স্বাগতম পৰীক্ষা/শৰীৰৰ যত্ন— আহাৰ, জিৰণি, ব্যায়াম

ৱিকিউৎসৰ পৰা

[ ১২ ]

 

শৰীৰৰ যত্ন— আহাৰ, জিৰণি, ব্যায়াম

 পূৰ্বৰ অনুচ্ছেদত আমি পৰীক্ষকেনো কি বিচাৰে সেই সম্পৰ্কে বিস্তাৰিতভাৱে আলোচনা কৰিলো। গতিকে বিভিন্ন পৰীক্ষাবোৰত লিখিত, মৌখিক আৰু প্ৰেক্টিকেল পৰীক্ষাত পৰীক্ষকে বিচৰাখিনি সুন্দৰভাৱে প্ৰদৰ্শন কৰিব পৰা পৰীক্ষাৰ্থীগৰাকীয়ে পৰীক্ষাৰ নিজস্ব উদ্দেশ্যত সফল হ’ব পাৰিব, অৰ্থাৎ বেছি নম্বৰ বা উচ্চ গ্ৰেড লাভ কৰিব পাৰিব। কিন্তু এই যোগ্যতা পৰীক্ষাৰ জৰিয়তে পৰীক্ষকক প্ৰদান কৰিবলৈ ছাত্ৰ- ছাত্ৰীসকলে নিজকে সাজু কৰিব পাৰিব লাগিব। আৰু তাৰবাবে ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন পৰিকল্পনা, অধ্যয়ন, অনুশীলন, অধ্যৱসায়, একাগ্ৰতা আদিৰ প্ৰয়োজন হ’ব আৰু সকলোৰে বাবে লাগিব এক সুস্থ স্বাস্থ্য, সুস্থ শৰীৰ আৰু সুস্থ মন।

 সুস্থ শৰীৰ সকলো কামৰে সফলতাৰ এক অন্যতম চৰ্ত। আৰু বিতৰ্কৰ অৱকাশ থাকিলেও বৰ্তমানলৈ জনামতে ‘মন’ হ’ল শৰীৰৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ, প্ৰধানকৈ মগজুৰ মাজত চলি থকা এক জটিল ক্ৰিয়াকলাপৰ সমষ্টি আৰু সেইবাবে সুস্থ মনৰ কথা বেলেগকৈ আলোচনা কৰাৰ কোনো প্ৰয়োজন নাই। সুস্থ শৰীৰে সুস্থ মনকো সূচায়, অন্ততঃ আমি সেইভাবেই বিবেচনা কৰিছো। অৱশ্যে ইতিহাসৰ বিভিন্ন সময়ত দেখা যায় যে, শাৰীৰিকভাৱে অসুস্থ বহুতো ব্যক্তিয়েও বিভিন্ন ক্ষেত্ৰত চমকপ্ৰদ সফলতা অৰ্জন কৰিছে, বিশ্বজুৰি অভূতপূৰ্ব খ্যাতি লাভ কৰিছে, বিশ্বসভ্যতালৈ অমূল্য বৰঙণি আগবঢ়াইছে। তেনে কবি, সাহিত্যিক, বিজ্ঞানী, সংগীতজ্ঞ, খেলুৱৈ, শিল্পী আদিৰ অসংখ্য দৃষ্টান্ত আমাৰ সমাজত আছে। দুৰাৰোগ্য কৰ্কট ৰোগত ভুগিও ফ্ৰয়েডে মনোবিজ্ঞানলৈ অকল্পনীয় বৰঙণি আগবঢ়াইছে, দুষ্প্ৰাপ্য স্নায়ুৰোগত আক্ৰান্ত হৈও ষ্টিফেন হকিঙে তাত্ত্বিক পদাৰ্থবিজ্ঞানৰ গৱেষণাত প্ৰচুৰ খ্যাতি অৰ্জন কৰিছে, শ্ৰৱণ শক্তিহীন হৈও বিথোভেনে সংগীতজগতত বিপ্লৱৰ সূচনা কৰিছে, অন্ধ কবি হোমাৰে কালজয়ী সাহিত্য সৃষ্টি কৰি গৈছে ইত্যাদি ইত্যাদি। এনে উদাহৰণ বিশ্ব ইতিহাসৰ পাতে পাতে পৰি আছে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে, সভ্যতাৰ বিভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ হ’লে তেওঁ শাৰীৰিকভাৱে অসুস্থ হ’বই লাগিব। কাৰণ বিশ্ব ইতিহাসৰ মহৎ প্ৰতিভাধৰসকলৰ ভিতৰত অসুস্থ ব্যক্তিতকৈ সুস্থ ব্যক্তিৰ সংখ্যা বহুগুণে বেছি। বহু ক্ষেত্ৰত উজ্জ্বল স্বাস্থ্য আৰু দীৰ্ঘ জীৱন একোজন ব্যক্তিৰ মহত্ত্ব বৃদ্ধিৰ অন্যতম কাৰণ। ব্যতিক্ৰম সকলোতে আছে। কিন্তু ব্যতিক্ৰমৰ কথা দৃষ্টান্ত হিচাপে নলৈ অব্যতিক্ৰম বা [ ১৩ ] বেছি সম্ভাৱনাপূৰ্ণ উদাহৰণকহে আমি অনুসৰণ কৰাটো উচিত হ’ব। সেই অসুস্থ মহৎ লোকসকলৰ আন ক্ষেত্ৰত থকা বিৰল প্ৰতিভাইহে সেই অসুস্থতাকো অতিক্ৰম কৰি বিশ্বসভ্যতালৈ নিজ নিজ ক্ষেত্ৰত বৰঙণি যোগোৱাত সহায় কৰিছে। কিন্তু সেই বিৰল প্ৰতিভা সকলোৰে নাথাকিবও পাৰে আৰু শাৰীৰিক অক্ষমতা বেছিভাগ ব্যক্তিৰে প্ৰতিভা প্ৰকাশৰ অন্যতম বাধা হিচাপে থিয় হ’ব পাৰে। গতিকে এনেবোৰ কথা বিবেচনা কৰি সুস্থ শৰীৰ এটি সকলো ক্ষেত্ৰতে সফলতা লাভ কৰাৰ এক অন্যতম চৰ্ত বুলি বিবেচনা কৰিব লাগিব আৰু সেই হিচাপে ছাত্ৰ-ছাত্ৰীসকলেও শৰীৰ সম্পূৰ্ণ সুস্থ, নিৰোগী কৰি এই উজ্জ্বল স্বাস্থ্য লাভ কৰিবলৈ প্ৰচেষ্টা চলাব লাগিব।

 যন্ত্ৰ এটি দক্ষতাৰে পৰিচালনা কৰি তাৰ পৰা সৰ্বোচ্চ সেৱা আদায় কৰাৰ বাবে যন্ত্ৰটোৰ গঠন, কাৰ্যপ্ৰণালী, নিৰ্দিষ্ট ইন্ধন, নিয়ন্ত্ৰক চাবি আদি সম্পৰ্কে সম্যক জ্ঞান থকা প্ৰয়োজন। একেদৰে মানুহৰ সবাতোকৈ মূল্যবান সম্পদ মানৱ-যন্ত্ৰ— ইয়াৰ শৰীৰটো সুন্দৰভাৱে পৰিচালনা কৰি জীৱনত সফলতা লাভ কৰাৰ বাবেও শৰীৰৰ গঠন, কাৰ্যপ্ৰণালী, খাদ্য, জিৰণি, ব্যায়াম আদি সম্পৰ্কে সন্তোষজনক জ্ঞান থকা দৰকাৰ। অৱশ্যে আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাভিত্তিক জ্ঞানৰ বিস্ফোৰণৰ যুগত অকল্পনীয়ভাৱে বৃদ্ধি পোৱা শৰীৰ সম্পৰ্কেও বিস্তাৰিত সূক্ষ্মতৰ জ্ঞানবোৰ লাভ কৰা বা তাৰবাবে প্ৰচেষ্টা চলোৱাৰ ছাত্ৰ-ছাত্ৰীসকলৰ কোনো আৱশ্যক নাই। যদিহে পাঠ্যক্ৰমৰ ই অন্তৰ্গত নহয়, মোটামুটি সাধাৰণ জ্ঞানেই যথেষ্ট। শৰীৰৰ প্ৰধান গঠন প্ৰণালী এনে ধৰণৰঃ শৰীৰৰ গঠন সদৃঢ়ভাৱে ধৰি ৰখাৰ বাবে অস্থিসজ্জা, বিভিন্ন অংগ-প্ৰত্যংগৰ সঞ্চালনৰ বাবে পেশীপ্ৰণালী, হৃদপিণ্ডকে ধৰি ৰক্ত সঞ্চালনতন্ত্ৰ, মগজুক লৈ স্নায়ুতন্ত্ৰ, পৰিপাকতন্ত্ৰ, শৰীৰৰ অদৰকাৰী বস্তু বাহিৰ কৰি দিয়া ৰেচনতন্ত্ৰ ইত্যাদি। এই প্ৰতিবিধ প্ৰণালীৰে নিজস্ব কাৰ্যপ্ৰণালী আছে আৰু নিজ নিজ ভূমিকাৰে শৰীৰটো সুস্থভাৱে পৰিচালনা কৰি থাকে। এই বিভিন্ন প্ৰণালীৰ অন্তৰ্গত বিভিন্ন অংগ-প্ৰত্যংগৰ প্ৰায়বোৰ আমাৰ জীয়াই থকাৰ বাবে অত্যন্ত আৱশ্যকীয়, অৰ্থাৎ তেনেবোৰ অংগ-প্ৰত্যংগৰ ক্ষতি হ’লে মানুহ জীয়াই থাকিব নোৱাৰে। অৱশ্যে কিছুমান অংগ-প্ৰত্যংগৰ আংশিক বা সম্পূৰ্ণ ক্ষতি হ’লেও মানুহ জীয়াই থাকিব পাৰে। কিন্তু এটা কথা নিশ্চিত যে, এজন সম্পূৰ্ণ সুস্থ স্বাভাৱিক মানুহৰ শৰীৰতকৈ সামান্যভাৱে ক্ষতিগ্ৰস্ত হোৱা অংগ-প্ৰত্যংগৰ শৰীৰ এটিয়েও যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। সেইবাবে এই মহা মূল্যৱান শৰীৰটো সম্পূৰ্ণ সুস্থ ৰাখিবলৈ মানুহে যৎপৰোনাস্তি প্ৰচেষ্টা চলোৱা উচিত আৰু ছাত্ৰ- ছাত্ৰীসকলেও এই কথাত যথোচিত গুৰুত্ব আৰোপ কৰা উচিত। মানৱ শৰীৰৰ সুস্থতা তথা সৰ্বাধিক কৰ্মক্ষমতাৰ বাবে সবাতোকৈ গুৰুত্ব আৰোপ কৰিবলগীয়া বিষয়কেইটা হ’ল— খাদ্য, জিৰণি আৰু ব্যায়াম। খাদ্য বা আহাৰ মানুহৰ মৌলিক প্ৰয়োজনীয় বস্তুৰ [ ১৪ ] ভিতৰত অন্যতম। অকল মানুহৰে নহয়; সকলো প্ৰাণী বা উদ্ভিদ বা সমগ্ৰ জীৱজগতৰেই প্ৰাথমিক আৱশ্যকীয় বস্তু। আহাৰৰ অন্বেষণ, উৎপাদন, সংৰক্ষণ, প্ৰস্তুতি, পৰিবেশন আদিৰ বিচিত্ৰতা, বৰ্ণাঢ্যতাই যুগ যুগ ধৰি মানৱ সভ্যতা আৰু মানৱ সংস্কৃতিত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। মানুহৰ সুখ প্ৰদানকাৰী এক প্ৰধান উপাদান হ’ল আহাৰ। শৰীৰৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি সামগ্ৰিকভাৱে আহাৰক তিনিটা বহল ভাগত বিভক্ত কৰিব পাৰি— শ্বেতসাৰ বা কাৰ্বহাইড্ৰেট জাতীয়, মাংসসাৰ বা প্ৰ’টিন জাতীয় আৰু স্নেহপদাৰ্থ বা ফেট জাতীয়। তদুপৰি কম পৰিমাণে হ’লেও বিভিন্ন খনিজ লৱণ তথা মৌল আৰু খাদ্যপ্ৰাণ বা ভিটামিনো আমাৰ অত্যন্ত আৱশ্যকীয় খাদ্য। আনকি যথেষ্ট পানী আৰু অম্লজান বা অক্সিজেনো আমাৰ শৰীৰক আৱশ্যকীয় বাবে ইহঁতকো খাদ্যৰ অন্তৰ্ভুক্ত কৰিব পাৰি। ইয়াৰে শ্বেতসাৰ জাতীয় আহাৰে শক্তিদায়ক, মাংসসাৰ জাতীয় আহাৰে পৰিবৰ্ধক তথা পুষ্টিদায়ক আৰু স্নেহপদাৰ্থ জাতীয় আহাৰে শক্তিসংৰক্ষক হিচাপে শৰীৰত সাধাৰণতে কাম কৰে। অৱশ্যে আৱশ্যক অনুযায়ী মাংসসাৰ বা স্নেহপদাৰ্থ জাতীয় আহাৰেও শক্তিদায়ক হিচাপে কাম কৰিব পাৰে। অতি সহজভাৱে ক’বলৈ গ’লে শৰীৰত শক্তি উৎপাদন প্ৰণালীটো হ’ল এনে ধৰণৰঃ শ্বেতসাৰ বা কাৰ্বহাইড্ৰেট হ’ল এঙাৰ বা কাৰ্বন আৰু উদযান বা হাইড্ৰ’জেনযুক্ত এবিধ যৌগিক পদাৰ্থ। শৰীৰৰ পাচনতন্ত্ৰৰ পৰা তেজে এই কাৰ্বহাইড্ৰেটসমূহ শৰীৰৰ বিভিন্ন পেশীসমূহৰ কোষসমূহলৈ কঢ়িয়াই নিয়ে। আকৌ হাওঁফাওঁৰ পৰা তেজে অক্সিজেন গেছ পুনৰ সেই কোষসমূহলৈ লৈ যায়। অক্সিজেনৰ পৰিবেশত কাৰ্বহড্ৰেটৰ দহন ঘটি কাৰ্বনৰ অম্লজ এঙাৰগেছ আৰু হাইড্ৰ’জেনৰ অম্লজ জলীয় ভাপৰ সৃষ্টি হয় আৰু লগতে শক্তি উৎপাদন হয়। শৰীৰটো সুস্থভাৱে পৰিচালিত হ’বলৈ হ’লে ওপৰত উল্লেখ কৰা আটাইবোৰ উপাদান আহাৰত আৱশ্যকীয় পৰিমাণে থকাটো দৰকাৰ। প্ৰধানতঃ ভাত, ৰুটী আদিত শ্বেতসাৰ; মাছ, মাংস, দাইল আদিত মাংসসাৰ আৰু তেল, ঘিউ আদিত স্নেহপদাৰ্থ বেছিকৈ থাকে। সতেজ শাক-পাচলি, ফলমূল, গাখীৰ আদিত খাদ্যপ্ৰাণ, খনিজ লৱণ আৰু আৱশ্যকীয় মৌল আদি অধিক পৰিমাণে থাকে। গতিকে আমাৰ খাদ্য-তালিকাত এই সকলোবোৰ খাদ্য সঠিক পৰিমাণে থকাটো দৰকাৰ। আমাৰ খাদ্যনীতি সম্পৰ্কে ভালদৰে জানিবলৈ ছাত্ৰ-ছাত্ৰীসকলে আহাৰ আৰু স্বাস্থ্য সম্পৰ্কে লিখা দুই-তিনিখন ভাল কিতাপ খৰচি মাৰি পঢ়িব লাগে। তাৰ পৰা তেওঁলোকৰ খাদ্যনীতি সম্পৰ্কে এটি ভাল জ্ঞান হ’ব। অৱশ্যে পৰম্পৰাগতভাৱেই মানুহে ইতিমধ্যে আহাৰ সম্পৰ্কে যথেষ্ট অভিজ্ঞতা সঞ্চয় কৰি লৈছেই আৰু পৰীক্ষাৰ্থীসকলেও দৈনন্দিন জীৱন- যাপনত তাক প্ৰয়োগ কৰি আহিছেই। তথাপি পৰীক্ষাৰ্থীসকলে কিছুমান কথা অত্যন্ত গুৰুত্বসহকাৰে বিবেচনা কৰা উচিত। তেওঁলোকে যেন খাদ্য উপযুক্তভাৱে সময়মতে [ ১৫ ] গ্ৰহণ কৰে। খাদ্য গ্ৰহণৰ সময়ত কোনো চিন্তা, উত্তেজনা, বিষাদ মনলৈ নানে। কাৰণ, মানসিক অৱস্থাৰ লগত মানুহৰ পাচনতন্ত্ৰৰ ওচৰ সম্পৰ্ক আছে। তেওঁলোকে যেন প্ৰধান আহাৰ গ্ৰহণ কৰি উঠিয়েই পঢ়িবলৈ নবহে। অন্ততঃ পোন্ধৰ মিনিট সময় লাহে লাহে খোজকাঢ়ি উঠিহে পঢ়িবলৈ বহা ভাল। পৰীক্ষাৰ্থীসকলে মনত ৰখা দৰকাৰ যে, খাদ্যনীতিয়েই হ’ল সুস্থ, স্বাস্থ্যৱান শৰীৰৰ প্ৰধান চৰ্ত আৰু প্ৰকাৰন্তৰে তেওঁলোকৰ পৰীক্ষাৰ সফলতাৰ এক প্ৰধান সঁচাৰ কাঠি। আহাৰৰ পিছতেই মানুহৰ স্বাস্থ্যৰ বাবে মনোযোগ দিবলগীয়া বিষয়টো হ’ল জিৰণি। টোপনি বা নিদ্ৰাই হ’ল প্ৰাণীৰ শৰীৰৰ সবাতোকৈ আৱশ্যকীয় জিৰণি। শৰীৰ সুস্থভাৱে ৰাখি কাম কৰি থাকিবলৈ হ’লে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে নিৰ্দিষ্ট সময়ৰ বাবে নিদ্ৰাৰ প্ৰয়োজন। অৱশ্যে বহু ক্ষেত্ৰত ব্যক্তিভেদে বা ব্যক্তিৰ বয়সৰ তাৰতম্য অনুযায়ী প্ৰয়োজনীয় নিদ্ৰাৰ সময়ৰ পৰিমাণে বিভিন্ন হয়। সাধাৰণতে সৰু ল’ৰা-ছোৱালীক অধিক সময় আৰু বৃদ্ধ মানুহক কম সময়ৰ বাবে টোপনি বা নিদ্ৰাৰ প্ৰয়োজন হয়। তদুপৰি কঠোৰ পৰিশ্ৰম কৰিলে— প্ৰধানকৈ মগজুৰ বেছি পৰিশ্ৰম হ’লে বেছি টোপনিৰ প্ৰয়োজন হয়। আহাৰৰ দৰে সাধাৰণ স্বাস্থ্যবিধিৰ কিতাপতেই মানুহৰ টোপনিৰ অভ্যাস সম্পৰ্কেও পোৱা যায় আৰু পৰীক্ষাৰ্থীসকলে তাৰ পৰা টোপনি সম্পৰ্কে সম্যক জ্ঞান আহৰণ কৰা উচিত। আহাৰৰ দৰে ছাত্ৰ- ছাত্ৰীসকলে নিদ্ৰাৰ ক্ষেত্ৰতো নিয়মানুৱৰ্তিতা মানি চলা উচিত। সদায় একে সময়তে শোৱাৰ অভ্যাস কৰিলে একে সময়তে সাৰ পোৱা যায় আৰু নিয়মমতে আন কাম কৰাৰ সুবিধা পোৱা যায়। শোৱাৰ পৰা উঠি শৰীৰ আৰু মনলৈ সতেজতা আৰু উৎসাহ আহিলেই টোপনি সম্পূৰ্ণ হোৱা বুলি বুজিব লাগিব। বিদ্যালয় বা মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীৰ বাবে সাধাৰণতে ৭ বা ৮ ঘণ্টা টোপনিৰ আৱশ্যক যদিও ব্যক্তিভেদে ইয়াৰো কিছু তাৰতম্য হ’ব পাৰে। ডাঙৰ শব্দ, কোলাহল, উজ্জ্বল পোহৰ, বেছি কোমল বা বেছি কঠিন শোৱাপাটী, খুব ঠাণ্ডা ব খুব গৰম, বায়ু চলাচল কৰিব নোৱাৰা কোঠা, অত্যন্ত বেছি বা খুব কম শাৰীৰিক আৰু মানসিক কাৰ্য, উত্তেজনা, চিন্তা, অনাৱশ্যকীয় উৎফুল্লতা বা বিষাদ, শাৰীৰিক ৰোগ আদি বিভিন্ন বিষয়ে মানুহৰ টোপনিত ব্যাঘাত জন্মায় আৰু ছাত্ৰ-ছাত্ৰীসকলে যথাসম্ভৱ ইয়াক পৰিহাৰ কৰি চলিব লাগে, বিশেষকৈ শুবলৈ যোৱাৰ আগতে। কমকৈ শোৱা যেনেদৰে বেয়া, বেছিকৈ শোৱাও ক্ষতিকাৰক। ছাত্ৰ-ছাত্ৰীসকলে মনত ৰাখিব লাগে যে, শৰীৰক অনাৱশ্যকীয়ভাৱে বিছনাত পৰি থাকিবলৈ দিবলৈ তেওঁৰ সময় নাই আৰু সেই সময়খিনি অধ্যয়নত প্ৰয়োগ কৰিলেহে তেওঁৰ সফলতাৰ ক্ষেত্ৰত এখোজ হলেও আগবঢ়াত সহায়ক হ’ব।

 আহাৰ আৰু জিৰণিৰ দৰে ব্যায়ামো শৰীৰৰ বাবে অত্যন্ত আৱশ্যকীয়। যন্ত্ৰ এটি সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ থাকিবলৈ তাৰ যেনেদৰে নিয়মিত ব্যৱহাৰৰ প্ৰয়োজন, শৰীৰটো [ ১৬ ] উপযুক্তভাৱে কাৰ্যক্ষম হৈ থাকিবলৈ ইয়াৰ বিভিন্ন অংগ-প্ৰত্যংগৰ নিয়মিত ব্যৱহাৰৰো আৱশ্যক। নিৰ্দিষ্ট সময়ত, নিৰ্দিষ্ট পৰিমাণৰ খেলা-ধূলা হ’ল শৰীৰৰ অংগ-প্ৰত্যংগসমূহৰ নিয়মিত ব্যৱহাৰৰ উপায়। আহাৰ আৰু নিদ্ৰাৰ দৰেই পৰীক্ষাৰ্থীসকলে খেলা-ধূলা আৰু সাধাৰণ স্বাস্থ্যবিধিত ব্যায়ামৰ প্ৰয়োগ সম্পৰ্কে বিভিন্ন কিতাপ পঢ়ি আৱশ্যকীয় জ্ঞান অৰ্জন কৰি ল’ব লাগে। প্ৰধানকৈ শাৰীৰিক পৰিশ্ৰম কৰি জীৱিকা নিৰ্বাহ কৰা লোকসকলৰ ক্ষেত্ৰত খেলা-ধূলা বা ব্যায়ামৰ প্ৰয়োজন বিশেষ নাই। কিন্তু ছাত্ৰ- ছাত্ৰীসকলৰ যিহেতু শাৰীৰিক শ্ৰম খুব কম হয়, তেওঁলোকৰ বাবে শাৰীৰিক কছৰৎ অত্যন্ত আৱশ্যকীয়। এই ক্ষেত্ৰতত ছাত্ৰ-ছাত্ৰীসকলে কঠোৰ নিয়মানুৱৰ্তিতা পালন কৰা উচিত; বেছি কঠিন খেল-ধেমালি বা কঠিন ব্যায়াম অনুষ্ঠিত কৰা উচিত নহয়। সাধাৰণতে আবেলি আধাঘণ্টাৰ পৰা এঘণ্টা সাধাৰণ খেল-ধেমালি আৰু মুক্তহস্ত ব্যায়ামেই যথেষ্ট।

 মুঠ কথা ছাত্ৰ-ছাত্ৰীসকলৰ সুস্থ স্বাস্থ্যৱান শৰীৰ এটি অতি মূল্যৱান সম্পদ। শৰীৰৰ বাবে অত্যন্ত আৱশ্যকীয় আহাৰ, জিৰণি আৰু ব্যায়াম সম্পৰ্কে সম্যক জ্ঞান আহৰণ কৰি কঠোৰ নিয়মানুৱৰ্তিতাৰ মাজেৰে শৰীৰক পৰিচালনা কৰি আৰু ইয়াৰ পৰা সৰ্বাধিক লাভ আদায় কৰি তেওঁলোকে সফলতাৰ পথত অগ্ৰসৰ হোৱা উচিত।