দাসে ফিৰি চতুৰ্ভুজ দেখাব ধৰিলে। পাচে নৰহৰি ডেকাই লক্ষ কৰি চাই মিচা পাই ৰাজাত কৈলা। ৰাজা শুনি বোলে বেটা একবাৰ ৰইল,—ইবাৰ কাটিবো বুলি ধৰি নি জামাই মাধৱকে অনাই বাদ কৰিবাক দিলে। পাচে তাঞি বেদান্তিক পণ্ডিত, অঙ্কবিদ্যাতো নিপুণ, এই জানি মাধৱে বোলে কালি বিহানে বাদ কৰিম। এই বুলি সেই নিশা অপবস্তু খাই আত্মঘাত কৰিলে। পাচে বিহানে ৰাজা শুনি বোলে বেটা মাধৱদাস মোৰ খাণ্ডা আপুনি লৈল, বেটা ভূত হৈবেক, নগৰৰ বাজ কৰি পেলাৱ। এই শুনি মধুপুৰীয়া ভকতে ৰহস্যে সূচি দি তাৰ তালু বিন্ধি দেখাই বোলে মহাপুৰুষে কলিৰ ব্ৰাহ্মণৰ লগে বাদ হেন দেখি মূৰ্দ্ধাস্কোট কৰি প্ৰাণ চাড়িলে। এই বুলি তাৰ পাৱ ধুয়াই জল হাণ্ডি ভৰাই ঘোৰাঘাটে দাহ কৰিলে। এই বুলি কামেশ্বৰ সন্ন্যাসী, বাগীশ ভট্ট, দামোদৰে বোলে কি অকাৰ্য্য কৰিলে। আমাৰ লোকে মধুপুৰীয়াক নুচুবি। মধুপুৰীয়ায়ো বোলে আমিয়ো বামুনীয়াক নোচোঁ। আৰে পৰা দুইৰো ভক্তৰ খোৱা চোৱা গুচিল। পাচে ৰাজা লক্ষ্মীনাৰাণে মাধৱৰ নাতিনী দময়ন্তীক কাঢ়ি নি জাতি
পৃষ্ঠা:সৎসম্প্ৰদায় কথা.djvu/৫৩
অৱয়ব