পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

স্পন্দন।

 স্পন্দন কাক বোলে যদিও সকলোৱে বুজে তথাপি তাৰদ্বাৰা জগতত, যে কিমান আশ্চৰ্য্যজনক কাম হব লাগিছে তাক ভাবিলে বিস্ময় মানিব লাগে। চকুৰ আগত দেখিথকা পানীৰ ঢৌৰপৰা আৰম্ভ কৰি শব্দ, তাপ, পোহৰলৈকে সকলো একমাত্ৰ স্পন্দনৰে ক্ৰিয়া মাথোন। আমি এই স্পন্দনৰ বিষয়ে আলোচনা কৰি চাওঁহঁক।

 এটা শিল ডোল এডালত ওলোমাই দোলাই দিলে আমি লৰি থকা দেখোঁ। এনে লৰা বা দোলাকে আমি স্পন্দন বোলোঁ॥ এচ্‌ৰাজ বা বেহেলাৰ তাঁৰ এডাল ধৰি জোকাৰ মাৰি দিলে তাৰ গতিটোকে আমি স্পন্দন বোলোঁ। এই দুই স্পন্দন ঠিক একে ধৰণৰ, কেৱল স্পন্দনৰ সময় আৰু পৰিমাণহে বেচি-কম, —এটা মৃদু আৰু আনটো দ্ৰুত।

 ঢৌ কি? এশাৰী বস্তুৰ ভিতৰত পৰস্পৰ এনেকুৱা সংযোগ থাকিব পাৰে, যে এমুৰৰ এটা লৰাই দিলে শাৰীৰ গোটেইবিলাকে এটাৰ পাচত এটা লৰিব ধৰিব। এইদৰে এঠাইৰপৰা আন ঠাইলৈ স্পন্দন-গতি আঁতৰি যোৱাকে ঢৌ বলে। পানীত এশাৰী কলহ ওপঙাই এমূৰৰ এটা ধৰি লাহে লাহে এবাৰ তল এবাৰ ওপৰকৈ কঁপাই দিলে দেখা যাব, যে এটাৰ পাচত এটাকৈ আনবিলাক কলহো কঁপিব ধৰিছে আৰু পানীয়েও যাক আমি ঢৌ