পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মহাত্মা আবুবক্কৰ চিদ্দিক।

 আবুবক্কৰৰ আচল নাম আবদুল্লা; হজৰত মোহম্মদৰ প্ৰচাৰিত একেশ্বৰবাদ মত গ্ৰহণ কৰাৰ পাচত তেওঁৰ নাম আবুবক্কৰ হয়। মহামতি আবুবক্কৰ আৰবৰ শ্ৰেষ্ঠ ফৈদ কোৰেচ বংশৰ তায়ম- তৱনে মোৰা পৰিবাৰত জন্মিছিল। এওঁ বৰ অৰ্থশালী বিখ্যাত সদাগৰ আছিল; চৰিত্ৰ আৰু জ্ঞানৰ বলেৰে এওঁ দেশবাসীৰ শ্ৰদ্ধা-ভক্তি আকৰ্ষণ কৰিছিল।

 আবুবক্কৰ হজৰত মোহম্মদৰ চিৰসঙ্গী আছিল। মোহম্মদৰ উপদেশবোৰ আবুবক্কৰেই লোকসমাজত প্ৰচাৰ কৰে। সেই সময়ৰ আৰবৰ মানুহবিলাকে পোনতে হজৰত মোহম্মদক প্ৰেৰিত পুৰুষ বুলি বিশ্বাস নকৰিছিল; আবুবক্কৰে মোহম্মদক বিশ্বাস কৰিবলৈ নানা সাৰগৰ্ভ কথাৰে বুজাই ফুৰিছিল। এওঁৰ বুজনিতেই বহুতে হজৰত মোহম্মদক বিশ্বাস কৰিছিল আৰু তেওঁৰ মত গ্ৰহণ কৰিছিল। এই সময়ত এওঁ ‘চিদ্দিক’ অৰ্থাৎ ‘সত্যবাদী’ উপাধি পায়।

 আবুবক্কৰ হজৰত মোহম্মদতকৈ দুবছৰৰ ডাঙৰ আছিল; হজৰতৰ প্ৰিয়তমা ভাৰ্য্যা খদিজা বিবিৰ লোকান্তৰৰ পাচত আবুবক্কৰৰ জীয়েকক তেওঁ বিয়া কৰায়। এইদৰে আবুবক্কৰ হজৰত মোহম্মদতকৈ বয়স আৰু মানত ডাঙৰ হলেও আবুবক্কৰ চিদ্দিকে মোহম্মদক সম্মান আৰু ভক্তি কৰিছিল; কিন্তু দুয়োৰো ভিতৰত গুৰু-শিষ্যৰ সম্বন্ধ ঘটা নাছিল।