ৰথ চলালে; কিন্তু বাটত অৰ্জ্জুনে অন্য এদল বিপক্ষীয় সৈন্যৰ
লগত যুদ্ধ কৰিবলগা হল। অৰ্জ্জুনে এই দলক পৰাস্ত কৰিলে,
আৰু পৰক্ষণতে গৈ ভগদত্তক আক্ৰমণ কৰিলে। অৰ্জ্জুন আৰু
ভগদত্তৰ ভিতৰত তুমুল সংগ্ৰাম চলিল। ৰজা ভগদত্তে হস্তী-
বাহনত থাকি মেঘ-বাহন ইন্দ্ৰৰ দৰে ধনঞ্জয়ৰ ওপৰত শৰ
বৰষিবলৈ ধৰিলে; বীৰ্য্যৱন্ত সব্যসাচীয়েও শৰ বৰষি ভগদত্তৰ
শৰক বাধা দিবলৈ ধৰিলে। ভগদত্তৰ খং উঠিল; তেওঁ
ওপৰাউপৰিকৈ শৰ মাৰি অৰ্জ্জুন আৰু কৃষ্ণক বিন্ধিবলৈ ধৰিলে
আৰু তেওঁলোকক মাৰিবলৈ গজৰাজক লগাই দিলে। কৃষ্ণৰ
ৰথচালনাৰ কৌশলত হাতীৰ আক্ৰমণৰপৰা দুয়ো ৰক্ষা পৰিল;
কিন্তু কিছুমান কৃষ্ণ-লোনিৰ্ম্মিত সোণৰ পাখিথকা বাণে কৃষ্ণক বৰকৈ
বিন্ধিলে। তেতিয়া ধনঞ্জয়ৰ খঙে চুলি আগ পালে।
কিছুমান অব্যৰ্থ শৰেৰে ভগদত্তৰ হাতীৰ বৰ্ম্ম নষ্ট কৰি হাতীটোক
ক্ষতবিক্ষত কৰি পেলালে। ভগদত্তে তেতিয়া অৰ্জ্জুনলৈ বৈষ্ণৱাস্ত্ৰ
প্ৰয়োগ কৰে। এই অস্ত্ৰ অব্যৰ্থ—ইন্দ্ৰ, বৰুণ আদিও তাৰ
অবধ্য নহয়। ভগদত্তে এই অস্ত্ৰ নিক্ষেপ কৰা দেখি শ্ৰীকৃষ্ণে
তাক গ্ৰহণ কৰিলে—অস্ত্ৰ কৃষ্ণৰ বুকত পৰি বৈজয়ন্তী মালা হল।
কৃষ্ণ অৰ্জ্জুনৰ ৰথৰ সাৰথি হৈ নথকাহেঁতেন আমাৰ প্ৰাগজ্যোতিষ-
পতিৰ এই বৈষ্ণৱাস্ত্ৰতেই কুৰুক্ষেত্ৰ যুদ্ধৰ ফল কি জানি অন্যৰূপ
হলহেঁতেন।
তাৰ পাচত অৰ্জ্জুনে শ্ৰীকৃষ্ণৰ পৰামৰ্শতে ভগদত্তৰ যুদ্ধনিপুণ গজৰাজক বধ কৰে, আৰু তাৰ পাচতেই অৰ্দ্ধচন্দ্ৰ বাণেৰে ভগদত্তৰ