পৃষ্ঠা:সম্ভৱতঃ.pdf/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ঠাই চাইছা?’

 ‘ওঁহো।’

 ‘গুৱাহাটীৰ বহু ঠাই অৱশ্যে মই ফুৰা নাই। কামাখ্যা, কলাক্ষেত্ৰ বালাজিলৈ গৈছো। পাপাই কয় – শুক্ৰেশ্বৰ ঘাটৰ পৰা লুইতত সুৰ্যাক্ত চাই বোলে বৰ ভাল লাগে। তুমি নিশ্চয় চাইছা। পাপাই উমানন্দৰ কথাও বৰকৈ কয়। সোণালী বান্দৰে তাত বোলে হাতৰ পৰা বিস্কুট থপিয়াই খায়।.…..... আৰু কামাখ্যা মন্দিৰৰ পৰা ওপৰলৈ ভুৱনেশ্বৰী নামৰ এটা মন্দিৰ আছে......’

 পিছৰ কথাখিনি ক্ৰমশঃ অস্পষ্ট হৈ আহিছে। লুইতৰ বুকুত বেলি ডুব যোৱাৰ দৃশ্যটো মনত পেলাবলৈ বনজ্যোৎস্নাই আপ্ৰাণ চেষ্টা কৰিছে। সিহঁতৰ ঘৰৰ পিছফালৰ টিলাটোৰ ওপৰত সৰুতে জুমপাতি খেলিছিল সিহঁতে। কেতিয়াবা এন্ধাৰ হোৱাৰ সময়লৈকে টিলাটোৰ ওপৰৰ শিল এচটাত বহি বন্দনা আৰু তাই গান গাইছিল। লুইতলৈ, লুইতৰ বোঁৱতি পানীত প্ৰতিবিম্বিত বেলিটোলৈ কেতিয়াবা ৰ-লাগি গইছিলনে তাই! পোহৰ আৰু এন্ধাৰৰ নিজস্ব ৰং, ঘনত্ব আৰু আবেদন বনজ্যোৎস্নাৰ মনত 'মাছে, কিন্তু সূৰ্যাস্ত .......তাইৰ খুব আফচোচ হ’ল। কিয় এবাৰো সুৰ্যাস্তৰ সৌন্দৰ্য উপভোগ নকৰিলে তাই!

 পিছদিনা অংকুৰৰ ফোন আহোতে বহুখিনি সজীৱ বনজ্যোৎস্না। তাইৰ মাতত পাৰ বাগৰি যোৱা উলাহৰ ঢৌ।

 ‘এইমাত্ৰ শুক্ৰেশ্বৰ পাৰ্কৰ পৰা উভতি আহিলো অংকুৰ। বহুদিনৰ পাছত তুমি কোৱাৰ বাবেই সুৰ্যাস্ত চাবৰ বাবে তালৈ গৈছিলো। সঁচায়ে অপূৰ্ব। ...... আকাশত ডাৱৰ আছিল। নদীৰ সোঁত আৰু ডাৱৰৰ চপৰাবোৰৰ পিঠি কমলাবুলীয়া কৰি তুলিছিল মাৰ যাব খোজা বেলিয়ে। ........ ডুবাৰ সময়ত নদীৰ বুকুত ওলমি থকা মস্ত ৰঙা কাঁহী এখন যেন হয় বেলিটো। আৰু জানানে – বেলি ডুবাৰ পাছতো অলপ সময়লৈ আকাশখন সোণালী হৈ থাকে। সেই সোণালী ৰং প্ৰতিবিম্বিত হয় নদীৰ বুকুত। অপূৰ্ব!’

 ‘এদিন তোমাৰ লগত সুৰ্যাস্ত চাম বনজ্যোৎস্না। বহু বছৰৰ পাছত —। এনেকুৱা সময়বোৰত আচলতে কিছু এড্‌ভেঞ্চাৰ থাকিলে ভাল হয়। ধৰি লোৱা মস্ত বগা ঘোঁৰা এটা ঢেঁকুৰাই মই তোমাক অৰণ্যৰ লুংলুঙীয়া বাট এটাৰে নদীৰ তীৰলৈ লৈ গ’লো। ....... নদীৰ ওপৰত এখন দলং ....... দলঙৰ খুটাত ঘোঁৰাটো বান্ধি থৈ আমি দলঙৰ ওপৰত উঠিলো। ....... নৈ পৰীয়া বতাহে আমাক চুই যাব। বতাহৰ সোঁ-সোঁৱনি আৰু নদীৰ নিজস্ব শব্দৰ মাজত দলঙৰ ৰেলিঙত আউজি আমি বাট চাই ৰ’ম বেলি ডুবা পৰলৈ.........।’

 ‘সেয়া কেতিয়াও হৈ নুঠিব অংকুৰ।’ .......বেদনাৰে ভাৰাক্ৰান্ত হৈ উঠিল বনজ্যোৎস্নাৰ কণ্ঠ।

 ‘হয়তো নহ’ব’। হঠাতে হতাশগ্ৰস্ত হৈ পৰিল অংকুৰো।

 ‘তথাপি ভাবি ভাল লাগে নহয় নে? বাৰু বনজ্যোৎস্না, এদিন তুমি মোৰ বাবেই উমানন্দলৈ যাবা আৰু মোক সোণালী বান্দৰৰ কথা ক’বা। ক’বা নে? তোমাৰ চকুৰেই ম‍ই উমানন্দ চাম।’

 বাহিৰত বতাহ বলি আছিল। ক্ৰমশঃ তীব্ৰ হৈ আহিছিল বতাহৰ গতি। মেঘৰ

সম্ভৱতঃ ● ১০৩