পৃষ্ঠা:Swagatam Pariksha.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্বাগতম পৰীক্ষা


বেছি সম্ভাৱনাপূৰ্ণ উদাহৰণকহে আমি অনুসৰণ কৰাটো উচিত হ’ব। সেই অসুস্থ মহৎ লোকসকলৰ আন ক্ষেত্ৰত থকা বিৰল প্ৰতিভাইহে সেই অসুস্থতাকো অতিক্ৰম কৰি বিশ্বসভ্যতালৈ নিজ নিজ ক্ষেত্ৰত বৰঙণি যোগোৱাত সহায় কৰিছে। কিন্তু সেই বিৰল প্ৰতিভা সকলোৰে নাথাকিবও পাৰে আৰু শাৰীৰিক অক্ষমতা বেছিভাগ ব্যক্তিৰে প্ৰতিভা প্ৰকাশৰ অন্যতম বাধা হিচাপে থিয় হ’ব পাৰে। গতিকে এনেবোৰ কথা বিবেচনা কৰি সুস্থ শৰীৰ এটি সকলো ক্ষেত্ৰতে সফলতা লাভ কৰাৰ এক অন্যতম চৰ্ত বুলি বিবেচনা কৰিব লাগিব আৰু সেই হিচাপে ছাত্ৰ-ছাত্ৰীসকলেও শৰীৰ সম্পূৰ্ণ সুস্থ, নিৰোগী কৰি এই উজ্জ্বল স্বাস্থ্য লাভ কৰিবলৈ প্ৰচেষ্টা চলাব লাগিব।

 যন্ত্ৰ এটি দক্ষতাৰে পৰিচালনা কৰি তাৰ পৰা সৰ্বোচ্চ সেৱা আদায় কৰাৰ বাবে যন্ত্ৰটোৰ গঠন, কাৰ্যপ্ৰণালী, নিৰ্দিষ্ট ইন্ধন, নিয়ন্ত্ৰক চাবি আদি সম্পৰ্কে সম্যক জ্ঞান থকা প্ৰয়োজন। একেদৰে মানুহৰ সবাতোকৈ মূল্যবান সম্পদ মানৱ-যন্ত্ৰ— ইয়াৰ শৰীৰটো সুন্দৰভাৱে পৰিচালনা কৰি জীৱনত সফলতা লাভ কৰাৰ বাবেও শৰীৰৰ গঠন, কাৰ্যপ্ৰণালী, খাদ্য, জিৰণি, ব্যায়াম আদি সম্পৰ্কে সন্তোষজনক জ্ঞান থকা দৰকাৰ। অৱশ্যে আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাভিত্তিক জ্ঞানৰ বিস্ফোৰণৰ যুগত অকল্পনীয়ভাৱে বৃদ্ধি পোৱা শৰীৰ সম্পৰ্কেও বিস্তাৰিত সূক্ষ্মতৰ জ্ঞানবোৰ লাভ কৰা বা তাৰবাবে প্ৰচেষ্টা চলোৱাৰ ছাত্ৰ-ছাত্ৰীসকলৰ কোনো আৱশ্যক নাই। যদিহে পাঠ্যক্ৰমৰ ই অন্তৰ্গত নহয়, মোটামুটি সাধাৰণ জ্ঞানেই যথেষ্ট। শৰীৰৰ প্ৰধান গঠন প্ৰণালী এনে ধৰণৰঃ শৰীৰৰ গঠন সদৃঢ়ভাৱে ধৰি ৰখাৰ বাবে অস্থিসজ্জা, বিভিন্ন অংগ-প্ৰত্যংগৰ সঞ্চালনৰ বাবে পেশীপ্ৰণালী, হৃদপিণ্ডকে ধৰি ৰক্ত সঞ্চালনতন্ত্ৰ, মগজুক লৈ স্নায়ুতন্ত্ৰ, পৰিপাকতন্ত্ৰ, শৰীৰৰ অদৰকাৰী বস্তু বাহিৰ কৰি দিয়া ৰেচনতন্ত্ৰ ইত্যাদি। এই প্ৰতিবিধ প্ৰণালীৰে নিজস্ব কাৰ্যপ্ৰণালী আছে আৰু নিজ নিজ ভূমিকাৰে শৰীৰটো সুস্থভাৱে পৰিচালনা কৰি থাকে। এই বিভিন্ন প্ৰণালীৰ অন্তৰ্গত বিভিন্ন অংগ-প্ৰত্যংগৰ প্ৰায়বোৰ আমাৰ জীয়াই থকাৰ বাবে অত্যন্ত আৱশ্যকীয়, অৰ্থাৎ তেনেবোৰ অংগ-প্ৰত্যংগৰ ক্ষতি হ’লে মানুহ জীয়াই থাকিব নোৱাৰে। অৱশ্যে কিছুমান অংগ-প্ৰত্যংগৰ আংশিক বা সম্পূৰ্ণ ক্ষতি হ’লেও মানুহ জীয়াই থাকিব পাৰে। কিন্তু এটা কথা নিশ্চিত যে, এজন সম্পূৰ্ণ সুস্থ স্বাভাৱিক মানুহৰ শৰীৰতকৈ সামান্যভাৱে ক্ষতিগ্ৰস্ত হোৱা অংগ-প্ৰত্যংগৰ শৰীৰ এটিয়েও যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। সেইবাবে এই মহা মূল্যৱান শৰীৰটো সম্পূৰ্ণ সুস্থ ৰাখিবলৈ মানুহে যৎপৰোনাস্তি প্ৰচেষ্টা চলোৱা উচিত আৰু ছাত্ৰ- ছাত্ৰীসকলেও এই কথাত যথোচিত গুৰুত্ব আৰোপ কৰা উচিত। মানৱ শৰীৰৰ সুস্থতা তথা সৰ্বাধিক কৰ্মক্ষমতাৰ বাবে সবাতোকৈ গুৰুত্ব আৰোপ কৰিবলগীয়া বিষয়কেইটা

হ’ল— খাদ্য, জিৰণি আৰু ব্যায়াম। খাদ্য বা আহাৰ মানুহৰ মৌলিক প্ৰয়োজনীয় বস্তুৰ

১৩