পৃষ্ঠা:সৎসম্প্ৰদায় কথা.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
88
সৎসম্প্ৰদায় কথা।

বোলে শঙ্কৰে মোৰ চাকৰি কৰ। শঙ্কৰে বোলে তোমাৰ চাকৰ ৰাম ৰায় ভাই আছে। মই বিদেশী হলোঁ, এখন কেনে চাকৰি কৰো। এই বুলি ৰাজা আনন্দ পাই বাৰ কাৰণে অনেক গীত পদ কৰি গুণমালা কৰি ৰাজাক দেখালে; ৰাজা চাই হাসি বোলে শঙ্কৰ হৰি পাগলা হৈল চাৰিয়া দেও; পাচে তাতে বাৰ হাজাৰায় বোলে আমাৰ ৰাজ্যৰ যি খাইছে দিয়া জাউক; শঙ্কৰে বোলে মঞি উদাসীন কিছো নাই। কৈত টকা পাব; তভো যদি নামানা আমাক তোমৰা বিক্ৰি কৰি লোৱা। পাচে বাৰ হাজাৰায় উপহাস কৰি ভোটত বিকিব নিলে, ভোটে দেখি বোলে দেৱমানুষ আমাৰ গাৰি কুৰিৱে নাপাৰিবেক; এই বুলি শঙ্কৰক ভোটে এৰি দিলে দেখি বাৰ হাজাৰায়ো এৰি আসিল। পাচে শঙ্কৰে মনাহ পাৰ হই কাকতকুটাৰ ঘাটে গৈল; তৈৰেপৰা শঙ্কৰে বাৰজনা আতাক বুলি পঠালে বোলে আৰ মঞি সিদেশে নাজাঞ। দামোদৰ গুৰু আছে তোৰাসবে তেওঁৰ প্ৰৱৰ্ত্তনি ধৰি থাকিবা। এই আজ্ঞা শুনি কতো কতো আতাসবে দামোদৰতে জপনাম কৰমালা লৈল; কতোবে মাধব আতৰ প্ৰবৰ্ত্তনি ধৰিল; এতেকে শঙ্কৰী