ঊষা:
|
চকুৰ পৰা হাত গুচাই। সঁচানেকি, সখী আহিছানেকি?
|
চিত্ৰ:
|
নাইহে, নোৱাৰিলো আৰু। সেইবোৰ এৰি দিয়া
|
ঊষা:
|
(পালেঙত বহি কাপোৰেৰে মুখ ঢাকি কান্দে তাৰ পাছত চিত্ৰই লুকুৱাই থোৱা ঠাইৰপৰা অনিৰুদ্ধক লৈ আহে। সখীবোৰ বৰ ব্যগ্ৰ হৈ অনিৰুদ্ধলৈ চাবলৈ ধৰে)
|
(উষাই চকুৰ কাপোৰ গুচাই অনিৰুদ্ধক দেখি থৰ লাগি চায়, অনিৰুদ্ধও থৰ লাগে। চিত্ৰৰ ইঙ্গিতত আটাইবোৰ সখী তাৰপৰা গুচি যায়, চিত্ৰও গুচি যায়। ঊষাই তলমূৰ কৰে। অনিৰুদ্ধ যাওঁ নেযাওঁকৈ ঊষাৰ ওচৰলৈ যায়। ঊষাই অনিৰুদ্ধৰ ভৰিত পৰি সেৱা কৰে অনিৰুদ্ধই দুই বাহুত ধৰি তোলে। এনেতে চিত্ৰ, পত্ৰ আৰু সখীবোৰ সোমাই আহে। চিত্ৰৰ হাতত দুধাৰ মালা।)
চিত্ৰ:
|
দেখিছা বাৰু। (দুয়ো আঁতৰ হয়।)
বাৰু, এতিয়া এইবোৰ কৰি থাকিলে নহয়। এতিয়া তোমালোক দুয়োকে গন্ধৰ্ব প্ৰথামতে তেনেই ওচৰ চপাই দিওঁ দেই। (ঊষাৰ হাতত এধাৰ মালা দি) হোৱা, এই ধাৰ লোৱা। (অনিৰুদ্ধৰ হাতত এধাৰ দি) হোৱাঁ এই ধাৰ। ঊষা, এতিয়া
তোমালোকৰ পুৰোহিত ময়েই দেই। বাৰু, এতিয়া ঊষা তুমি কুমাৰৰ ডিঙিত মালাধাৰ দি সেৱা কৰা। (ঊষাই তেনে কৰে।) কুমাৰ, তুমি মালা দিয়া। সখীবোৰে উৰুলি দিয়া। (অনিৰুদ্ধই মালা দিয়ে, সখীবোৰে উৰুলি দিয়ে) কুমাৰ, এতিয়া তুমি ঊষাৰ দুগালে দুটি চুমা খোৱা।
|
(অনিৰুদ্ধই নাখাই ৰয়, চিত্ৰই দুনাই কোৱাত অলপ সঙ্কোচকৈ খায় আৰু ঊষা লাজত আঁতৰি গৈ পালেঙত কুচি-মুচি বহি মুখ ঢাকে।)