শোণিত কুঁৱৰী/তৃতীয় অঙ্ক, সপ্তম দৰ্শন
[ ৪৭ ]
সপ্তম দৰ্শন
(ঊষাৰ নগৰ: জোনাক নিশা এটা মুকলি কোঠাত ঊষাই আকাশৰ ফালে চাই পালঙ্কত বহি আছিল! জোনৰ পোহৰ [ ৪৮ ] আহি গোটেই ঠাইডোখৰ পোহৰাই থৈছিল। ঊষাৰ সখীয়েকহঁতে বহি ঊষাৰ মন ভাল লগাবলৈ নাম গাই আছিল। ঊষা আনমনেৰে আকাশৰ ফালে উদাস হৈ চাই আছিল। চুলিবোৰ কেঁকোৰা হৈ দুই-এডাল ঊষাৰ গালত পৰি আছিল।
সখীবোৰে গায়
অ’ সখি আহিব পিয়া
ৰূপহী জেনেৰে
কিৰণ জকেমকাই
সখীৰে চকুৰে
নিয়ৰ জকেমকাই
আমাৰে সখীয়ে
ইনাই বিনাই
বিৰহ-বেদনাতে
(লাহে লাহে চিত্ৰ হাঁহি সোমই আহে।)
চিত্ৰ: | ৰূপহ। ৰূপহ। |
(সকলো ৰয়। ঊষাই চিত্ৰক দেখি লৰ মাৰি আহি চিত্ৰক সাবট মাৰি ধৰি চুমা খায়। চিত্ৰয়ো গবা মাৰি ধৰে।)
ঊষা: | আহিলা সখী? |
চিত্ৰ: | অঁ আহিলো সখী। পিছে তোমাৰ ভালনে? |
ঊষা: | মোক আকৌ সুধিছাহে? মোৰ ভাল-বেয়া দেখোন তোমাৰ হাততেই। (চিত্ৰৰ মুখলৈ চাই থাকে) |
চিত্ৰ: | (হাঁহি) নাই, সখী মিছা হ’ল। |
ঊষা: | (কিছুপৰ থৰ লাগি ৰয়) সখী! (চকু মোহাৰে) |
চিত্ৰ: | ইহ, বৰ কান্দি দেখুৱাইছে! বেজাৰ নো থয় ক’ত! সজে সজে চকুৰ পৰা হাত গুচুৱা; তেহে— |
ঊষা: | চকুৰ পৰা হাত গুচাই। সঁচানেকি, সখী আহিছানেকি? |
চিত্ৰ: | নাইহে, নোৱাৰিলো আৰু। সেইবোৰ এৰি দিয়া |
ঊষা: | (পালেঙত বহি কাপোৰেৰে মুখ ঢাকি কান্দে তাৰ পাছত চিত্ৰই লুকুৱাই থোৱা ঠাইৰপৰা অনিৰুদ্ধক লৈ আহে। সখীবোৰ বৰ ব্যগ্ৰ হৈ অনিৰুদ্ধলৈ চাবলৈ ধৰে) |
চিত্ৰ: | ঊষা— |
(উষাই চকুৰ কাপোৰ গুচাই অনিৰুদ্ধক দেখি থৰ লাগি চায়, অনিৰুদ্ধও থৰ লাগে। চিত্ৰৰ ইঙ্গিতত আটাইবোৰ সখী তাৰপৰা গুচি যায়, চিত্ৰও গুচি যায়। ঊষাই তলমূৰ কৰে। অনিৰুদ্ধ যাওঁ নেযাওঁকৈ ঊষাৰ ওচৰলৈ যায়। ঊষাই অনিৰুদ্ধৰ ভৰিত পৰি সেৱা কৰে অনিৰুদ্ধই দুই বাহুত ধৰি তোলে। এনেতে চিত্ৰ, পত্ৰ আৰু সখীবোৰ সোমাই আহে। চিত্ৰৰ হাতত দুধাৰ মালা।)
চিত্ৰ: | দেখিছা বাৰু। (দুয়ো আঁতৰ হয়।)
বাৰু, এতিয়া এইবোৰ কৰি থাকিলে নহয়। এতিয়া তোমালোক দুয়োকে গন্ধৰ্ব প্ৰথামতে তেনেই ওচৰ চপাই দিওঁ দেই। (ঊষাৰ হাতত এধাৰ মালা দি) হোৱা, এই ধাৰ লোৱা। (অনিৰুদ্ধৰ হাতত এধাৰ দি) হোৱাঁ এই ধাৰ। ঊষা, এতিয়া তোমালোকৰ পুৰোহিত ময়েই দেই। বাৰু, এতিয়া ঊষা তুমি কুমাৰৰ ডিঙিত মালাধাৰ দি সেৱা কৰা। (ঊষাই তেনে কৰে।) কুমাৰ, তুমি মালা দিয়া। সখীবোৰে উৰুলি দিয়া। (অনিৰুদ্ধই মালা দিয়ে, সখীবোৰে উৰুলি দিয়ে) কুমাৰ, এতিয়া তুমি ঊষাৰ দুগালে দুটি চুমা খোৱা। |
(অনিৰুদ্ধই নাখাই ৰয়, চিত্ৰই দুনাই কোৱাত অলপ সঙ্কোচকৈ খায় আৰু ঊষা লাজত আঁতৰি গৈ পালেঙত কুচি-মুচি বহি মুখ ঢাকে।)
[ ৫০ ] (চিত্ৰলেখাই হাঁহি চাপৰি মাৰি নাম লগাই দিয়ে, সখীবোৰে নাচি নাচি গায়। পাছত অনিৰুদ্ধক ঊষাৰ ওচৰত চিত্ৰই বহুৱাই দিয়েগৈ।)
নাম
ৰূপহ কোঁৱৰৰ চুমা-পৰশতে
লাজুকী কুঁৱৰী মৰহি যায়।
সোণতে সুৱগা আহি সানি দিলে
গোলাপী গালতে ৰঙে চৰাই।
সপোনৰে সখা আহি দিলে দেখা
দিয়া সখী দিয়া হিয়া বিলাই।
আঁৰ-কাপোৰ
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )