পৃষ্ঠা:সম্ভৱতঃ.pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গৰ্জন বনজ্যোৎস্নাৰ কাণত পৰিল। তাইৰ অভ্যন্তৰতো এজাক ধুমুহা বলিছিল। দুয়োজাক ধুমুহাৰ সন্মিলিত আৰাওত তাইৰ কাণত নিচুকনি গীতৰ দৰে বাজি থকা অংকুৰৰ মাতটো হেৰাই থাকিল। খেপিয়াই খেপিয়াই খিৰিকীখন বন্ধ কৰিবলৈ চেষ্টা কৰোতে বতাহে বেঁকাকৈ উৰুৱাই অনা কেইটামান বৃষ্টিকণাই বনজ্যোৎস্নাক কোবাই গ’ল। তাইৰ নীলা চকুযুৰিৰ পৰাও একে সময়তে এজাক বৰষুণ নামি আহিল।

 দুৱাৰমুখত ৰৈ মাকে চাই ৰৈছিল চকুৰ জটিল ৰোগত মাত্ৰ ন-বছৰ বয়সতে দৃষ্টি শক্তি হেৰুৱাই পোলোৱা তেওঁৰ ধুনীয়া জীয়েকলৈ।

 কেইঘন্টামানৰ আগতে মাত্ৰ জীয়েকৰ আব্বাৰ মতে শুক্ৰেশ্বৰ পাৰ্কলৈ তাইক লৈ গৈছিল তেওঁ। ডুবন্ত বেলি আৰু নদীৰ বৰ্ণনা দিছিল গুণগুণাই জীয়েকৰ কাণত।

 কিন্তু বনজ্যোৎস্নাই তেওঁৰ পোন কথাকেইটা নিজৰ মতে সজাই ইমান সুন্দৰকৈ ক’লে ফোনত কথা পতা ল’ৰাজনক! কি বা হ’ল এতিয়া – জীয়েকৰ মুখত দেখোন ওন্দোলা আকাশখন উবুৰি হৈ পৰিছে।.. বনজ্যোৎস্নাৰ মাকৰ চকুত থকা আকাশখনো ওন্দোলি উঠিল, এই যেন বৰষুণ সৰিব।

 পৰিশিষ্টঃ প্ৰিয় পাঠক, বনজ্যোৎস্নাৰ কাহিনী আপুনি শুনিলে। আহকচোন এতিয়া অংকুৰৰ ওচৰলৈ যাওঁ। আচলতে কৈশোৰ অতিক্ৰম কৰা যুৱক-যুৱতীহালৰ মগ্ন সান্ধ্য আলাপৰ মই সাক্ষী আছিলো। এডভেঞ্চাৰপ্ৰিয় অংকুৰক এবাৰ দেখা পাবলৈ মোৰো তীব্ৰ হেঁপাহ জাগিছিল। সেয়া দেখিছেনে – ছবিৰ দৰে ধুনীয়া ঘৰ এটাৰ বেলকনিত মৰম লগা ল’ৰা এজন বহি আছে। কৈশোৰে মেলানি মগাৰ পাছতো ল’ৰাটোৰ মুখত লাগি ৰৈছে কৈশোৰৰ নিষ্কলুষ সাৰল্যৰ আভা-। তেৱেই অংকুৰ। ঘৰৰ সন্মুখৰ পাহাৰীয়া পথটোত দীঘল হৈ পৰিছে পাইনৰ ছাঁ। তাৰ সিপাৰৰ সমতল ঠাইখিনিত কেইজনমান কিশোৰে ফুটবল খেলিছে। তাৰ মাজৰে সেই যে ৰঙা স্পৰ্টিং আৰু ক'লা হাফপেন্ট পিন্ধা চটফটীয়া ল’ৰাজন — সি ৰিকু, অংকুৰৰ ভায়েক।

 ঘূৰণীয়া বলটোৰ পাছে পাছে ৰিকুৰ দুভৰি দৌৰি আছে। স্বচ্ছন্দ সেই দুভৰিলৈ চাই বাৰে বাৰে কিৰিলিয়াই উঠিছে অংকুৰে।

 সেয়া — বিপক্ষক আৰু এটা গ’ল দিলে ৰিকুয়ে। আনন্দত হাত জোকাৰি বহি থকাতে দুলিবলৈ ধৰিছে অংকুৰ। এজুম ল’ৰাই ৰিকুক দাঙি ধৰিছে। অংকুৰলৈ চাই হাত জোকাৰিছে ৰিকুৱে।

 .....এসময়ত পাইনৰ দীঘল ছাঁবোৰৰ অৱয়ৱ আৰু দীঘল আৰু অস্পষ্ট হৈ আহিল। ল’ৰাজাকে খেল সামৰাৰ যো-জা কৰিলে।

 অলপ পাছতে ৰিকু আহি অংকুৰৰ কাষত থিয় দিলেহি।

 ‘খেল চালা দাদা?

 ‘অ’। তুমি এনেদৰে খেলিলে সোনকালেই ষ্টেটৰ হৈ খেলিবলৈ চাঞ্চ পাবা।

 ‘লনলৈ যাবা?’ ৰিকুয়ে সুধিলে।

 ‘যাম’। অংকুৰে কাষতে আউজাই থোৱা কিবা এটালৈ হাত মেলিলে।

 প্ৰিয় পাঠক, পাতল এন্ধাৰৰ মাজতো মই স্পষ্টভাৱে দেখা পালো বেলকনিৰ

সম্ভৱতঃ ● ১০৪