এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
আহি গোটেই ঠাইডোখৰ পোহৰাই থৈছিল। ঊষাৰ সখীয়েকহঁতে বহি ঊষাৰ মন ভাল লগাবলৈ নাম গাই আছিল। ঊষা আনমনেৰে আকাশৰ ফালে উদাস হৈ চাই আছিল। চুলিবোৰ কেঁকোৰা হৈ দুই-এডাল ঊষাৰ গালত পৰি আছিল।
সখীবোৰে গায়
অ’ সখি আহিব পিয়া
ৰূপহী জেনেৰে
কিৰণ জকেমকাই
বিৰিখৰ পাততে
আহিব পিয়া
সখীৰে চকুৰে
নিয়ৰ জকেমকাই
লাৱণী গালতে
আহিব পিয়া
আমাৰে সখীয়ে
ইনাই বিনাই
বিৰহ-বেদনাতে
মিলন বাসনাতে
আহিব পিয়া
(লাহে লাহে চিত্ৰ হাঁহি সোমই আহে।)
চিত্ৰ: | ৰূপহ। ৰূপহ। |
(সকলো ৰয়। ঊষাই চিত্ৰক দেখি লৰ মাৰি আহি চিত্ৰক সাবট মাৰি ধৰি চুমা খায়। চিত্ৰয়ো গবা মাৰি ধৰে।)
ঊষা: | আহিলা সখী? |
চিত্ৰ: | অঁ আহিলো সখী। পিছে তোমাৰ ভালনে? |
ঊষা: | মোক আকৌ সুধিছাহে? মোৰ ভাল-বেয়া দেখোন তোমাৰ হাততেই। (চিত্ৰৰ মুখলৈ চাই থাকে) |
চিত্ৰ: | (হাঁহি) নাই, সখী মিছা হ’ল। |
ঊষা: | (কিছুপৰ থৰ লাগি ৰয়) সখী! (চকু মোহাৰে) |
চিত্ৰ: | ইহ, বৰ কান্দি দেখুৱাইছে! বেজাৰ নো থয় ক’ত! সজে সজে চকুৰ পৰা হাত গুচুৱা; তেহে— |