পৃষ্ঠা:সম্ভৱতঃ.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰুবীহঁতৰ! এক কৰুণতম ঘটনাৰ শোকৰ পৰা মাংস-পোলাওৰ স্বাদলৈ সাংঘাটিক দীঘল যেন লগা এক পৰিক্ৰমা সিহঁতে কিমান সহজতে সমাপ্ত কৰিব পাৰে নিমিষতে!

 ক্ৰমশঃ তেওঁৰ নিঃসংগতা বাঢ়ি আহে। এসময়ৰ নিঃসংগতাবিলাসী মানুহজনক নিঃসংতাৰ পীড়াই এনেদৰে কাতৰ কৰিবলৈ আৰম্ভ কৰিলে যে আবেলি আবেলি তেওঁ মহানগৰীৰ মাজ মজিয়াৰ এখন উদ্যানত অকলে অকলে খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে। প্ৰেমিক- প্ৰেমিকাৰ নৈকট্য আৰু মৃদু গুঞ্জন, দোলনাত দোলায়িত শিশুৰ আহ্লাদিত কল্লোল, কোনো দম্পতীৰ সুখী অৱসৰৰ পৰিকল্পনা আদিবোৰৰ মাজে মাজে তেওঁ খোজ কাঢ়ে। চৌপাশৰ গুঞ্জৰিত শব্দবোৰৰ এটা অংশ হিচাপে তেওঁ নিজকে কল্পনা কৰি লয়। আৰু ... যেতিয়া তেওঁৰ কোনো প্ৰাক্তন ছাত্ৰ আগবাঢ়ি আহি মাত দিয়ে, ‘ছাৰ, ভালে আছেনে?’ তেওঁৰ বুকুখন ভৰি উঠে। খুব সচেতনতাৰে তেওঁ কথাৰ পাতনি মেলে। অথচ সচেতন হৈ থাকে সকলো সময়তে আনে যাতে তেওঁক কথা চহকী বুঢ়া মানুহ বুলি ভাবি ল’ব নোৱাৰে।

 দুই পুত্ৰ আৰু ডাঙৰ বোৱাৰীৰ চূড়ান্ত ব্যস্ততাৰ মাজত অধিক অৱহেলিত হয় বিভৱ বৰুৱা। ‘দেউতা, কিবা লাগিছিল নেকি?’ ‘গা ভালে আছেনে?’ আদি প্ৰশ্নবোৰেৰে সিহঁতে দায়িত্বশীল সন্তানৰ ভাও দিব বিচাৰে আৰু এনেবোৰ মুহূৰ্তত দৃঢ় ব্যক্তিত্বৰ অধ্যাপক বিভৱ বৰুৱাই অধিক গাম্ভীৰ্যৰে তেওঁৰ দৃঢ়তা আৰু সম্পূৰ্ণতাৰ কথা ঘোষণা কৰে।

 ঐশ্বৰ্য সফল ব্যৱসায়ী। ৰুবী হায়াৰ ছেকেণ্ডাৰী স্কুল এখনৰ শিক্ষয়িত্ৰী। মহানগৰীৰ মাজমজিয়াৰ মাটিখিনিত সিহঁতে এটা বিজনেছ কমপ্লেক্স সাজিব বিচাৰে। ডাঃ কিশলয় বৰুৱাৰ ইচ্ছা তাত এখন নাৰ্ছিং হোম নিৰ্মাণ কৰাৰ। কিশলয়ে বিয়া কৰিবলৈ ওলোৱা ছোৱালীজনীৰ নাম প্ৰজ্ঞা। এবছৰৰ পাছত তায়ো মেডিচিনৰ ডাক্তৰ হৈ ওলাই আহিব। তাৰ পাছতে বিয়া।

 একো সিদ্ধান্ত ল’ব পৰা নাই বিভৱ বৰুৱাই। মহানগৰীৰ দাঁতিকাষৰীয়া এই পাহাৰীয়া ঠাইখিনিত অলপ নিৰ্জনতা বিচাৰিয়েই তেওঁ ঘৰটো সজাইছিল। তেওঁৰ দুই পুত্ৰই এতিয়া ইয়াৰ পৰা উভতিব বিচাৰিছে প্ৰচণ্ড গতিশীল জনাৰণ্যৰ মধ্যৱৰ্তী স্থানলৈ।

 অব্যাহত থাকে বিভৱ বৰুৱাৰ বিয়লিৰ উদ্যান পৰিক্ৰমা। সমবয়সী দুই এজন বৃদ্ধৰ লগত তেওঁৰ অন্তৰংগতা গঢ়ি উঠে। মুখ ফুটাই কোনেও একো নক’লেও তেওঁ বুজি পায় তেওঁলোক প্ৰত্যেকেই আধুনিক জীৱনৰ ধামখুমীয়াত দিশহাৰা হৈ পৰা একো একোজন মানুহ অনভ্যস্ততাই যাক বিচ্ছিন্ন কৰি আনিছে সাম্প্ৰতিকতাৰ পৰা। জীৱন যাৰ বাবে পৰিণত হৈছে ‘অন্ত’ৰ এক অন্তহীন অপেক্ষাত। তেওঁ অনুভৱ কৰে — নিসংগতাই পীড়িত কৰা মানুহ তেওঁৰ দৰে আৰু বহু আছে, অৰ্থাৎ তেওঁ নিঃসংগ নহয়।

 কিছু পৰিৱৰ্তন আহে বিভৱ বৰুৱাৰ প্ৰাত্যহিকতালৈ। একঘেয়ামীৰ অনন্ত সময়ৰ নিসংগতাবোধ তেওঁৰ কিছু কমি আহে। বিয়লিৰ বাবে অপেক্ষাই তেওঁৰ পুৱা আৰু দুপৰবোৰক অৰ্থময় কৰি তোলে। মাটিৰ বাবে দুই পুত্ৰৰ তিক্ত সম্পৰ্ক অথবা বোৱাৰীয়েকৰ অত্যাধুনিকতাই তেওঁক গভীৰ আৰু দুখী কৰিব নোৱাৰা হয়। বিভৱ বৰুৱাই এটা সিদ্ধান্ত লয় — মহানগৰীৰ মধ্যৱৰ্তী স্থানৰ তেওঁৰ মাটি টুকুৰাত তেওঁ এটি বৃদ্ধাশ্ৰম সাজিব। উদ্যানৰ নতুন সংগী এসময়ৰ অভিযন্তা চিত্তৰঞ্জন দাসৰ লগত তেওঁ ইতিমধ্যে পৰিকল্পনা আৰম্ভ কৰি

সম্ভৱতঃ ● ৩৭