পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/৫৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

৪৭

ধৰে, বাসন্তীৰ তুলিৰ বৰণত যেতিয়া গছ-পাত লতাবোৰে আত্মসমৰ্পণ কৰি ন যৌৱনৰ লাজুকী আভা ফুটাই পুৱাৰ কোমল কিৰণতে উৱঁলি পৰিব খোজে সেই সৌন্দৰ্য তুমি মন কৰিছানে?

অনিৰুদ্ধ: ইমান? ইমান? চিত্ৰ চিত্ৰ তোমাৰ বৰ্ণনাত মই বিয়াকুল— লৈ বলা, লৈ বলা— এবাৰ চাওঁগৈ মই— এই বিশ্বসংসাৰত সিঁচৰতি হৈ থকা বিৰাট সৌন্দৰ্য য’ত একে ঠাইতে থূপ খাই আছে। মই বিশ্ব-সংসাৰৰ সৌন্দৰ্য— সেই বিশ্ববিজয়ী সুন্দৰীৰ অধৰ চুমি—
চিত্ৰ: ৰ’বা— তুমি মন কৰিছানে?
অনিৰুদ্ধ: আৰু এই সৌন্দৰ্যকে মই সাবটি ধৰিব পৰা নাই— চিত্ৰ— মোৰ আগত তুমি সৌন্দৰ্যৰ অনন্ত সমুদ্ৰ মুকলি কৰি দিছা— তাৰ পাৰ আৰু নাইকিয়া হ’বলা!
চিত্ৰ: হিমালয় তুষাৰে ঢকা টিঙ যি ৰেখাত নলিম আকাশৰ সৈতে মিলো-মিলোকৈ লীন যাব খুজিছে, তাত যেতিয়া অস্তাচলৰ সূৰুষৰ শেষ কিৰণৰ ৰেখা এটা আহি পৰি সেই অতুল সৌন্দৰ্যত ৰং চৰাই লাহে লাহে মাৰ গৈ এবাৰ নীলা; এবাৰ ৰঙা, এবাৰ হেঙুলীয়া বৰণত পৰিণত হ’ব খোজো খোজো কৰে, সেই সৌন্দৰ্য ঊষাৰ সৌন্দৰ্যৰ সৈতে সেই ৰূপৰ লক্ষ যোজনাৰ আঁতৰত—
অনিৰুদ্ধ: চিত্ৰ— চিত্ৰ— মোৰ আৰু কল্পনাৰে সেই সৌন্দৰ্য ভাবিব পৰা নাই— মোৰ চকুৰ আগত সৌন্দৰ্য আহি মোৰ দৃষ্টি ধুলি-কুঁৱলি কৰি দিছে— মোক লৈ বলা— লৈ বলা— মই চাওঁগৈ— চাওঁগৈ।

 (চিত্ৰই লাহে লাহে কুমাৰক হাতত ধৰি লৈ যায়— কুমাৰ এখোজ-দুখেজকৈ ওলাই যায়! অনিৰুদ্ধ একেবাৰে মুগ্ধ। তন্ময়।)

 


 

সপ্তম দৰ্শন

 (ঊষাৰ নগৰ: জোনাক নিশা এটা মুকলি কোঠাত ঊষাই আকাশৰ ফালে চাই পালঙ্কত বহি আছিল! জোনৰ পোহৰ