শোণিত কুঁৱৰী/চতুৰ্থ অঙ্ক, প্ৰথম দৰ্শন

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

[ ৫১ ]

 

চতুৰ্থ অঙ্ক

প্ৰথম দৰ্শন

 (ঊষাৰ অন্তঃপুৰৰ এটা কোঠা। সন্ধিয়া লাগি আহিছে। অনিৰুদ্ধ আৰু ঊষাই দূৰৰ গবাক্ষ এখনৰ ওচৰত বহি সন্ধিয়াৰ দৃশ্য চাই ভোল গৈ আছিল। আন কোঠাত থকা সখীবোৰৰ বীণাৰপৰা মৃদু মৃদু ঝঙ্কাৰ আৰু সুৰ আহি কাণত পৰিছিলহি। ঊষা আৰু অনিৰুদ্ধই সেই দৃশ্য চাই নানা কথা বতৰা পাতি আছিল।)

অনিৰুদ্ধ: ঊষা, সঁচাকৈয়ে সন্ধিয়াৰ ৰ’দ পৰি তোমাৰ মুখখন কেনে সুন্দৰ হৈছে!
ঊষা: ইস্— নাই— (অনিৰুদ্ধৰ আঙুলিকেট চাই) নহয়, চোৱাচোন তোমাৰ আঙুলিকেটা কেনে লনী, কেনে সুন্দৰ— মই বৰ ভাল পাওঁ।
অনিৰুদ্ধ: বাৰু ঊষা, মই যেতিয়া প্ৰথমে তোমাৰ আগত ওলালোহি, তোমাৰ কেনে লাগিছিল?
ঊষা: (হাঁহি অনিৰুদ্ধৰ মুখলৈ চাই থাকে)
অনিৰুদ্ধ: ভাবিছিলা চাগৈ আপদটো ওলালহি—
ঊষা: ইস, ইস,—
অনিৰুদ্ধ: নহয় জানো?
ঊষা: নহয়, তোমাক দেখি মোৰ বৰ লাজ লাগিছিল। তোমাৰ কাষলৈ গৈ তোমাক সাবটি ধৰিবৰ মন গৈছিল— পিছে ভৰিয়েহে যাব নুখুজিছিল।
অনিৰুদ্ধ: বাৰু এটা কথা ঊষা, তোমাক ভগৱতীয়ে বৰ সুন্দৰ সুন্দৰ নাচোন শিকাইছিল নহয়, ক’তা মোক নেদেখুৱালা?
ঊষা: অঁ, শিকাইছিল।
অনিৰুদ্ধ: বাৰু, মোক দেখুৱাচোন।
[ ৫২ ]
ঊষা: এতিয়াইনে?
অনিৰুদ্ধ: ওঁ এতিয়াই—
ঊষা: বীণ বজাব কোনে?
অনিৰুদ্ধ: বাৰু, সেয়া বীণৰ মাত শুনিছাই নহয়— মই বাৰু হাতেৰে চাপৰি বজাই যাম—

ওঁ— ওঁ (ঊষা অলপপৰ ৰয়।)

অনিৰুদ্ধ: কি হ’ল?
ঊষা: বাৰু বাৰু নাচো।

(ঊষাই বৰ সুন্দৰকৈ লয়লাস গতিৰে ভৰি চলাই এটি নৃত্য কৰে— অনিৰুদ্ধই চাই হাঁহি হাঁহি ওচৰলৈ যায়—) এইটোকে প্ৰথমে মোক ভগৱতীয়ে শিকাইছিল—

অনিৰুদ্ধ: এনে সুন্দৰ— (ঊষাই বাধা দি)
ঊষা: বাৰু বাৰু, প্ৰশংসা কৰিব নালাগে।
অনিৰুদ্ধ: আৰু তুমি বহুতো জানা নহয়?
ঊষা: ওঁ— পাছেকৈ দেখুৱাম।
অনিৰুদ্ধ: তেন্তে তুমি আমাৰ তালৈ গ’লে তাৰ ছোৱালীবোৰক তোমাৰ এই নৃত্যবোৰ শিকাব লাগিবদেই।
ঊষা: বাৰু— বাৰু।
অনিৰুদ্ধ: (সন্ধ্যাৰ আকাশলৈ চাই) অ’ সৌৱা বেলি মাৰ যাব খুজিছে— সেইফালেই অমৰ ঘৰ— কেনে সুন্দৰ চোৱাচোন ঊষা! (ঊষাই অনিৰুদ্ধৰ ডিঙিত ধৰি সেইফালে গৈ সন্ধ্যাৰ দৃশ্য চাই থাকেগৈ। এনেতে কোঠাৰ এমূৰেদি কুঁজী সোমাই আহি ঊষাৰ সৈতে অনিৰুদ্ধক দেখি বৰ আচৰিত হয়।)
কুঁজী: (লাহে লাহে) এঁ এঁ এইটো আকৌ ক’ৰ ডেকা? কি কথা, কি বতৰা? আও বোপাই, যি ঊষাৰ অন্তেষপুৰত মাখি এটাও সোমাব নোৱাৰে— এঁ, এইটো ক’ৰ ডেকা সোমাই এইদৰে ফুচ্ ফুচ্, ফাচফাচকৈ মেল পাতি আছেহি! বৰ আচৰিত দেখোন, বৰ সাহ দেখোন। সিংহ যেন বাণ ৰজাৰ [ ৫৩ ] অন্তেষপুৰত হায় হায়, যি ভয় কৰিছিল সেয়ে হ’ল— সেয়ে ক’লে মৰিমগৈ। দিনে-ৰাতিয়ে পালিপহৰীয়াই ৰইখা নাই। তাৰ মাজতে! ভাল এই কামোৰটো মাৰিলে

(অনিৰুদ্ধক ভালকৈ চাই।)

খালে খালে, ৰজাই মোক খালে ৰজাৰ কাণ চুৱাই থওঁ!

(অনৰুদ্ধক চাই ওলাই যায়গৈ।)

 

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২০ চনত ১ জানুৱাৰী ১৯৬০ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )