পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
সীতাৰ বনগমন বাঞ্ছা


যেবে তুমি নেনা সঙ্গে  বোলোঁ তবে সাঙ্গে সঙ্গে
 জীৱনত নাহি মোৰ ফল।
দাৰুণ গৰল খাই  মৰিবোহোঁ এহি ঠাই
 চিন্তি তযু চৰণকমল॥

এহি বুলি মহাশান্তী  কান্দিবাক লাগিলন্তি
 শ্ৰীৰামৰ চৰণত পৰি।
সীতাৰ দেখিয়া দুখ  ৰামৰো মলিন মুখ
 আশ্বাসি তুলিলা কোলে ধৰি।