সমললৈ যাওক

পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
স্পন্দন


ইয়াকে বাদুলিৰ ষষ্ঠ ইন্দ্ৰিয় বোলা যায়। এনে ষষ্ঠ ইন্দ্ৰিয়-যন্ত্ৰ আমি সাজি লব পাৰোঁ। এনে এটা যন্ত্ৰ লগত থকাহেঁতেন টাইটানিক জাহাজ ওপঙি ফুৰা বৰফৰ পাহাৰত খুন্দা খাই আটলাণ্টিক মহাসাগৰত ডুব নগলহেঁতেন। পৰমেশ্বৰৰ সৃষ্টি-কৌশল কি বিচিত্ৰ! প্ৰৱৰ্ত্তনৰ কাৰণে যাক যিটোৰ দৰকাৰ তেওঁ তাক ঠিক সেইটোকে দিছে। অবোধ নিশাচৰ প্ৰাণীক ৰাতি ফুৰিবৰ কাৰণে তেওঁ এটা ষষ্ঠ ইন্দ্ৰিয় দিছে। মানুহকো নিজ নিজ সুখৰ অৰ্থে তেওঁ সকলো দিছে; কিন্তু মানুহে নিজৰ নাটনি দিনৌ গঢ়ি লব ধৰিছে। সেই দেখি ভগবানে আমাক ‘বুদ্ধি’ দিছে; নিজৰ বুদ্ধি খটাই প্ৰকৃতিদেবীৰ গুপ্ত ৰত্ন উদ্ধাৰ কৰি আমি আমাৰ অভাৱ পূৰ্ণ কৰি ললেই হল।