পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
সাহিত্য


এই ৰং কেইটা লগ লগালে পুনৰ আগৰ বগা পোহৰকে পোৱা যায়। সূৰ্য্যৰ পোহৰত এখন ৰঙা কাঁচ ধৰিলে কেৱল আমি ৰঙা পোহৰহে দেখা পাওঁ; ইয়াৰ কাৰণ অন্য একো নহয়—বাকী ছ-বিধ পোহৰ সি শুহি লৈ কেৱল ৰঙা পোহৰটো হে এৰি দিয়ে। তেনেকৈ এখন নীলা কাঁচ ধৰিলে কেৱল নীলা পোহৰহে আমি অহা দেখোঁ।

 এই পৃথিবীত আমি নানা বৰ্ণৰ বস্তু দেখিবলৈ পাওঁ—কিছুমান ৰঙা, কিছুমান সেউজীয়া, আকৌ কিছুমান বা নীলা বা বেঙুনীয়া। আমি দেখাত তেনে ৰং দেখিলেও প্ৰকৃততে সেইবোৰ বস্তুৰ ঠিক নিজা ৰং তেনে নহয়। সূৰ্য্যৰ পোহৰ কোনো বস্তুত পৰিলে সি কেৱল নিজৰ ৰঙৰ পোহৰ বিকীৰ্ণ কৰি বাকীবোৰ শুহি লয়। ৰঙা জৱাফুলত সূৰ্য্যৰ পোহৰ পৰিলে সি কেৱল ৰঙা পোহৰ হে বিকীৰ্ণ কৰে, বাকী ছটা প্ৰায় শুহি লয়;⸺এইবাবে জৱাফুল ৰঙা দেখোঁ। আজিৰপৰা সূৰ্য্যই যদি বগা পোহৰ নিদি ৰঙা পোহৰ দিয়ে তেন্তে ৰঙা বৰ্ণৰ বস্তুৰ বাহিৰে আন বৰ্ণৰ বস্তুবোৰৰ ৰং তেনেই বদলি হৈ যাব—সেই সময়ত পৃথিবীত একেবাৰেই বৰ্ণ- বিভ্ৰাট ঘটিব। এতেকে কোন বস্তুৰ কোনটো প্ৰকৃত ৰং তাক সঠিককৈ কোনেও কব নোৱাৰে—সূৰ্য্যৰ বগা পোহৰৰ গুণতহে আমি বস্তুবোৰৰ এনেকুৱা ৰং দেখিবলৈ পাইছোঁ। সৰ্ব্বশক্তিমান পৰমেশ্বৰৰ কি অপূৰ্ব্ব সৃষ্টি-কৌশল।

⸻⸻