সৎসম্প্ৰদায় কথা/একাদশ অধ্যায়—দামোদৰী সম্প্ৰদায় প্ৰকাশ
[ ৫৫ ]
একাদশ অধ্যায়৷
দামোদৰী সম্প্ৰদায় প্ৰকাশ।
এখন দামোদৰে তিনি পীঠত চাৰি আচাৰ্য্য পাতি যি ক্ৰমে পাতিলে তাক শুনা। পাচে দেৱ দামোদৰে বলদেৱক পুত্ৰ বোধে ৰাখি, ৰত্ন পীঠত আচাৰ্য্য পাতিলা। পাচে আধাৰ যদুমণি সমে বংশী গোপালক সৌমাৰ পীঠৰ আচাৰ্য্য পাতি পঠাইলা। কামপীঠৰ দক্ষিণে সন্তদেৱক, উত্তৰে ভগৱানক, মধ্যত কবিৰত্নক আচাৰ্য্য পাতিলা। পাচে শ্ৰীকৃষ্ণ দেৱে সহিতে কবিৰত্নদেৱৰ কন্দল ভৈল। এই বাৰ্ত্তা বলোৰাম বৈৰাগীৰ মুখে বেহাৰে দামোদৰে শুনি বোলে যি জনে মোক মনৰ প্ৰিয় বস্তু দি তুষ্ট কৰে তাক সত্ৰত পাতিম। এই কথা বলোৰাম বৈৰাগীত কৈ পঠাইলা। পাচে শ্ৰীকৃষ্ণদেৱে অনেক উপায়ন বস্তু দি পঠাইলে; কবিৰত্নদেৱে কথাভাগৱত ৰচি দিলে। পাচে দামোদৰে লক্ষ্মীনাৰাণ ৰাজাৰ আগত কথাভাগৱত মেলি চাই, এই মোৰ শাশ্বত প্ৰিয়বস্তু, আতে সন্তুষ্ট ভৈলো। শ্ৰীকৃষ্ণ ভাতিজাৰ দিয়া [ ৫৬ ] অশাশ্বত বস্তু; এই বুলি কবিৰদেৱক ভাগৱতভট্ট নাম দি ফিৰি বলোৰামকে পঠাই পাটবাউসীত মালাদি থাপিলে। পাচে শ্ৰীকৃষ্ণদেৱে অপমান কৰি তৈৰ পৰা গৈল। এইৰূপে চাৰি দিশৰ চাৰি আচাৰ্য্য ঢোঙ্কাচল হৈলা; বাৰ মহন্তে ভৈল কেশাচল, ভাগৱত ভট্ট ভৈল মধ্যত মেৰুগিৰি প্ৰায়। প্ৰৱল হই পুনু বাৰজন মহন্ত পাতি দামোদৰৰ প্ৰৱৰ্ত্তনি বহু প্ৰকাশ কৰিলা। পাচে সৌমাৰ দেশত অভক্তীয়া অসম ৰাজা হুই, ভক্ত বৈষ্ণৱক দুখ দিয়ে দেখি ভয়তে সবে মহন্ত অন্তৰিল। পাচে ৰাজাৰ চৰিয়ায় বিচাৰি ফুৰন্তে কামৰূপত বৰ মুকুন্দক পালে। তাঞি নিত্যানন্দৰ শিষ্য; তাঞিকে মৌনী মুকুন্দ বোলে; পাচে তান হাত পায়ে ৰাজাৰ চিহ্ন দেখি চৰিয়ায় যাই ৰাজাত কৈলে। ৰাজা শুনি বোলে বিদেশী মহন্ত ভৈল; আমাৰ দেৱ কামাখ্যা দেখিব লাগে; এই বুলি ছল কৰি উজাই নি গড়গ্ৰামত কাটিলে। পাচে তান দেহৰ পৰা দুগ্ধ শ্ৰৱিল। সৌমাৰ পীঠত সাত দিন কম্পি আছিল। অভক্তীয়া ৰাজাও বৰ হোলোঙ্গাত ধৰি বোলে মুকুন্দ ইবাৰ মোক ৰাখা হিন্দুৰ দেৱ আছে বুলি নাজানো। এই [ ৫৭ ] বুলি বৰ ভীত ভৈল। সেই বেলা বংশী গোপালদেৱ লোহিত্যৰ কাষে হাবিত পলাই আছিল; তাতে গোবিন্দঠাকুৰে মগনীয়া ব্ৰাহ্মণৰূপে ভিক্ষা খুজিবাক গৈলা। বংশী গোপালে দেখি বাহা বিচাৰি, চাৰি মুঠি চাউল দি চৰিয়া বুলি পচে পাচে গৈল। পাচে পন্থত দেখে নাই। পাচে বংশী গোপালে নিশ্চয় কৰিবে নাপাৰি শঙ্কিত ভৈল। পাচে সেই নিশাত গোবিন্দঠাকুৰে স্বপ্ন দেখাই বোলে বংশী গোপাল, ভিক্ষুকৰূপে মঞি দিনত গৈছিলো। তঞি আৰ ভয় নকৰিবি। পাচে সেই নিশা ৰাজাকো স্বপ্ন দেখাই বোলে মোৰ গোপালক দুখ দিয়স যদি, তোক নেৰিম। এই স্বপ্ন ৰাজা দেখি প্ৰাতেসে উঠি বোলে হিন্দুৰ-দেৱ গোপাল বামুন কৈত আছে নিৰ্ভয় দি বিচাৰি আন। পাচে চবিয়াই যাই লোহিত্যত বিচাৰি পাই নিৰ্ভয় দি আনিব ধৰিলে; পাঁচে বংশীগোপালে আউনিহাটীক পাই আৰ উজাই নাহে। পাচে ৰাজা তৈতে সত্ৰ বান্ধি দি পাতিলে। পাচে বংশী গোপালক বালিৰ পৰা তুলি আনি সত্ৰত থাপিলে। পাচে স্বৰ্গ ৰাজাও বংশীগোপালৰ ঠাই শৰণ লৈ ভক্তীয়া হৈল। পাচে আধাৰ যদুমণি প্ৰমুখে আনো [ ৫৮ ] মহন্তসবক পুত্ৰ কৰি ৰাখিলে। পাচে বৈকুণ্ঠে পয়ান কৰিতে পাঠেক গোসাঞিক পাতি গৈল দেখি বনমালীদেৱে অপমান কৰি বেহাৰে যাই দেৱ দামোদৰত কৈল। দামোদৰে বোলে তুমি ঠাকুৰ দ্বাৰে যাই ভাগবত পঢ়ি আহা। এই আজ্ঞা শুনি ঠাকুৰ দ্বাৰে যাই অল্পকালতে ভাগৱত পঢ়ি পুনু বেহাৰে যাই দেৱ দামোদৰক ভাগৱত শুনাইলে; পাচে দামোদৰে ভাগৱতত নিপুন দেখি বোলে বনমালী তুমি শুকদেৱ আসিছা কিন্তু গোপালৰ পো নহৱা মোৰহে পো; এই বুলী চূটক বনমালী নাম দি সৌমাৰ দেশৰ দ্বিতীয় আচাৰ্য্য পাতি পঠাইলা। পাচে বনমালীদেৱেও দেৱ দামোদৰৰ আজ্ঞাএ আসি দক্ষিণ-পাটত সত্ৰ কৰি জয়ধ্বজ, চক্ৰধ্বজ প্ৰমুখে ৰাজা সবক ভক্ত কৰাইলা। সেই দিনৰ পৰা হৰিভক্ত হুই ৰাজা সবে দেৱ দেৱালয় সভা প্ৰতিপাল কৰি সুখে ৰাজ্যভোগ কৰি আছে। হে নৰনাৰী সব দেখা চৈতন্যৰ চৌষষ্ঠি মহন্তৰ মধ্যত মুখ্য দামোদৰ হুই তান বৰে তিনি পীঠত পূজ্য হুই ভক্তিকল্পতৰু প্ৰাই ভৈল। এতেকে আগে চৈতন্যে ৰুইল, শঙ্কৰে পালিল, শিষ্য প্ৰশিষ্যৰূপে স্কন্ধ শাখা [ ৫৯ ] বাঢ়ি তিনি দেশ জুৰিল; এনয় বাঞ্চিত ভক্তি ফলদায়ক কল্পতৰুপ্ৰায় দামোদৰক বন্দি হৰি বোল হৰি।
চৈতন্যৰোপিতং পূৰ্ব্বং শঙ্কৰেণ চ পালিতং।
ভক্তিকল্পতৰুং বন্দে শ্ৰীদামোদৰসদ্গুৰুং॥
সম্প্ৰদায় কথা হ্যেষা প্ৰাক্তনি শিষ্ট সম্মতাং।
সতাং ভ্ৰান্তিনিৰাশায় ময়াত্ৰ বিবৃতীকৃতা॥
ইতি শ্ৰীকবিৰত্নবিৰচিতায়াং সৎ-সম্প্ৰদায়কথায়াং
দামোদৰী সম্প্ৰদায় প্ৰকাশো নামৈকাদশোহধ্যায়ঃ।
অন্ত।