পৃষ্ঠা:সম্ভৱতঃ.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে




সংগী



সাংঘটিত ধৰণে আত্মকেন্দ্ৰিক হৈ পৰিছে মানুহ। সহৃদয়তা, মমতা, ত্যাগ আদি শব্দবোৰ আধুনিক পৃথিৱীত যেন হৃদয় বজাৰৰ একো একোটা অচল টকা। গুৱাহাটীৰ মাজমজিয়াৰ মাটি কঠাৰ বাবে দুয়ো পুতেকৰ মাজৰ তিক্ত হৈ পৰা সম্পৰ্কই পুনৰ এবাৰ বিভৱ বৰুৱাক এই কথা সোঁৱৰাই দিলে। বৃদ্ধত্বই ক্ৰমশঃ নিঃসংগ কৰি তোলা এজন মানুহ বিভৱ বৰুৱা। অৱসৰপ্ৰাপ্ত অধ্যাপক। লেখা-পঢ়া, বিয়লি লনখনত অলপ খোজকঢ়া, এমাহত দুই এখন মিটিং আৰু অনন্ত অৱসৰ – তাৰ বাদে একঘেয়ামিৰ লহ লহ জিভা মেলি ৰৈ থকা সময়ৰ স্তূপটোলৈ নিৰ্বাক, ভীত হৈ চাই থাকে তেওঁ। অথচ স্বভাৱতেই তেওঁ আছিল নিঃসংগতাপ্ৰিয়। যাৰ বাবে তেওঁৰ বন্ধুৰ সংখ্যা সীমিত, নিকটাত্মীয়ৰ লগত সম্পৰ্ক কম, যাৰ বাবে তেওঁ মাজে মাজে অহংকাৰ আৰু কঠোৰতাৰ মুখা পিন্ধিবলৈও কুণ্ঠাবোধ কৰা নাছিল – সেই নিঃসংগতাপ্ৰিয় স্বভাৱেই যে এসময়ত বুমেৰাং হৈ তেওঁৰ বাবে ব্যাখ্যাহীন এক সুতীব্ৰ যন্ত্ৰণাৰ উৎস হৈ পৰিব তেওঁ কোনোদিনেই অনুমান কৰিব পৰা নাছিল।

 নিস্তব্ধ দুপৰীয়া। খিৰিকিৰ সমুখলৈ চকীখন টানি আনি বহি পৰিল বিভৱ বৰুৱা। হাতত দৈনিক কাকত। একাপ চাহ লৈ পৰিয়ালৰ পুৰণা বনকৰা মানুহ ভদ্ৰেশ্বৰ সোমাই আহিল। এটা সংগৰ বাবে কাতৰ হৈ আছিল বিভৱ বৰুৱা। হৃদয়ৰ চাৰিওটা কোঠাতে উপচি পৰা ৰিক্ততাখিনি নিশ্চয় কমাব পাৰিব অলপ কথোপকথনে, অলপ স্বতঃস্ফূৰ্ত, আন্তৰিক কথোপকথনে! ‘ভদ্ৰেশ্বৰ’ তেওঁ লাহেকৈ মাতিলে। ‘বহচোন। অলপ কথা পাতো।’ চকুদুটা ডাঙৰ হৈ গ’ল ভদ্ৰেশ্বৰৰ। এইখন ঘৰত কাম কৰাৰ তাৰ পাঁচ বছৰৰো বেছি দিন হ’ল। বিভৱ বৰুৱাৰ এনে এটা অনুৰোধ ভদ্ৰেশ্বৰৰ বাবে সঁচায়ে আশ্চৰ্যকৰ। মুঢ়া এটাত অলপ আঁতৰি তলমূৰকৈ বহি পৰিল সি। ‘তই যে কৈছিলি পাগলাদিয়াৰ পাৰৰ আওহতীয়া গাঁও এখনত তোৰ ঘৰ – তোৰ ঘৰখন কেনেকুৱা আছিলনো?’ হে ভগৱান, মানুহজনৰ নিশ্চয় গা-

চা বেয়া। নহ'লেনো এনে সময়ত এনেবোৰ কথা ...
সম্ভৱতঃ ● ৩৫