স্বাগতম পৰীক্ষা/পৰীক্ষকেনো কি বিচাৰে
[ ১০ ]
পৰীক্ষকেনো কি বিচাৰে
পূৰ্বৰ অনুচ্ছেদত তোমালোকক পৰীক্ষাৰ্থীৰ উদ্দেশ্য আৰু লক্ষ্য সম্পৰ্কে কোৱা হ’ল। বিভিন্ন আলোচনাৰ পৰা আমি এই সিদ্ধান্তত উপনীত হ’লো যে পৰীক্ষাৰ সময়ত প্ৰদান কৰা বিভিন্ন সা-সুবিধা বা নিৰ্দিষ্ট পৰিসীমাৰ ভিতৰত থাকি বেছি নম্বৰ লাভ কৰা বা উচ্চ গ্ৰেড পোৱাটোৱেই হ’ল পৰীক্ষাৰ্থীৰ উদ্দেশ্য বা লক্ষ্য। গতিকে এই লক্ষ্যত উপনীত হ’বলৈ আমি কেনেদৰে আগবাঢ়িব লাগিব তাক আলোচনা কৰাই হ’ল মুখ্যতঃ এই পুথিখনিৰ প্ৰধান উদ্দেশ্য। অৱশ্যে আধুনিক বিশ্ব ব্যাপক শিক্ষাব্যৱস্থাৰ লগত সংগতি ৰাখি বিস্ফোৰিত হোৱা বৈচিত্ৰ্যময় পৰীক্ষা পদ্ধতিৰ আটাইবোৰৰ বিষয়ে আমি আলোচনা নকৰো। এই বৈচিত্ৰ্যময়তাৰ ভিতৰতো সৰ্বাধিকভাৱে প্ৰচলিত লিখিত, মৌখিক আৰু প্ৰেক্টিকেল পৰীক্ষা পদ্ধতিতে আমাৰ আলোচনা সীমাবদ্ধ থাকিল। তদুপৰি বিভিন্ন বিশেষ পৰীক্ষাবোৰৰ কথা আলোচনা নকৰি সাধাৰণ বিদ্যালয় আৰু কিছু ক্ষেত্ৰত মহাবিদ্যালয়ৰ পৰীক্ষাৰ কথাহে আলোচনা কৰা হ’ব।
লিখিত, মৌখিক আৰু প্ৰেক্টিকেল এই তিনিবিধ পৰীক্ষা পদ্ধতিৰ ভিতৰত লিখিত পৰীক্ষাই সবাতোকৈ গুৰুত্বপূৰ্ণ তথা ব্যাপকতম স্থান লাভ কৰি আহিছে আৰু আমিও পোনতেই ইয়াক বিস্তাৰিত আলোচনাৰ মাজলৈ আনিম। লিখিত পৰীক্ষাৰ ক্ষেত্ৰত পৰীক্ষাৰ্থীয়ে উত্তৰ লিখা বহীখনহে মাথোঁ পৰীক্ষাৰ্থী আৰু পৰীক্ষকৰ মাজত সংযোগস্থল। সেই বহীখনৰ যোগেদিহে পৰীক্ষকে পৰীক্ষাৰ্থীক দেখা পায়। ব্যক্তিগতভাৱে তেওঁ পৰীক্ষাৰ্থীৰ বিষয়ে একো নাজানে। গতিকে পৰীক্ষকে বিচৰামতে পৰীক্ষাৰ্থীয়ে সকলোখিনি কথা বহীখনতে প্ৰকাশ কৰিব লাগিব। এইখিনিতে পৰীক্ষকেনো লিখিত পৰীক্ষাৰ যোগেদি পৰীক্ষাৰ্থীৰ পৰা কি বিচাৰে তাক কিছু আলোচনা কৰা হওক। তেওঁ বিচাৰে পৰীক্ষাৰ্থীৰ পাঠ্যক্ৰমৰ ওপৰত বিস্তাৰিত জ্ঞান, বৰ্ণনা কৰাৰ ক্ষমতা, চমুকৈ লিখা বা বিস্তাৰিতভাৱে লিখাৰ ক্ষমতা, সাৰাংশ বা মূলভাব লিখাৰ ক্ষমতা, কোনো বিষয়ৰ লগত সম্পৰ্ক থকা বিষয়বস্তুৰ জ্ঞান তথা এইবোৰ সংযোজিত কৰাৰ ক্ষমতা, পাঠ্যক্ৰমৰ বিষয়বস্তুৰ ধাৰণা কৰাৰ আৰু বুজাৰ ক্ষমতা, স্মৰণশক্তি, লিখাৰ গতি, লিখনৰ শৃংখলাবদ্ধতা তথা পৰিষ্কাৰ-পৰিচ্ছন্নতা, পৰিকল্পনা কৰাৰ ক্ষমতা ইত্যাদি। সেইবাবেই যিসকল পৰীক্ষাৰ্থীয়ে পৰীক্ষকে বিচৰা কথাখিনি নিজৰ প্ৰশ্ন-উত্তৰ লিখা বহীখনৰ যোগেদি সুন্দৰভাৱে প্ৰকাশ কৰিব পাৰে, সেইসকল পৰীক্ষাৰ্থীয়ে বিভিন্ন [ ১১ ] পৰীক্ষাত বেছি নম্বৰ বা উচ্চ গ্ৰেড লাভ কৰাৰ আশা কৰিব পাৰে। আনহাতে মৌখিক পৰীক্ষাৰ যোগেদি পৰীক্ষকে বিচাৰে পৰীক্ষাৰ্থীৰ বিষয়বস্তুৰ ওপৰত জ্ঞান, স্মৰণশক্তি, ধাৰণা কৰা আৰু বুজাৰ ক্ষমতা, বাক্ পটুতা, তৎপৰতা, প্ৰত্যুৎপন্নমতিতা ইত্যাদি। অৱশ্যে ইয়াত বিদ্যালয় বা মহাবিদ্যালয়ৰ সাধাৰণ শিক্ষাৰ লগত জড়িত মৌখিক পৰীক্ষাৰ কথাহে আলোচনা কৰা হৈছে। আন বিশেষ উদ্দেশ্যসম্পন্ন পৰীক্ষাবোৰৰ লগত জড়িত মৌখিক পৰীক্ষাৰ কথা আলোচনা কৰা হোৱা নাই। প্ৰেক্টিকেল বা হাতে-কামে শিক্ষা সাধাৰণ শিক্ষাৰ বাবে অত্যন্ত আৱশ্যকীয় বুলি আধুনিক বিশ্বৰ শিক্ষাব্যৱস্থাই বিশ্বাস কৰে আৰু সেইবাবে বিশ্বৰ প্ৰায় সকলো শিক্ষাব্যৱস্থাতে প্ৰেক্টিকেল শিক্ষা বাধ্যতামূলক কৰা হৈছে। ইয়াৰ লগত সংগতি ৰাখি প্ৰেক্টিকেল পৰীক্ষায়ো গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে– বিশেষকৈ বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ৰ সাধাৰণ বিজ্ঞান শিক্ষাৰ ক্ষেত্ৰত। এই পৰীক্ষাৰ যোগেদি পৰীক্ষকে বিচাৰে, প্ৰধানকৈ পৰীক্ষাৰ্থীৰ হাতে-কামে কৰাৰ ক্ষমতা, যন্ত্ৰ-পাতি সম্পৰ্কে জ্ঞান, কোনো তত্ত্বৰ ধাৰণা কৰা আৰু বুজাৰ ক্ষমতা, তত্ত্বৰ লগত পৰীক্ষা সংগঠিত কৰাৰ ক্ষমতা, যন্ত্ৰপাতি চলোৱাৰ দক্ষতা ইত্যাদি। গতিকে যিসকল পৰীক্ষাৰ্থীয়ে লিখিত, মৌখিক আৰু প্ৰেক্টিকেল পৰীক্ষাত পৰীক্ষকে বিচৰা বিভিন্ন বিষয় সম্পৰ্কে আগতে অৱগত হৈ সেইমতে নিজকে প্ৰস্তুত কৰে, আৰু পৰীক্ষাত নিজকে সুন্দৰভাৱে দক্ষতাৰে উপস্থাপন কৰে তেৱেঁই অধিক নম্বৰ বা উচ্চ গ্ৰেড লাভ কৰে। সেইবাবে বিভিন্ন পৰীক্ষাত পৰীক্ষকে বিচৰা কথাখিনি সম্পৰ্কে সম্যকভাৱে উপলব্ধি কৰা আৰু সেইমতে নিজকে প্ৰস্তুত কৰা অত্যন্ত গুৰুত্বপূৰ্ণ কথা।