পৃষ্ঠা:Swagatam Pariksha.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

শৰীৰৰ যত্ন— আহাৰ, জিৰণি, ব্যায়াম

 পূৰ্বৰ অনুচ্ছেদত আমি পৰীক্ষকেনো কি বিচাৰে সেই সম্পৰ্কে বিস্তাৰিতভাৱে আলোচনা কৰিলো। গতিকে বিভিন্ন পৰীক্ষাবোৰত লিখিত, মৌখিক আৰু প্ৰেক্টিকেল পৰীক্ষাত পৰীক্ষকে বিচৰাখিনি সুন্দৰভাৱে প্ৰদৰ্শন কৰিব পৰা পৰীক্ষাৰ্থীগৰাকীয়ে পৰীক্ষাৰ নিজস্ব উদ্দেশ্যত সফল হ’ব পাৰিব, অৰ্থাৎ বেছি নম্বৰ বা উচ্চ গ্ৰেড লাভ কৰিব পাৰিব। কিন্তু এই যোগ্যতা পৰীক্ষাৰ জৰিয়তে পৰীক্ষকক প্ৰদান কৰিবলৈ ছাত্ৰ- ছাত্ৰীসকলে নিজকে সাজু কৰিব পাৰিব লাগিব। আৰু তাৰবাবে ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন পৰিকল্পনা, অধ্যয়ন, অনুশীলন, অধ্যৱসায়, একাগ্ৰতা আদিৰ প্ৰয়োজন হ’ব আৰু সকলোৰে বাবে লাগিব এক সুস্থ স্বাস্থ্য, সুস্থ শৰীৰ আৰু সুস্থ মন।

 সুস্থ শৰীৰ সকলো কামৰে সফলতাৰ এক অন্যতম চৰ্ত। আৰু বিতৰ্কৰ অৱকাশ থাকিলেও বৰ্তমানলৈ জনামতে ‘মন’ হ’ল শৰীৰৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ, প্ৰধানকৈ মগজুৰ মাজত চলি থকা এক জটিল ক্ৰিয়াকলাপৰ সমষ্টি আৰু সেইবাবে সুস্থ মনৰ কথা বেলেগকৈ আলোচনা কৰাৰ কোনো প্ৰয়োজন নাই। সুস্থ শৰীৰে সুস্থ মনকো সূচায়, অন্ততঃ আমি সেইভাবেই বিবেচনা কৰিছো। অৱশ্যে ইতিহাসৰ বিভিন্ন সময়ত দেখা যায় যে, শাৰীৰিকভাৱে অসুস্থ বহুতো ব্যক্তিয়েও বিভিন্ন ক্ষেত্ৰত চমকপ্ৰদ সফলতা অৰ্জন কৰিছে, বিশ্বজুৰি অভূতপূৰ্ব খ্যাতি লাভ কৰিছে, বিশ্বসভ্যতালৈ অমূল্য বৰঙণি আগবঢ়াইছে। তেনে কবি, সাহিত্যিক, বিজ্ঞানী, সংগীতজ্ঞ, খেলুৱৈ, শিল্পী আদিৰ অসংখ্য দৃষ্টান্ত আমাৰ সমাজত আছে। দুৰাৰোগ্য কৰ্কট ৰোগত ভুগিও ফ্ৰয়েডে মনোবিজ্ঞানলৈ অকল্পনীয় বৰঙণি আগবঢ়াইছে, দুষ্প্ৰাপ্য স্নায়ুৰোগত আক্ৰান্ত হৈও ষ্টিফেন হকিঙে তাত্ত্বিক পদাৰ্থবিজ্ঞানৰ গৱেষণাত প্ৰচুৰ খ্যাতি অৰ্জন কৰিছে, শ্ৰৱণ শক্তিহীন হৈও বিথোভেনে সংগীতজগতত বিপ্লৱৰ সূচনা কৰিছে, অন্ধ কবি হোমাৰে কালজয়ী সাহিত্য সৃষ্টি কৰি গৈছে ইত্যাদি ইত্যাদি। এনে উদাহৰণ বিশ্ব ইতিহাসৰ পাতে পাতে পৰি আছে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে, সভ্যতাৰ বিভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ হ’লে তেওঁ শাৰীৰিকভাৱে অসুস্থ হ’বই লাগিব। কাৰণ বিশ্ব ইতিহাসৰ মহৎ প্ৰতিভাধৰসকলৰ ভিতৰত অসুস্থ ব্যক্তিতকৈ সুস্থ ব্যক্তিৰ সংখ্যা বহুগুণে বেছি। বহু ক্ষেত্ৰত উজ্জ্বল স্বাস্থ্য আৰু দীৰ্ঘ জীৱন একোজন ব্যক্তিৰ মহত্ত্ব বৃদ্ধিৰ অন্যতম কাৰণ।

ব্যতিক্ৰম সকলোতে আছে। কিন্তু ব্যতিক্ৰমৰ কথা দৃষ্টান্ত হিচাপে নলৈ অব্যতিক্ৰম বা

১২