পৃষ্ঠা:সম্ভৱতঃ.pdf/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আহে বহু দুৰণিৰ এটি সুৰীয়া বাহীৰ মাত!

 বনজ্যোৎস্না – অংকুৰৰ এই সম্পৰ্কৰ আৰম্ভনি হৈছিল মাত্ৰ এমাহ আগতে। অংকুৰে বন্ধু এজনৰ নম্বৰ ডায়েল কৰোতে ভুলবশতঃ বনজ্যোৎস্নাৰ ম’বাইল বাজি উঠিছিল। তাৰ পাছত দুয়ো বন্ধু হৈ পৰিল। সেৰেঙা ফোন কলবোৰ ক্ৰমশঃ সঘন হ’বলৈ ধৰিলে।...... আৰু এদিন বনজ্যোৎস্নাই অনুভৱ কৰিলে দিনটোৰ শেষৰ ঠিক আন্ধাৰ প্ৰগাঢ় হ’বলৈ ধৰা সময়খিনিত যদিহে অংকুৰে ফোন নকৰে তেনেহ’লে চৌপাশে জ্বলি উঠা হেজাৰ পোহৰেও তাইৰ বুকুৰ এন্ধাৰ আঁতৰাব নোৱাৰে।

 ........মই যে ইমান কথা কৈ আছো –তুমি কেৱল হা-না, বাঃ কৰি গৈছা, কিয়? তোমাৰ কথা কোৱা। নতুন কিবা –’ ফোনৰ সিটো পাৰত অংকুৰৰ আব্দাৰ মিশ্ৰিত কন্ঠ। তাৰ কণ্ঠৰ লগতে আন এক ৰিমঝিম শব্দও শুনা পালে বনজ্যোৎস্নাই।

 ‘বৰষুণ দিছে অংকুৰ?’

 ‘কেনেকৈ জানিলা?’

 ‘শব্দ শুনিছো।’

 ‘বাঃ! তুমি কম নহয় দেই। সঁচাকৈয়ে বৰষুণ দিছে। চোৱা বেলকনিত বহি সন্মুখত বৰষুণ লৈয়েই মই তোমালৈ ফোন কৰি আছো, অথচ বৰষুণ যে দিছে মোৰ হুচেই নাই। কিন্তু তুমি সিপাৰৰ পৰাই শুনা পালা বৰষুণ শব্দ।’

 ‘বৰষুণত তিতি থকা পাইন গছবোৰ কেনেকুৱা লাগিছে দেখিবলৈ অংকুৰ?’

 ‘বঢ়িয়া। হেই - হেই – বৰ আচৰিত কথা সোধা তুমি। কবিতা চবিতা লিখাৰ অভ্যাস আছে নেকি?

 খিলখিলাই হাঁহি উঠিল বনজ্যোৎস্নাই। মেঘালয়ৰ এখন চহৰৰ দাঁতিকাষৰীয়া ঠাই এখনত ছবিৰ দৰে ধুনীয়া ঘৰ এটাৰ বেলকনিত বহি থকা ধুনীয়া ল’ৰাটোৱে পাহাৰী জুৰিৰ দৰে লগা সেই হাঁহিৰ শব্দ শুনিলে আৰু হুমুনিয়াহ এৰিলে। সম্ভৱতঃ এই ধুনীয়া হাঁহিৰ গৰাকিনী তাৰ সমবয়সীয়া ছোৱালীজনীৰ লগত কেতিয়াও দেখা-দেখি নহ’ব তাৰ। অদ্ভুত এটা বিষাদে তাক চুই গ’ল।

 পাছদিনা সন্ধ্যা অংকুৰে তাইক কৈছিল নামনি অসমত থকা খুৰাকৰ ঘৰত তামোল গছ বগাই তামোল পাৰি অনাৰ বিচিত্ৰ অভিজ্ঞতাৰ কথা।

 ......আৰু সিহঁতৰ কলেজৰ এষ্টাৰ নামৰ ট্ৰাইবেল ল’ৰা এটাই ৰিকুক জোকোৱাৰ পাছত তাক আৰু লগৰ দুটাক ৰিকু আৰু অংকুৰে কেনেকৈ পিটিলে তাৰ দীঘলীয়া বিৱৰণ।

 ‘তুমি বৰ সাহসী ল’ৰা।’ বনজ্যোৎস্না।

 ‘মোৰ জানানে মাৰ্চিয়েল আৰ্ট শিকাৰো ভীষণ ইচ্ছা আছে। পাপাই নিদিয়ে। কিন্তু, লগৰ দুটাৰ পৰা মাৰ্চিয়েল আৰ্টৰ বহু কলা কৌশল মই শিকিছো।’

 সেইদিনা অংকুৰে বনজ্যোৎস্নাৰ এখন ফটো বিচাৰিলে। ইয়াৰ আগতে ই-মেইল যোগে কথা পতাৰ প্ৰসংগও উলিয়াইছিল সি। কিন্তু বনজ্যোৎস্নাৰ কম্পিউটাৰ নাই। ইন্টাৰনেট কাফেলৈ যাবলৈ অসুবিধা।

সম্ভৱতঃ ● ১০১