পৃষ্ঠা:সম্ভৱতঃ.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ‘মানে... মানে... মানে ...’ ঘেঁহাবলৈ ধৰিলে ভদ্ৰেশ্বৰে। অভিজ্ঞ অধ্যাপক আছিল বিভৱ বৰুৱা। এটা প্ৰশ্নৰ উত্তৰতে ছাত্ৰৰ মেধা আৰু দুৰ্বলতা ধৰি পেলোৱাৰ ক্ষমতা তেওঁৰ আছিল। ভদ্ৰেশ্বৰৰ বিব্ৰত আৰু অসহায় মুখখনলৈ চাই তেওঁৰ মায়া হ’ল। সি ঘেঁহাই থাকোতেই তেওঁ তাক যাবলৈ দিলে। সুদীৰ্ঘ দিন ধৰি নিজকে খুব সযতনে আনৰ পৰা বিচ্ছিন্ন কৰি ৰাখিছে তেওঁ। এতিয়া তেওঁ ইচ্ছা কৰিলেই সেই অভেদ্য আৱৰণ ভেদ কৰি যিকোনো লোক তেওঁৰ অন্তৰংগ হৈ পৰিব নিশ্চয় নোৱাৰে। জীৱনৰ অন্তিম সময়লৈকে নোৱাৰিলে অদিতিয়েও। অদিতি তেওঁতকৈ বহু বছৰৰ সৰু তেওঁৰ পত্নী যাৰ মৃত্যু হৈছে দুটা মাত্ৰ বছৰৰ আগেয়ে। বিভৱ বৰুৱাই মাজে মাজে ভাবে – অদিতি যদিহে জীয়াই থাকিলহেঁতেন তেওঁৰ নিস্তৰংগ জীৱনটোত নিশ্চয় ভালপোৱা আৰু দায়িত্ববোধৰ কিছু বুদ্বুদৰ উদ্ভৱ হ’লহেঁতেন। প্ৰাচুৰ্যৰ মাজতো ক’ৰবাত সাংঘাতিক ধৰণে হয়তো শূন্য হৈ আছিল অদিতি — তেওঁৰ আজিকালি এনে লাগে কেতিয়াবা। অতীতলৈ যেতিয়া উভতি চায়, মাকৰ আঁচলৰ উমখিনি বাদ দিলে যিগৰাকী মানুহ তেওঁৰ নিচেই কাষত আছিল যেন বোধ হয়, তেৱেঁই আছিল অদিতি। অথচ তেৱোঁ যে দূৰত আছিল কিমান!

 খিৰিকীৰ জড় ফ্ৰেমৰ বাহিৰত নিস্তেজ হৈ আহিছে ৰ’দ জলমল এটা দিন। কংক্ৰীটৰ অৰণ্যৰ কাষৰীয়া নদীখনৰ দিশৰ পৰা এচাটি শীতল বতাহ বৈ আহিছে। বিভৱ বৰুৱাই কাণ উনালে। কথা কৈছে নেকি বতাহজাকে ... ক’ৰ পৰা ভাঁহি আহিছে ৰিণি ৰিণি এক নিফুট স্বৰ ...দুটি শিশুৰ কলকলনি ...। ‘ঐশ্বৰ্য’ আৰু ‘কিশলয়’! আজিকালি কেতিয়াবা এনে হয়। দূৰ অতীতত যাপন কৰি অহা জীৱনৰ কোনো কোনো অংশ সোঁৱৰণীৰ অটল গভীৰৰ পৰা উঠি আহি বৰ্তমানৰ লগত মিলি যায়। তেওঁ নিজৰ লগত কথা পাতে। কেতিয়াবা শিশু ঐশ্বৰ্য আৰু কিশলয়ৰ থুনুক-থানাক মাতবোৰে তেওঁৰ কৰ্ণকুহৰত বনফৰিঙৰ দৰে জপিয়াই থাকে।

 ১৫ আগষ্ট। ঐশ্বৰ্যৰ জন্মদিন। ঘৰতে সৰুকৈ ৰুবীয়ে এটা পাৰ্টী দিছিল। বিশাল ড্ৰয়িং ৰুমত ৰুবী আৰু ঐশ্বৰ্যৰ গেষ্টবোৰৰ লগত অনিচ্ছা সত্ত্বেও কিছু সময় পাৰ কৰিবলগীয়া হৈছিল বিভৱ বৰুৱাই। এটা নিৰ্দিষ্ট সময়ত কোনোবাই বাতৰি চাওঁ বুলি টিভিটো অন কৰি দিলে। ধেমাজিত স্বাধীনতা দিবস উদযাপন কৰি থাকোতেই প্ৰচণ্ড এটা বিস্ফোৰণ হ'ল। বিস্ফোৰণৰ ঘটনাটো সম্পাদনা নকৰাকৈয়ে সম্প্ৰচাৰ কৰিছিল স্থানীয় চেনেল এটাই। স্বাভাৱিকতে সকলোৰে দৃষ্টি টিভিৰ ওপৰত নিবদ্ধ হ’ল। দৌৰি থকা মানুহবোৰ, ছিন্ন ভিন্ন শিশুৰ শৰীৰ ...। ‘উস’ ‘আস’ আদি শব্দবোৰ তুলাৰ দৰে কোঠাটোত ওপবিলৈ ধৰিলে। কোনোবাই চৰকাৰক, আন কোনোবাই আলফাক সমালোচনা কৰিলে আৰু এসময়ত টিভিৰ পৰ্দাত মানুহৰ কান্দোন আৰু শিশুৰ খণ্ড-বিখণ্ড শৰীৰৰ তেজৰ ডোঙা সমুখত লৈয়েই মাংস পোলাওৰ লগত ব্যস্ত হৈ পৰিল বিভৱ বৰুৱাৰ পুত্ৰৰ প্ৰজন্ম।

 ‘আঃ ৰুবী। তুমি কি সুন্দৰ চিকেন বনাইছা। ঐশ্বৰ্যলৈ ঈৰ্ষাই লাগে।’

 ‘জহা চাউলৰ পোলও সুন্দৰ হৈছে দেই।’

 ‘চাওঁ — মটৰ পনীৰৰ তৰকাৰীখন এইফালে দিয়াচোন।’ দুৱাৰ বন্ধ কৰি নিজৰ কোঠাত সোমাইছিল বিভৱ বৰুৱা। তেওঁৰ ভয় লাগিছিল। সাংঘাটিক ভয়। কি চমৎকাৰ হৃদয়ানুভূতি

সম্ভৱতঃ ● ৩৬