পৃষ্ঠা:সম্ভৱতঃ.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দিলে। বৃদ্ধাশ্ৰমৰ লগতে এখন স্কুল থাকিব। মহানগৰীৰ ফুটপাথ আৰু বস্তিৰ পৰা তুলি অনা কিছু শিশুক লিখা-পঢ়া শিকাব। বিভৱ বৰুৱাৰ মনত সংগোপনে এটা অভিলাস আছিল এই শিশুবোৰক আখৰৰ লগতে তেওঁ মানৱতাৰ পাঠ দিব। সিহঁতক জোনাকৰ কথা ক’ব, গছৰ জীৱনৰ কথা ক’ব। মুঠতে সমুখত মানুহৰ তেজ লৈ চিকেনৰ সোৱাদ ল’ব নোৱাৰা একো একোজন মানুহ গঢ়াৰ চেষ্টা কৰিব তেওঁ। ইতিমধ্যে চিত্তৰঞ্জন দাসৰ বন্ধু দিছপুৰৰ দুই- এজন মন্ত্ৰীৰ লগত সমগ্ৰ বিষয়টো তেওঁলোকে আলোচনা কৰিছিল। সকলোৱে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল, আন্তৰিকতাৰে।

 এনেতে এদিন প্ৰজ্ঞা আহিল। দিল্লীত পঢ়ি থকা কিশলয়ৰ বাগদত্তাই মেডিকেলৰ অন্তিমটো পৰীক্ষা দি আহিছে। গুৱাহাটীত তেওঁলোকৰ ঘৰত দুদিন থাকি লক্ষীমপুৰৰ নিজৰ ঘৰলৈ যাব। প্ৰজ্ঞাৰ কথা বহুবাৰ শুনিলেও ছোৱালীজনীক প্ৰথম দেখিলে বিভৱ বৰুৱাই। ওখ, ক্ষীণ, কৃষ্ণ বৰণৰ ছোৱালীজনীৰ সমগ্ৰ ব্যক্তিত্বত এক অপূৰ্ব সৰলতা। কোমল মুখ, শিশুৰ দৰে নিষ্পাপ চকুৰ চাৱনি। বুদ্ধিদীপ্ততা আৰু সাৰল্যৰ সংমিশ্ৰণত এক সৌন্দৰ্যময় ব্যক্তিত্ব প্ৰজ্ঞাৰ। বিভৱ বৰুৱাৰ সান্ধ্য বিহাৰৰ কিছু পূৰ্বে তেওঁৰ কোঠালৈ ছোৱালীজনীয়ে অদ্ভুত এটা প্ৰস্তাৱ লৈ সোমাই আহিল।

 ‘বৰদেউতা, কিশলয়ে কৈছে আবেলি বোলে সদায় আপুনি পাৰ্কত খোজ কাঢ়ে। আজি মোকো লগত নিবনে?’ ইতঃস্ততঃবোধ কৰিছিল বিভৱ বৰুৱাই। কিন্তু ছোৱালীজনীৰ আশাৰে তিৰ্‌বিৰ্‌ চকু দুটালৈ চাই তেওঁ সন্মতি দিলে। কিশলয় হাস্পতালৰ পৰা ওভতা নাছিল। মুহূৰ্তৰ ভিতৰতে অফ হোৱাইট চুৰিদাৰ পিন্ধি, ক’লা বেগ এটা লৈ বিভৱ বৰুৱাৰ কাষত থিয় হ’লহি প্ৰজ্ঞা। পুনৰ আচৰিত হ'ল বিভৱ বৰুৱা। প্ৰজ্ঞাহঁতৰ বয়সৰ ছোৱালীৰ প্ৰসাধনহীন মুখ আৰু এনে সাধাৰণ বেশভূষা বিৰল নহ’লেও খুব বেছিকৈও দেখা নাযায়।

 প্ৰজ্ঞাৰ বাবে সামান্য গৰ্ববোধ কৰিলে তেওঁ। মাৰুতি জেনখনত তেওঁৰ কাষতে বহিল প্ৰজ্ঞা। এই প্ৰথম প্ৰজ্ঞাহঁতৰ ঘৰৰ বিষয়ে ভালকৈ জানিলে বিভৱ বৰুৱাই। প্ৰজ্ঞাৰ দেউতাক সৰুতেই ঢুকাইছে। মাক অধ্যাপিকা। এটি ভায়েকে ইঞ্জিনীয়াৰিং পঢ়ি আছে।

 উদ্যানত চিত্তৰঞ্জন বৰুৱা তেওঁৰ বাবে ৰৈ আছিল। প্ৰজ্ঞাক লগত দেখি তেওঁ কিছু আচৰিত হৈছিল। বিভৱ বৰুৱাই চিনাকি কৰাই দিলে। স্মাৰ্ট ছোৱালীজনী খুব সহজেই দুই বৃদ্ধৰ লগত মিলি গ’ল। তেওঁলোকৰ বৃদ্ধাশ্ৰমৰ পৰিকল্পনা শুনি তাই আনন্দত জপিয়াই উঠিল। বৰদেউতা, ময়ো থাকিম আপোনালোকৰ লগত। জানেনে বন্ধৰ দিনত আমি দহ- বাৰ জনীয়া গ্ৰুপ এটা দিল্লীৰ একো একোখন ‘অল্ড-এইজ হোম’লৈ যোৱা কৰিছিলো। তেওঁলোকৰ লগত কেতিয়াবা কেৰম, লুডু খেলিছিলো আৰু কেতিয়াবা সৰু-সুৰা পিকনিকৰো আয়োজন কৰিছিলো। আমাৰ লগৰ দেবিকা ভৰদ্বাজ নামৰ ছোৱালীজনীৰ দেউতাকো ‘অল্ড- এইজ হোম’ এখনতে আছিল।... আৰু বৰদেউতা, আপোনালোকৰ ‘অল্ড-এইজ হোম’ ততো এজন ডাক্তৰ লাগিবই। মই মোৰ চাকৰি কনফাৰ্মড বুলি ধৰোনে?’ স্মাৰ্ট নাটকীয় ভং এটাত ফিক্সড্ হৈ থাকি প্ৰজ্ঞাই তেওঁলোকৰ উত্তৰৰ বাবে অপেক্ষা কৰিলে। তাইৰ সৰু

মূৰটোত মৰমেৰে টুকুৰীয়াই দিলে বিভৱ বৰুৱাই। দুদিন থাকিবৰ বাবে অহা ছোৱালীজনীক

সম্ভৱতঃ ● ৩৮