পৃষ্ঠা:সম্ভৱতঃ.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আৰু দুদিন ৰাখিলে বিভৱ বৰুৱাই। ঐশ্বৰ্য, ববী, কিশলয় সকলো আচৰিত হ’ল। বগা ফুল ছাৰ্টৰ কলাৰ উঠাই প্ৰজ্ঞাই কিশলয়ক জোকালে —‘তোমালোকেহে কোৱা দেউতাই কথা নাপাতে বুলি। আচলতে দেউতাৰ মানসিকতাৰ, দেউতাৰ বয়সৰ মানুহৰ লগত কথা পতাৰ সক্ষমতা তোমালোকৰ নায়েই।’ অভিভূত হৈছিল কিশলয়। বৃদ্ধ দেউতাকৰ উদ্ভাসিত মুখখনে তাক সুখী কৰিছিল। ... আৰু খুব বিচক্ষণতাৰে প্ৰজ্ঞাৰ লগত দেউতাকৰ আত্মীয়তাৰ সুৰুঙাৰে এটা বৈষয়িক হিচাপ মিলাই ল’ব পৰা যাব বুলি সি আশা কৰিছিল। মুখত হাঁহি থাকিলেও ভিতৰি ভিতৰি আতংকিত হৈছিল ৰুবী আৰু ঐশ্বৰ্য। কি সাংঘাতিক চালাক এই ছোৱালীজনী! বিয়াৰ আগতেই দেউতাক পতাই লৈ ...।

 যোৱাৰ আগদিনা বিভৱ বৰুৱাৰ কোঠাত খিৰিকীৰ সন্মুখত বহি আছিল দুই প্ৰজন্মৰ দুই প্ৰতিনিধি — প্ৰজ্ঞা আৰু বিভৱ বৰুৱা। তিনিটা দিন বিভৱ বৰুৱাই তেওঁৰ অতীতৰ কথা কৈছিল। আজি প্ৰজ্ঞাই নিজকে উন্মুক্ত কৰিলে — ‘বৰদেউতা, লক্ষীমপুৰ চহৰৰপৰা সাত কিলোমিটাৰ আঁতৰৰ গাঁও এখনত আমাৰ ঘৰ আছিল। মই তাতেই প্ৰাইমেৰী স্কুলত পঢ়িছিলো। কি যে অদ্ভুত আছিলো মই। মামাৰ ঘৰৰ কাষত এখন সৰু নদী আৰু পথাৰ আছিল। গাঁৱৰ গৰুবোৰ সেই পথাৰতে চৰিছিল। সন্ধিয়া পঢ়া টেবুলত বহোতে মাকক হেৰুৱাই অকলশৰীয়া হৈ হেম্বেলিয়াই থকা দামুৰীবোৰৰ দুখত মোৰ প্ৰায়ে চকুপানী ওলাইছিল।’ ছোৱালীজনীয়ে অন্যমনস্কভাৱে হাঁহিলে।‘দেউতাক ভালদৰে মনতেই নপৰে। ফটো দেখিছো। মায়ে কয় তেওঁ বোলে খুব সাহসী আৰু দৃঢ় ব্যক্তিত্বৰ মানুহ আছিল। ... সম্ভৱতঃ দেখাত তেওঁ আপোনাৰ দৰেই আছিল। ওখ, গহীন আৰু ধুনীয়া ...।’

 কি কয় এই ছোৱালীজনীয়ে! বাহিৰৰ পাতল এন্ধাৰৰপৰা বহু আগতে শুনা এটা ভাল লগা গীতৰ কলি যেন ওপঙি আহিছে বতাহত। বিভৱ বৰুৱাৰ চকুৰ কোণ দুটা সেমেকি উঠিছে।

 ‘প্ৰজ্ঞা, মাৰাৰ লগত কথা পাতি তুমি মোলৈ ফোন এটা কৰিবা। যিমান সোনকালে পাৰি বিয়াখন ...’ তেওঁ ক’ব নোৱাৰাকৈয়ে মুখৰ পৰা ওলাই আহিল। বিভৱ বৰুৱাই প্ৰজ্ঞাক কৈ গ’ল কিদৰে নিজান বাতাবৰণ এটাৰ আশাত এই পৰ্বতীয়া ঠাইখিনিত তেওঁ ঘৰ সজাইছিল। খিৰিকীৰে দৃশ্যমান হোৱা আকাশত শুকুলা ডাৱৰৰ টুকুৰা কেইটামান ওপঙি আছিল। তাৰ তলেৰে ইংৰাজী ভি আখৰটোৰ আকৃতিত এজাক চৰাই উৰি গ’ল। প্ৰজ্ঞাই মুগ্ধ হৈ চালে। আৰু তাইৰ মুগ্ধ মুখখনলৈ চাই পিতৃহীনা ছোৱালীজনীৰ প্ৰতি অপাৰ মমতাৰে বিভৱ বৰুৱাৰ মনটো ভৰি উঠিল। পিছদিনা যাবৰ বাবে সাজু হৈ ব্ৰেকফাষ্ট কৰিবলৈ বহিছিল প্ৰজ্ঞা। কিশলয়ৰ লগত দুদিন ধৰি কৰা বজাৰেৰে তাইৰ বেগ দুটা ওফন্দি পৰিছিল। বিভৱ বৰুৱাৰ ভাল লাগিছিল। কোনেও নোকোৱাকৈয়ে তেওঁ বুজি পাইছিল এই বজাৰৰ অৰ্ধাংশই প্ৰজ্ঞা-কিশলয়ৰ বিয়াৰ প্ৰস্তুতি। অৰ্থাৎ ব্যতিক্ৰমী ছোৱালীজনী খুব সোনকালেই বোৱাৰী হৈ তেওঁৰ ঘৰলৈ আহিব। ঘৰখনৰ সকলো একেলগে বহিল ব্ৰেকফাষ্টৰ বাবে। প্ৰজ্ঞা যাব বাবেই এই ব্যৱস্থা। নহ'লে ঘৰখনত সকলোৱে একেলগে কাচিহে খাবলৈ বহে। টিভিটো অন কৰি দিলে কিশলয়ে। ৰাজনীতিৰ গতানুগতিক বাতৰিৰ লগতে আন এটা বাতৰিৰ প্ৰতি

সকলো কৌতূহলী হৈ উঠিল। ন বছৰীয়া এগৰাকী কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰিলে

সম্ভৱতঃ ● ৩৯