পৃষ্ঠা:Swagatam Pariksha.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্বাগতম পৰীক্ষা


গ্ৰহণ কৰে। খাদ্য গ্ৰহণৰ সময়ত কোনো চিন্তা, উত্তেজনা, বিষাদ মনলৈ নানে। কাৰণ, মানসিক অৱস্থাৰ লগত মানুহৰ পাচনতন্ত্ৰৰ ওচৰ সম্পৰ্ক আছে। তেওঁলোকে যেন প্ৰধান আহাৰ গ্ৰহণ কৰি উঠিয়েই পঢ়িবলৈ নবহে। অন্ততঃ পোন্ধৰ মিনিট সময় লাহে লাহে খোজকাঢ়ি উঠিহে পঢ়িবলৈ বহা ভাল। পৰীক্ষাৰ্থীসকলে মনত ৰখা দৰকাৰ যে, খাদ্যনীতিয়েই হ’ল সুস্থ, স্বাস্থ্যৱান শৰীৰৰ প্ৰধান চৰ্ত আৰু প্ৰকাৰন্তৰে তেওঁলোকৰ পৰীক্ষাৰ সফলতাৰ এক প্ৰধান সঁচাৰ কাঠি। আহাৰৰ পিছতেই মানুহৰ স্বাস্থ্যৰ বাবে মনোযোগ দিবলগীয়া বিষয়টো হ’ল জিৰণি। টোপনি বা নিদ্ৰাই হ’ল প্ৰাণীৰ শৰীৰৰ সবাতোকৈ আৱশ্যকীয় জিৰণি। শৰীৰ সুস্থভাৱে ৰাখি কাম কৰি থাকিবলৈ হ’লে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে নিৰ্দিষ্ট সময়ৰ বাবে নিদ্ৰাৰ প্ৰয়োজন। অৱশ্যে বহু ক্ষেত্ৰত ব্যক্তিভেদে বা ব্যক্তিৰ বয়সৰ তাৰতম্য অনুযায়ী প্ৰয়োজনীয় নিদ্ৰাৰ সময়ৰ পৰিমাণে বিভিন্ন হয়। সাধাৰণতে সৰু ল’ৰা-ছোৱালীক অধিক সময় আৰু বৃদ্ধ মানুহক কম সময়ৰ বাবে টোপনি বা নিদ্ৰাৰ প্ৰয়োজন হয়। তদুপৰি কঠোৰ পৰিশ্ৰম কৰিলে— প্ৰধানকৈ মগজুৰ বেছি পৰিশ্ৰম হ’লে বেছি টোপনিৰ প্ৰয়োজন হয়। আহাৰৰ দৰে সাধাৰণ স্বাস্থ্যবিধিৰ কিতাপতেই মানুহৰ টোপনিৰ অভ্যাস সম্পৰ্কেও পোৱা যায় আৰু পৰীক্ষাৰ্থীসকলে তাৰ পৰা টোপনি সম্পৰ্কে সম্যক জ্ঞান আহৰণ কৰা উচিত। আহাৰৰ দৰে ছাত্ৰ- ছাত্ৰীসকলে নিদ্ৰাৰ ক্ষেত্ৰতো নিয়মানুৱৰ্তিতা মানি চলা উচিত। সদায় একে সময়তে শোৱাৰ অভ্যাস কৰিলে একে সময়তে সাৰ পোৱা যায় আৰু নিয়মমতে আন কাম কৰাৰ সুবিধা পোৱা যায়। শোৱাৰ পৰা উঠি শৰীৰ আৰু মনলৈ সতেজতা আৰু উৎসাহ আহিলেই টোপনি সম্পূৰ্ণ হোৱা বুলি বুজিব লাগিব। বিদ্যালয় বা মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীৰ বাবে সাধাৰণতে ৭ বা ৮ ঘণ্টা টোপনিৰ আৱশ্যক যদিও ব্যক্তিভেদে ইয়াৰো কিছু তাৰতম্য হ’ব পাৰে। ডাঙৰ শব্দ, কোলাহল, উজ্জ্বল পোহৰ, বেছি কোমল বা বেছি কঠিন শোৱাপাটী, খুব ঠাণ্ডা ব খুব গৰম, বায়ু চলাচল কৰিব নোৱাৰা কোঠা, অত্যন্ত বেছি বা খুব কম শাৰীৰিক আৰু মানসিক কাৰ্য, উত্তেজনা, চিন্তা, অনাৱশ্যকীয় উৎফুল্লতা বা বিষাদ, শাৰীৰিক ৰোগ আদি বিভিন্ন বিষয়ে মানুহৰ টোপনিত ব্যাঘাত জন্মায় আৰু ছাত্ৰ-ছাত্ৰীসকলে যথাসম্ভৱ ইয়াক পৰিহাৰ কৰি চলিব লাগে, বিশেষকৈ শুবলৈ যোৱাৰ আগতে। কমকৈ শোৱা যেনেদৰে বেয়া, বেছিকৈ শোৱাও ক্ষতিকাৰক। ছাত্ৰ-ছাত্ৰীসকলে মনত ৰাখিব লাগে যে, শৰীৰক অনাৱশ্যকীয়ভাৱে বিছনাত পৰি থাকিবলৈ দিবলৈ তেওঁৰ সময় নাই আৰু সেই সময়খিনি অধ্যয়নত প্ৰয়োগ কৰিলেহে তেওঁৰ সফলতাৰ ক্ষেত্ৰত এখোজ হলেও আগবঢ়াত সহায়ক হ’ব।

 আহাৰ আৰু জিৰণিৰ দৰে ব্যায়ামো শৰীৰৰ বাবে অত্যন্ত আৱশ্যকীয়। যন্ত্ৰ এটি

সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ থাকিবলৈ তাৰ যেনেদৰে নিয়মিত ব্যৱহাৰৰ প্ৰয়োজন, শৰীৰটো

১৫