উপযুক্তভাৱে কাৰ্যক্ষম হৈ থাকিবলৈ ইয়াৰ বিভিন্ন অংগ-প্ৰত্যংগৰ নিয়মিত ব্যৱহাৰৰো
আৱশ্যক। নিৰ্দিষ্ট সময়ত, নিৰ্দিষ্ট পৰিমাণৰ খেলা-ধূলা হ’ল শৰীৰৰ অংগ-প্ৰত্যংগসমূহৰ
নিয়মিত ব্যৱহাৰৰ উপায়। আহাৰ আৰু নিদ্ৰাৰ দৰেই পৰীক্ষাৰ্থীসকলে খেলা-ধূলা
আৰু সাধাৰণ স্বাস্থ্যবিধিত ব্যায়ামৰ প্ৰয়োগ সম্পৰ্কে বিভিন্ন কিতাপ পঢ়ি আৱশ্যকীয়
জ্ঞান অৰ্জন কৰি ল’ব লাগে। প্ৰধানকৈ শাৰীৰিক পৰিশ্ৰম কৰি জীৱিকা নিৰ্বাহ কৰা
লোকসকলৰ ক্ষেত্ৰত খেলা-ধূলা বা ব্যায়ামৰ প্ৰয়োজন বিশেষ নাই। কিন্তু ছাত্ৰ-
ছাত্ৰীসকলৰ যিহেতু শাৰীৰিক শ্ৰম খুব কম হয়, তেওঁলোকৰ বাবে শাৰীৰিক কছৰৎ
অত্যন্ত আৱশ্যকীয়। এই ক্ষেত্ৰতত ছাত্ৰ-ছাত্ৰীসকলে কঠোৰ নিয়মানুৱৰ্তিতা পালন
কৰা উচিত; বেছি কঠিন খেল-ধেমালি বা কঠিন ব্যায়াম অনুষ্ঠিত কৰা উচিত নহয়।
সাধাৰণতে আবেলি আধাঘণ্টাৰ পৰা এঘণ্টা সাধাৰণ খেল-ধেমালি আৰু মুক্তহস্ত
ব্যায়ামেই যথেষ্ট।
মুঠ কথা ছাত্ৰ-ছাত্ৰীসকলৰ সুস্থ স্বাস্থ্যৱান শৰীৰ এটি অতি মূল্যৱান সম্পদ। শৰীৰৰ বাবে অত্যন্ত আৱশ্যকীয় আহাৰ, জিৰণি আৰু ব্যায়াম সম্পৰ্কে সম্যক জ্ঞান আহৰণ কৰি কঠোৰ নিয়মানুৱৰ্তিতাৰ মাজেৰে শৰীৰক পৰিচালনা কৰি আৰু ইয়াৰ পৰা সৰ্বাধিক
লাভ আদায় কৰি তেওঁলোকে সফলতাৰ পথত অগ্ৰসৰ হোৱা উচিত।