পৃষ্ঠা:সম্ভৱতঃ.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে


শূন্যতাৰ স্বপ্ন গাথা



“........আৰু পাইনৰ সেউজীয়াৰ মাজে মাজে দৌৰি ফুৰাৰ কি যে আমেজ বনজ্যোৎস্না! ফট ফটীয়া ৰাতিপুৱাবোৰত পাহাৰীয়া ৰাস্তাৰে আমি দৌৰি ফুৰো। মই আৰু ৰিকু – ৰিকুৰ কথা কৈছোতা তোমাক — মোৰ ভাইটি। সদায়ে আমাৰ মাজত কম্পিটিচন হয় আমাৰ ঘৰৰ কাষৰ কেঁকুৰিটোৰ পৰা দৌৰি কোনে প্ৰথমে বাৰ্নছ চাহাবে কৰি থৈ যোৱা আপেলৰ বাগানৰ কাষ পাবগৈ পাৰো।’

 ‘তুমি দৌৰি খুব ভাল পোৱা, নহয়নে?’

 ‘হয়তো পাওঁ, মই খুব ভাল ফুটবলো খেলিব পাৰোঁ জানানে? ঘূৰণীয়া বলটোৰ পাছে পাছে দৌৰি ইয়াক নিজৰ নিয়ন্ত্ৰণলৈ অনা কামটোত সুকীয়া মজা আছে। ই কৰ্চৰ কিতাপৰ দৰেই এটা অধ্যয়ন কৰিবলগীয়া বিষয়।’

 ‘বাহ! বৰ ধুনীয়াকৈ কথা ক’ব জানা তুমি।’

 ‘আৰু পাহাৰ বগোৱাতো মোৰ ভীষণ চখ জানানে! চাবা মই এদিন নামজ্বলা পৰ্বতাৰোহী হ’ম। এতিয়ালৈকে অৱশ্যে মই হিমালয়লৈ যোৱা নাই। কিন্তু পাপাই কৈছে বি এ ফাইনেল দিয়াৰ পাছত মই ইচ্ছা কৰিলে আমাৰ ইয়াত থকা ‘এক্সপ্ল'ৰেচন ফাষ্ট’ নামৰ ক্লাবটোত যোগ দিব পাৰিম। এই ক্লাবৰ পৰা প্ৰত্যেক বছৰতে হিমালয়ৰ যিকোনো শৃংগলৈ অভিযান উলিওৱা হয় -।’

 ম’বাইল ফোনৰ মাজেৰে অনৰ্গল ভাহি আহি থাকিল অংকুৰ নামৰ ল’ৰাজনৰ উৎসাহ ভৰা মাতটো। সি কৈ গ’ল পৃথিৱীৰ আটাইতকৈ উচ্চ পৰ্বত শিখৰত থিয় দি আকাশ অভিমুখে দুবাহু প্ৰসাৰিত কৰাৰ কথা, তাৰ স্বপ্ন আৰু উড়ন্ত হেপাঁহৰ বৰ্ণিল পৃথিৱীখনৰ কথা।

 .....আৰু মুগ্ধ শ্ৰোতা বনজ্যোৎস্না।

 সন্ধ্যাৰ এই নিৰিবিলি সময়খিনি ক্ৰমশঃ তাইৰ বাবে একান্ত আকাংক্ষাৰ হৈ পৰিছে। ঘৰুৱা শিক্ষকজনৰ সৈতে বিৰক্তিদায়ক দুঘন্টা সময় অতিবাহিত কৰাৰ পাছত নিজৰ কোঠাৰ খিৰিকীৰ কাষত বহি ৰয় বনজ্যোৎস্না। এটা শূন্যতাৰ স্বপ্ন গাথা নিৰ্দিষ্ট সময়ত অংকুৰে ফোন কৰে। তাইৰ দুচকুত শিপা গজি বহা এন্ধাৰখিনিলৈ যেন লগে লগে এচপৰা পোহৰ বাগৰি আহে! হুমুনিয়াহ আৰু বন্ধ বায়ুৰ আৰ্তিৰে ভৰি থকা

কোঠালিটোলৈ যেন শীতল বতাহৰ বুকুৰে বগুৱাবাই সোমাই
সম্ভৱতঃ ● ১০০