পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৫০

 (চিত্ৰলেখাই হাঁহি চাপৰি মাৰি নাম লগাই দিয়ে, সখীবোৰে নাচি নাচি গায়। পাছত অনিৰুদ্ধক ঊষাৰ ওচৰত চিত্ৰই বহুৱাই দিয়েগৈ।)

নাম

ৰূপহ কোঁৱৰৰ চুমা-পৰশতে
 লাজুকী কুঁৱৰী মৰহি যায়।
সোণতে সুৱগা আহি সানি দিলে
 গোলাপী গালতে ৰঙে চৰাই।
সপোনৰে সখা আহি দিলে দেখা
 দিয়া সখী দিয়া হিয়া বিলাই।

 

আঁৰ-কাপোৰ