পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পোহৰ।

 যি শক্তিৰ গুণত আমি এই বিশ্বব্ৰহ্মাণ্ডৰ যাবতীয় বস্তু চক্ষুৰূপ যন্ত্ৰেৰে দেখিছোঁ, সেয়ে পোহৰ। ইয়াৰপৰা বুজা যায়, যে পোহৰ আমাৰ চকুৰ বাহিৰত থকা কিবা এটা বস্তু। এই পোহৰ নাথাকিলে অতি সূক্ষ্ম চকুৰেও আমি একোকে দেখা নাপাওঁ। সূৰ্য্য, নক্ষত্ৰ আদিক কেৱল সিহঁতৰ আপোন আপোন পোহৰৰ গুণত হে দেখা পাওঁ। এইবিলাকৰপৰা পোহৰ আহি আমাৰ চকুত পৰে, সেই কাৰণেহে আমি সেইবিলাক বস্তুৰ অস্তিত্ব অনুভৱ কৰিব পাৰোঁ। গ্ৰহ, উপগ্ৰহ, গছ, লতা আদিৰ নিজা পোহৰ নাই; সূৰ্য্যৰ পোহৰ এইবিলাকত পৰি উভতি আহি যেতিয়া আমাৰ চকুত আঘাত কৰে, তেতিয়া আমি সেই বস্তুবিলাক দেখোঁ। এই কাৰণে পোহৰ নাথাকিলে চকু থকাতো আমি অন্ধ।

 পোহৰ নো কি ইয়াৰ আতি-গুৰি বুজিবলৈ বহুতে বহুত মত প্ৰচাৰ কৰিছে। কিছুমানে কয়, যে যিবোৰ বস্তুৱে পোহৰ দিয়ে সেইবোৰৰপৰা অতি সূক্ষ্ম কিছুমান বস্তু চাৰিওফালে সৰল-ৰেখাক্ৰমে বিকীৰ্ণ হয়। এই সূক্ষ্ম কণাবিলাক আহি আমাৰ চকুত আঘাত কৰিলেই আমাৰ পোহৰৰ জ্ঞান হয়। বিখ্যাত বৈজ্ঞানিক পণ্ডিত নিউটনে এই মত সঁচা বুলি স্বীকাৰ

কৰিছিল। কিন্তু নিউটনৰ পিচত আবিষ্কাৰ-হোৱা পোহৰৰ বহুত

স—৪