সমললৈ যাওক

পৃষ্ঠা:সৎসম্প্ৰদায় কথা.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
দশম অধ্যায়।

দামোদৰীৰ ভেদ নাই; মাধৱৰ পৰা ভেদ হৈল। তাক কহোঁ শুনা। কাকত-কুটাৰ ঘাটতে শঙ্কৰ পৰলোক হৈল। পাচে মাধৱ আতা বৰপেটাক আসি বোলে ঈশ্বৰ পুৰুষে কেৱল ধৰ্ম্ম মোকেসে দি গৈল, এই বুলি ভনিপুৰীয়া গোপালক শিষ্য কৰি নাম ঘোষা দিলে, গোপালে দিলে শ্ৰীৰামক; শ্ৰীৰামে তিনিশ ঘোষাদি হাজাৰী ঘোষা কৰিলে; তাৰে তিনিশৰ মূল নাই। সাতশৰ মূল নামমালিকা আছে, যাক বুৰি ঘোষা বোলে। তাকো গজপতি ৰাই কৰা। চৈতন্যে শঙ্কৰক দিয়া হেন নকহে, শঙ্কৰে বেদ বিচাৰি আনিছে বুলিসে কহে। এই প্ৰৱৰ্ত্তনি বৰাই কৰি কৰিলে। পাচে ইদেশৰ লোকে ভাৰ ভেটি দামোদৰক দিয়ে, শিষ্য ভজে; মাধৱৰ ভিতিকে নাযাই দেখি বোলে মূৰ্খ ব্ৰাহ্মণৰসে সকল পূজা ভৈলা, আমাৰ কিছো নভৈলা। এই অসূয়া মনে ভাৱনা আৰম্ভিলে; তাকো লোকে চাইবাহে যাই; ভাৰ ভেটি নেনে দেখি পাচে কপট ভাৱ পাতিলে। ৰহস্যত অবোধ লোকক ঈশ্বৰৰ চিহ্ন চক্ৰ দেখাই আপুনি ঈশ্বৰ বোলাইবে, ধৰিলেক। এই কথা গৰুড়ধ্বজ ভট্টে শুনি, দূৰ্ল্লভ দাসক ৰহস্যে