পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৬৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
সাহিত্য


যুদ্ধ হল। এই যুদ্ধ একাদিক্ৰমে আঠদিন চলাৰ পাচতো অৰ্জ্জুনক অপৰিশ্ৰান্ত দেখি ভগদত্তই কলে—“মই মহেন্দ্ৰৰ সখা, যুদ্ধতে তেওঁতকৈ মই হীন নহওঁ, কিন্তু তুমি যুদ্ধত যেনে বীৰ্য্য প্ৰকাশ কৰিলা, তাক দেখি মই সন্তোষ পালোঁ। তোমাৰ অভিপ্ৰায় প্ৰকাশ কৰাঁ, তাক অৱশ্যে মই পালন কৰিম। ” ভগদত্তৰ কথাত অৰ্জ্জুনে পৰম সন্তুষ্ট হৈ ৰাজসূয় যজ্ঞৰ কথা কৈ শেষত কলে—“আপুনি মোৰ পিতৃ-সখা, বিশেষ আপুনি মোৰ ওপৰত সন্তুষ্ট হৈছে, মই আপোনাক আদেশ কৰিব নোৱাৰোঁ। ধৰ্ম্মপুত্ৰ ৰজা যুধিষ্ঠিৰৰ যাতে সাম্ৰাজ্য লাভ হয়, সেই অৰ্থে আপুনি তেওঁক কৰ দিয়ক। ” ভগদত্তে অৰ্জ্জুনৰ বিনয়-বচনত তৃপ্ত হৈ কলে—“তুমি মোৰ যেনে প্ৰিয়পাত্ৰ, ৰজা যুধিষ্ঠিৰো তেনে, সেই বিষয়ে যি কৰিবলগীয়া হয় মই তাক কৰিম, তাৰ বাহিৰে আৰু কি কৰিব লাগে কোৱাঁ। ”

 ইয়াৰ কিছুকাল পাচত কুৰুক্ষেত্ৰ-সমৰ আৰম্ভ হয়। এই যুদ্ধত ভাৰতৰ বিখ্যাত ৰজা-মহাৰজাসকলে যোগ দিয়ে। কুৰুক্ষেত্ৰ-ৰণত ওঠৰ অক্ষৌহিণী সৈন্যৰ সমাবেশ হৈছিল; কৌৰৱৰ ফালে এঘাৰ অক্ষৌহিণী আৰু পাণ্ডৱৰ ফালে সাত অক্ষৌহিণী। ভগদত্ত কৌৰৱৰ কুটুম্ব; সেই কাৰণে দুৰ্য্যোধনৰ আমন্ত্ৰণত তেওঁ কৌৰৱৰ ফালে যোগ দিয়ে। ভগদত্ত আমাৰ দেশৰপৰা যাওঁতে এক অক্ষৌহিণী সেনাৰ নায়ক হৈ গৈছিল। কথিত আছে, ভগদত্তে যি হাতীত উঠি যুদ্ধ কৰিছিল, সেই