পৃষ্ঠা:Swagatam Pariksha.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্বাগতম পৰীক্ষা

ভিতৰত অন্যতম। অকল মানুহৰে নহয়; সকলো প্ৰাণী বা উদ্ভিদ বা সমগ্ৰ জীৱজগতৰেই প্ৰাথমিক আৱশ্যকীয় বস্তু। আহাৰৰ অন্বেষণ, উৎপাদন, সংৰক্ষণ, প্ৰস্তুতি, পৰিবেশন আদিৰ বিচিত্ৰতা, বৰ্ণাঢ্যতাই যুগ যুগ ধৰি মানৱ সভ্যতা আৰু মানৱ সংস্কৃতিত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। মানুহৰ সুখ প্ৰদানকাৰী এক প্ৰধান উপাদান হ’ল আহাৰ। শৰীৰৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি সামগ্ৰিকভাৱে আহাৰক তিনিটা বহল ভাগত বিভক্ত কৰিব পাৰি— শ্বেতসাৰ বা কাৰ্বহাইড্ৰেট জাতীয়, মাংসসাৰ বা প্ৰ’টিন জাতীয় আৰু স্নেহপদাৰ্থ বা ফেট জাতীয়। তদুপৰি কম পৰিমাণে হ’লেও বিভিন্ন খনিজ লৱণ তথা মৌল আৰু খাদ্যপ্ৰাণ বা ভিটামিনো আমাৰ অত্যন্ত আৱশ্যকীয় খাদ্য। আনকি যথেষ্ট পানী আৰু অম্লজান বা অক্সিজেনো আমাৰ শৰীৰক আৱশ্যকীয় বাবে ইহঁতকো খাদ্যৰ অন্তৰ্ভুক্ত কৰিব পাৰি। ইয়াৰে শ্বেতসাৰ জাতীয় আহাৰে শক্তিদায়ক, মাংসসাৰ জাতীয় আহাৰে পৰিবৰ্ধক তথা পুষ্টিদায়ক আৰু স্নেহপদাৰ্থ জাতীয় আহাৰে শক্তিসংৰক্ষক হিচাপে শৰীৰত সাধাৰণতে কাম কৰে। অৱশ্যে আৱশ্যক অনুযায়ী মাংসসাৰ বা স্নেহপদাৰ্থ জাতীয় আহাৰেও শক্তিদায়ক হিচাপে কাম কৰিব পাৰে। অতি সহজভাৱে ক’বলৈ গ’লে শৰীৰত শক্তি উৎপাদন প্ৰণালীটো হ’ল এনে ধৰণৰঃ শ্বেতসাৰ বা কাৰ্বহাইড্ৰেট হ’ল এঙাৰ বা কাৰ্বন আৰু উদযান বা হাইড্ৰ’জেনযুক্ত এবিধ যৌগিক পদাৰ্থ। শৰীৰৰ পাচনতন্ত্ৰৰ পৰা তেজে এই কাৰ্বহাইড্ৰেটসমূহ শৰীৰৰ বিভিন্ন পেশীসমূহৰ কোষসমূহলৈ কঢ়িয়াই নিয়ে। আকৌ হাওঁফাওঁৰ পৰা তেজে অক্সিজেন গেছ পুনৰ সেই কোষসমূহলৈ লৈ যায়। অক্সিজেনৰ পৰিবেশত কাৰ্বহড্ৰেটৰ দহন ঘটি কাৰ্বনৰ অম্লজ এঙাৰগেছ আৰু হাইড্ৰ’জেনৰ অম্লজ জলীয় ভাপৰ সৃষ্টি হয় আৰু লগতে শক্তি উৎপাদন হয়। শৰীৰটো সুস্থভাৱে পৰিচালিত হ’বলৈ হ’লে ওপৰত উল্লেখ কৰা আটাইবোৰ উপাদান আহাৰত আৱশ্যকীয় পৰিমাণে থকাটো দৰকাৰ। প্ৰধানতঃ ভাত, ৰুটী আদিত শ্বেতসাৰ; মাছ, মাংস, দাইল আদিত মাংসসাৰ আৰু তেল, ঘিউ আদিত স্নেহপদাৰ্থ বেছিকৈ থাকে। সতেজ শাক-পাচলি, ফলমূল, গাখীৰ আদিত খাদ্যপ্ৰাণ, খনিজ লৱণ আৰু আৱশ্যকীয় মৌল আদি অধিক পৰিমাণে থাকে। গতিকে আমাৰ খাদ্য-তালিকাত এই সকলোবোৰ খাদ্য সঠিক পৰিমাণে থকাটো দৰকাৰ। আমাৰ খাদ্যনীতি সম্পৰ্কে ভালদৰে জানিবলৈ ছাত্ৰ-ছাত্ৰীসকলে আহাৰ আৰু স্বাস্থ্য সম্পৰ্কে লিখা দুই-তিনিখন ভাল কিতাপ খৰচি মাৰি পঢ়িব লাগে। তাৰ পৰা তেওঁলোকৰ খাদ্যনীতি সম্পৰ্কে এটি ভাল জ্ঞান হ’ব। অৱশ্যে পৰম্পৰাগতভাৱেই মানুহে ইতিমধ্যে আহাৰ সম্পৰ্কে যথেষ্ট অভিজ্ঞতা সঞ্চয় কৰি লৈছেই আৰু পৰীক্ষাৰ্থীসকলেও দৈনন্দিন জীৱন- যাপনত তাক প্ৰয়োগ কৰি আহিছেই। তথাপি পৰীক্ষাৰ্থীসকলে কিছুমান কথা অত্যন্ত

গুৰুত্বসহকাৰে বিবেচনা কৰা উচিত। তেওঁলোকে যেন খাদ্য উপযুক্তভাৱে সময়মতে

১৪