায়ণমিশ্ৰক, বংশীগোপালক, আধাৰ যদুমণিক, শঙ্কৰ্ষণক, গোপালমিশ্ৰক, সৰু গোপালক, ভাগৱত মিশ্ৰক, সনাতন দেৱক ১২ শৰণ কৰাই চাৰি নাম দি শৰণ-পটল ক্ৰমে শিষ্য ভজাইবে দিলা। কবিৰত্নক শৰণ লগায়া চাৰি নাম দিয়া লগতে ৰাখিলা। পাচে মনোহৰ আতাকো তিনি নাম দিলা; পাচে দামোদৰৰ এই প্ৰৱৰ্ত্তনি শুনি যাদৱেন্দ্ৰপুৰি, সন্তদেৱ, হৰিদেৱ, অনন্ত কন্দলি, ৰামদাস এই পাঞ্চজনে বাদ কৰিবে মনে পাটবাউসীক আসি বোলে হে দামোদৰ চৈতন্যৰ ষোল্ল নাম নেদি কেনে তিনি নাম, চাৰি নাম দিয়া। দামোদৰে বোলে মহা প্ৰভুৰ নিৰ্ণয় তিনি নামেসে; প্ৰতাপৰুদ্ৰ ৰাজাৰ বিশ্বাসৰ অৰ্থে ষোল্ল নাম কৰি দিছে। তিনি নামে সে মূল; ব্ৰহ্ম নাম সমে চাৰি। এইৰূপে প্ৰভুৰ আজ্ঞা হৈছে; হয় নহয় ইদেশৰ কণ্ঠভূষণত পোচা; সিদেশৰ কথা গোমস্তা আতাত পোচা; এহি শুনি পঞ্চোজনে কণ্ঠভূষণত শঙ্কৰতো পুচি সজাঁত যাই মুকুন্দৰামে দিয়া ষোল্ল নাম এৰি, পাচে দামোদৰক গুৰু মানিয়া নামৰ নিৰ্ণয় লৈল। পাচে দামোদৰে পটলদি সবাকে শিষ্য ভজাইবাক দিলা। পাচে অনন্ত কন্দলি মাত্ৰ গুৰুৰ নলৈল। এহিৰূপে শ্ৰীদামোদৰে পটলদি সবাকে শ্ৰীচৈতন্যৰ আজ্ঞা বলে বাৰ মহন্ত পাতি কাম, সৌমাৰ দুয়ো পীঠত ভক্তি প্ৰৱৰ্ত্তাইলা। হেনয় কৃপালু দেৱ দামোদৰক প্ৰণামি হৰি বোল হৰি।

যো ভক্তিমাতনোৎসদ্ভিৰ্দ্বাদশৈঃ কৃপয়া নৃণাম্।
তং বন্দে নিত্যমানন্দদায়কং পৰমং গুৰুম্॥
 ইতি সৎসম্প্ৰদায়কথায়াং
 ভক্তি প্ৰকাশো নাম
 নৱমোহধ্যায়ঃ।