পৃষ্ঠা:সম্ভৱতঃ.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চাৰিজন যুৱকে। টিভিৰ পৰ্দাত সৰল মুখৰ এজনী কিশোৰীৰ ফটো এখন কেইছেকেণ্ডমান ফিক্সড্ হৈ থাকিল। তাৰ পাছত তেজৰ ডোঙাৰ মাজত ফুলি উঠা এটি উলংগ নাৰীদেহ। ভদ্ৰেশ্বৰে ফুলা লুচী আৰু অমলেট দি গ’ল। মহানাগৰিক ব্যস্ততাৰ অভিজাত, ক্ষিপ্ৰ ভংগিমাৰে ৰবী আৰু ঐশ্বৰ্যই লুচীত কামোৰ দিলে। ডিঙি আৰু গালত হাত ৰাখি স্তব্ধ হৈ টিভিটোলৈ চাই থকা প্ৰজ্ঞাক হাতেৰে হেঁচুকি দিলে কিশলয়ে – ‘কি চাই আছা—খোৱা। তোমাক গাড়ীত উঠাই ন বজাত মই নাৰ্চিং হোম পাবগৈ লাগিব।’

 টিভিত বিভিন্ন এংগলৰ পৰা মৃতদেহটো দেখুৱাই আছে। এগৰাকী মানুহে তেজৰ ডোঙাটোত উবুৰি খাই পৰিব খুজিছে। খালী চাহকাপো মুখলৈ নিব নোৱাৰা হ’ল বিভৱ বৰুৱাই। কিশলয়ৰ তাগিদাত প্লেটৰ ফালে হাতখন আগবঢ়াই প্ৰজ্ঞা ৰৈ গ’ল। আশা আৰু আশংকাৰে বিভৱ বৰুৱাই চাই থাকিল — তেজৰ ডোঙাটোৰ দৃশ্যানুভূতিৰ পৰা ফুলা লুচীৰ স্বাদানুভূতিলৈ

থকা দূৰত্বখিনি অতিক্ৰম কৰিবলৈ প্ৰজ্ঞাই কিমান সময় লয়!❐❐

সম্ভৱতঃ ● ৪০