সমললৈ যাওক

পৃষ্ঠা:সৎসম্প্ৰদায় কথা.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
সৎসম্প্ৰদায় কথা।

পঠাই তাৰ কপট ভাৰ সাজ খড়ম সবক চোৰ কৰাই আনি চাই ৰাজা ৰঘুদেৱত কৈলে। ৰাজা শুনি ধৰি আনিবে দিলে। এই বাৰ্ত্তা পাই মাধৱ দাসে নৌকাত চৰি পলাই যাই ঘৰশিয়া কোচৰ বাৰিত লুকাই ৰল। পাচে ৰঘুদেৱে তাক নাপাই ভকতক ধৰি দণ্ড কৰি সত্ৰ পুৰি গুচাইলে। পাচে মাধৱৰ এই দুশ্চৰিত্ৰ কথাকে দামোদৰতো লেটাই কামেশ্বৰ সন্ন্যাসী, বাগীশ ভট্টে লক্ষ্মীনাৰায়ণ ৰাজাত লগাই বেহাৰে নিয়াইলে; তৈতে দামোদৰক ৰাজা অনেক পৰীক্ষা কৰি চাহিলা। চাহি শুদ্ধাচাৰ দেখি তান্তে উপদেশ লই ভক্ত ভৈলা। ৰাজাৰ সাক্ষাতে তৈতে সন্ত্ৰপাতি দিয়া দামোদৰক বেহাৰে ৰাখিলা৷ পাচে মাধৱদাসে যাই কাতৰে দামোদৰত পৰি বোলে গুৰু ৰাজাতকই মোকো এখন এই দেশেতে ৰাখা। দামোদৰে বোলে তোমাৰ দুশ্চৰিত্ৰ বাদে মঞি ইদেশ পাইলো, ঐতো জানো তুমি ঈশ্বৰ ভাৱ দেখোৱা মাধৱে বোলে গুৰু আৰ নটৰ বৃত্তি নকৰো। এই শুনি দামোদৰে ৰাজাত কই মাধৱ দাসক নৰহৰি ডেকাৰ গ্ৰামে মধুপুৰত বসাইলে। পাচে তাতে কিছো দিন থাকি মাধৱ